ETV Bharat / sukhibhava

Teeth care: দাঁতৰ শিৰশিৰনিৰ পৰা ৰক্ষা পোৱাৰ উপায় কি ? জনালে দন্ত চিকিৎসক ডাঃ দিলীপ সেথিয়াই

author img

By

Published : Aug 8, 2023, 10:54 PM IST

দাঁতত এনামেল নামৰ এক প্ৰকাৰৰ উপাদান থাকে । যেতিয়া এই পদাৰ্থটো ক্ষয় হয় তেতিয়া দাঁতৰ ভিতৰত থকা স্নায়ুবোৰ দুৰ্বল হৈ পৰে । যাৰ বাবে দাঁতৰ শিৰশিৰনি হ’ব পাৰে । যাৰ ফলত ঠাণ্ডা বা গৰম খাদ্য খালে স্নায়ুবোৰৰ সংস্পৰ্শলৈ আহে, দাঁতবোৰ জঠৰ হৈ পৰে । এই শিৰশিৰনি পৰা কেনেদৰে ৰক্ষা পাব পাৰিব জনালে দন্ত চিকিৎসক ডাঃ দিলীপ সেথিয়াই ।

Teeth care
দাঁতৰ শিৰশিৰনিৰ পৰা ৰক্ষা পোৱাৰ উপায় কি

দাঁতৰ শিৰশিৰনিৰ পৰা ৰক্ষা পোৱাৰ উপায় কি

দাঁতৰ শিৰশিৰনি কিয় হয় ?

গৰম বা ঠাণ্ডা বস্তু খালে বহুলোকৰ দাঁতত শিৰশিৰনিৰ অনুভৱ হয় । চিকিৎসকৰ মতে, দুটা কাৰণত এই শিৰশিৰনি হ’ব পাৰে । দাঁত আৰু আলুৰ মাজত থকা অংশত যদি খোৱা বস্তু সোমাই তেতিয়া এই সমস্যা হ'ব পাৰে । কাৰণ খোৱা বস্তুৰ অংশ দাঁতৰ মাজত বেছি সময় সোমাই থাকিলে সেয়া পাথৰলৈ ৰূপান্তৰিত হয় । দাঁতৰ মাজত পাথৰ হ’লে দাঁতৰ আলু ফুলি যায় । যাৰ ফলত গৰম বা ঠাণ্ডা খাদ্য খালে দাঁতত শিৰশিৰনিৰ অনুভৱ হয় । আনহাতে টুথপেষ্ট বা টুথব্ৰাছৰ কাৰণেও এই সমস্যাৰ সৃষ্টি হ'ব পাৰে ।

দাঁতৰ শিৰশিৰনিৰ পৰা ৰক্ষা পোৱাৰ উপায় কি ?

সদায় মধ্যয়মীয়া আৰু পাতল ধৰণৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব লাগে । বজাৰত উপলব্ধ সকলো ধৰণৰ টুথব্ৰাছ দাঁতৰ বাবে উপযোগী নহয় । আনহাতে সদায় দাঁত ওপৰৰ পৰা তললৈ ঘূৰণীয়া ভাৱে মাজিব লাগে । লগতে ভাল ধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে । সদায় খোৱাৰ পিছত দাঁত চাফা কৰিব লাগে ।

দাঁত ভালে ৰাখিবলৈ কি কি কৰিব লাগে ?

১) দাঁত ভালে ৰাখিবলৈ হলে সদায় ব্ৰাছ কৰাটো প্ৰয়োজনীয় । দিনত পাৰিলে দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে ।

২) বছৰত দুবাৰকৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় ।

৩) শিৰশিৰনিৰ সমস্যা সৃষ্টি হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লব লাগে ।

৪) দাঁত পোকে খালে যদি তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰে তেন্তে দাঁতৰ মাজত পোকে খোৱা অংশত গাঁতৰ সৃষ্টি হয়,আৰু তাত খোৱা বস্তু সোমালে দাঁতৰ বিষ হ'ব পাৰে । সেয়ে এনে সমস্যা হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।

এনেধৰনে যত্ন ল’লে আপুনি দাঁতৰ বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব পাৰিব ।

লগতে পঢ়ক: Skin care Tips: গ্ৰীষ্মকালত কেনেদৰে ল'ব ছালৰ যতন ? জনালে সৌন্দৰ্য বিশেষজ্ঞ ড৹ মধুমিতা শইকীয়াই

লগতে পঢ়ক: Health Tips: যদি হৰম’ন হয় সুখী তেতিয়াহে শৰীৰ হ’ব ফিট, ইয়াৰ বাবে দৈনিক খাওক এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.