Ambulance crashed in Barpeta: ৰোগী আনি থকাৰ অৱস্থাতে এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত, আহত তিনিগৰাকী

By

Published : Jan 10, 2023, 9:31 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

বৰপেটাৰোডৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত সোমবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in Barpeta road) ৷ হোজাইৰ মজিবুৰ ৰহমান নামৰক লোকজনে তেওঁৰ পিতৃ মাতৃক কলকাতাত চিকিৎসা কৰাই WB 25J 6408 নম্বৰৰ এখন এম্বুলেঞ্চেৰে হোজাইৰ নিজ গৃহাভিমুখে আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ এম্বুলেন্সখন 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি বৰপেটাৰোডৰ কলহভাঙ্গা আহি পোৱাৰ সময়তে একেদিশৰ পৰা আহি থকা AS 01EK 5931 নম্বৰৰ এখন ক্ৰেনে হঠাৎ মূলপথৰ মাজতে দিশ সলাই দিয়ে ৷ ফলত ৰোগী কঢ়িওৱা তীব্ৰবেগী এম্বুলেন্স বাহনখনৰ চালকে এম্বুলেন্সখন নিয়ন্ত্ৰণ কৰিব নোৱাৰি ক্ৰেনখনত খুন্দা মাৰে ৷ ফলত এম্বুলেন্সখন মূলপথৰ পৰা ছিটিকি দ খাৱৈত বাগৰি পৰে ৷ এম্বুলেন্সত থকা ৰোগী আব্দুল মালেক, ছালেহা খাতুন সহ পুত্ৰ মজিবুৰ ৰহমান গুৰুতৰভাৱে আহত হয় (Ambulance carrying patients crashed in Barpeta)৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় লোক আৰু সাংবাদিকৰ দলৰ তৎপৰতাত 108 বাহনেৰে ততাতৈয়াকৈ গুৰুতৰভাৱে আহত তিনিওকে বৰপেটাৰোড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Barpeta road hospital)৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.