Awareness campaign against drugs: তিনিচুকীয়াত আয়োজন ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

By

Published : Dec 13, 2022, 5:06 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

তিনিচুকীয়া সাংবাদিক চ’ৰা আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে মঙলবাৰে আয়োজন কৰা হয় ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সভা (Awareness meeting against drugs in Tinsukia) ৷ যুৱ প্ৰজন্মৰ মাজত মাৰাত্মক ৰূপ ধাৰণ কৰা ড্ৰাগছৰ বিৰুদ্ধে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিচুকীয়াৰ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ আয়োজন কৰা হয় উক্ত সজাগতা সভাৰ ৷ এই সভাত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰিবলৈ সমল ব্যক্তি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড৹ বিভূতি কাকতিৰ লগতে এইড্‌ছ নিয়ন্ত্ৰণ সমিতিৰ তিনিচুকীয়া জিলাৰ সমন্বয়ক আবুল আলী আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকা উপস্থিত থাকে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.