Divyang Mancha Assam: দীনদয়াল দিব্যাংগ যোজনাক অৰুণোদয় আঁচনিৰে সংলগ্নৰ বিৰোধিতা

By

Published : Nov 30, 2022, 1:57 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰাজ্যত পুনৰ নতুনকৈ দহ লাখতকৈ অধিক হিতাধিকাৰীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি । এই হিতাধিকাৰীৰে সংলগ্ন কৰা হ'ব দীনদয়াল দিব্যাংগ যোজনা (Deen Dayal Divyang Yojana) । শিলচৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে দিব্যাংগ মঞ্চ অসম (Reaction of Divyang Mancha Assam on Cabinet decision) । নলবাৰীত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চেমিম আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো কাৰণতে এই সিদ্ধান্ত মানি লোৱা ন'হব বুলি চৰকাৰক সঁকীয়াই দিয়ে (Divyang Mancha Assam warn govt) । চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে ৰাজপথ কপোৱা হ'ব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে । লগতে চৰকাৰে দিব্যাংগসকলক পদপথৰ ভিক্ষাৰী কৰিব বিচৰা বুলি ক্ষোভ প্ৰকাশ কৰে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.