ETV Bharat / sukhibhava

Skin care Tips: গ্ৰীষ্মকালত কেনেদৰে ল'ব ছালৰ যতন ? জনালে সৌন্দৰ্য বিশেষজ্ঞ ড৹ মধুমিতা শইকীয়াই

author img

By

Published : Aug 8, 2023, 12:31 PM IST

সৌন্দৰ্য চৰ্চা বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ বিষয় । ধুনীয়া হ’বলৈ কোনেনো নিবিচাৰে ? আপুনি মই আমি সকলোৱেটো বিচাৰোঁ । এক প্ৰকাৰে ক’বলৈ গ’লে আমি প্ৰত্যেকেই সৌন্দৰ্যপ্ৰেমী । সেয়েহে প্ৰত্যেকেই কম বেছি পৰিমাণে সৌন্দৰ্যচৰ্চা কৰো । বিশেষকৈ গৰমৰ সময়ছোৱাত আমাৰ ছালখনক বিশেষ যত্নৰ প্ৰয়োজন হয় ৷ সেয়েহে এই সময়ছোৱাত আমি আমাৰ ছালখনৰ কিদৰে ঘৰুৱা পদ্ধতিৰে যত্ন ল’ব পাৰো জনালে সৌন্দৰ্য বিশেষজ্ঞ ড৹ মধুমিতা শইকীয়াই ।

Skin care
গ্ৰীষ্মকালত কেনেদৰে ল'ব ছালৰ যতন

গ্ৰীষ্মকালত কেনেদৰে ল'ব ছালৰ যতন

গৰমৰ সময়চোৱাত ছালৰ যত্ন অকমান বেছিকৈ লোৱাটো প্ৰয়োজনীয় ৷ সেয়েহে এই সময়ছোৱাত ভাল খাদ্য গ্ৰহণ কৰাটো খুবেই জৰুৰী ৷ গৰমৰ সময়ছোৱাত আমাৰ ছালখনক বিশেষ যত্নৰ প্ৰয়োজন হয় ৷ সেয়েহে এই সময়ছোৱাত আমি আমাৰ ছালখনৰ কিদৰে ঘৰুৱা পদ্ধতিৰে যত্ন ল’ব পাৰো সৌন্দৰ্য বিশেষজ্ঞ ড৹ মধুমিতা শইকীয়াৰ পৰা জানি লওক আহক ।

গৰমৰ সময়ছোৱাত ছালখন ভালে ৰাখিবলৈ সতেজ ফল-মূল খোৱাটো খুবেই প্ৰয়োজনীয় ৷ লগতে ফল-মূলৰ দ্বাৰাও ছালৰ যতন ল'ব লাগে ৷ চাউল, আটা আদিৰেও আপোনাৰ ছালৰ যতন ল’ব পাৰে ৷ চাউলৰ গুৰি ছালত লগালেও গৰমৰ পৰা হ’ব পৰা ছালৰ সমস্যাৰ পৰা বহু পৰিমানে সকাহ পাব পাৰি ৷ দৈ-কল-চাউলৰ গুৰি মিহলি কৰি মুখত লগাব পাৰিলে ছাল উজ্জ্বল হয় ৷ ঠিক তেনেদৰে চাউলৰ গুৰিৰ লগত আম, প্লাম আদি মিহলাই লগাব পাৰে ৷ যদিহে কোনো লোকৰ শালমইনাৰ সমস্যা থাকে তেন্তে নিমৰ ফেচ পেকেৰে আপুনি আপোনাৰ ছালৰ যতন ল’ব পাৰে ৷

গৰমৰ দিনত সদায় ছালখন চাফা কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ গ্লিচাৰিন যুক্ত চাবোন ব্যৱহাৰ কৰিলে ছালত হোৱা দ্বীপ টেনিংৰ পৰা ৰক্ষা পাব পাৰি ৷ গৰমৰ দিনত কটনৰ কাপোৰ পৰিধান কৰিব লাগে ৷ ইয়াৰোপৰি প্ৰচুৰ পৰিমাণে পানী, ফল-মূলৰ ৰসৰ লগতেই নেমুপানী খাব লাগে ৷ নেমু পানী ছালৰ বাবে যথেষ্ট উপকাৰী ৷ গৰমৰ দিনকেইটা ঘৰত পৰা বাহিৰলৈ যাওঁতে এটা ছাতি লৈহে ঘৰৰ পৰা বাহিৰলৈ যাব ৷ ছাতি ব্যৱহাৰ কৰিলে বহুপৰিমাণে চান টেনিংৰ পৰা ৰক্ষা পাব পাৰি ৷

ৰাসায়নিক দ্ৰব্য ব্যৱহাৰে ছালৰ অপকাৰ সাধন কৰে ৷ এই দ্ৰব্য ব্যৱহাৰে ছালত কলা দাগ পৰাৰ লগতেই সোনকালে বয়সৰ চাপ পৰে ৷ ৰাতি সদায় সোনকালে শুব লাগে ৷ টোপনি সু-স্বাস্থ্যৰ পক্ষে অতি প্ৰয়োজনীয় ৷ টোপনি ভাল হ’লে ছালখনো ভাল হৈ থাকে ৷ তাৰোপৰি ৰাতিপুৱা সোনকালে উঠিব লাগে ৷ কাৰণ ৰাতিপুৱাৰ যিটো অক্সিজেন সেইটো ছালৰ বাবে ভাল ৷ এনেদৰেই আপুনি আপোনাৰ ছালৰ যতন ললে বহু পৰিমাণে উপকৃত হ'ব পাৰিব ৷

লগতে পঢ়ক: Health Tips: যদি হৰম’ন হয় সুখী তেতিয়াহে শৰীৰ হ’ব ফিট, ইয়াৰ বাবে দৈনিক খাওক এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.