ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 29, 2022, 1:04 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Violence in live in relationships: এবছৰত দিল্লীত ৰুজু সহবাসৰ সৈতে জড়িত 560 টা হিংসাৰ গোচৰ

ইটিভি ভাৰতৰ তদন্তত প্ৰকাশ পাইছে যে, যোৱা বছৰ দিল্লী আৰক্ষীক সহবাসৰ সৈতে জড়িত 560 টা হিংসাৰ গোচৰ ৰুজু হৈছে (Violence in live in relationships) । আমোদজনকভাৱে সেই সকলোবোৰ গোচৰতে দেশৰ উত্তৰ-পূৱ অঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছিল ভুক্তভোগীসকল । এই ধাৰাক লৈ ইটিভি ভাৰতৰ আগত খেদ প্ৰকাশ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুৱে (Exclusive interview with IPS Robin Hibu)৷

Ragging in AMCH: ৰেগিঙৰ বাবে বহিষ্কাৰ AMCH ৰ দুজন ছাত্ৰক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ পোহৰলৈ আহিছে AMCHৰ ভয়ংকৰ ৰেগিং কাণ্ড (After Dibrugarh University, AMCH ragging incident) ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰে AMCH ৰ দুজন ছাত্ৰক ৷ ৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ দুই ছাত্ৰক ৷

Journalist died in road accident: অচিনাক্ত বাহনৰ খুন্দাত নিহত তিনিগৰাকী সাংবাদিক

মধ্য প্ৰদেশৰ ভূপাল-বিদিশা পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Vidisha road accident) ৷ এখন অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত তিনিজন সাংবাদিক (three journalist died in road accident)।

Ragging incident in Assam: ৰেগিং কাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দোষাৰোপ অংকিতা দত্তৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Ragging incident in Dibrugarh University)। ঘটনাৰ লগত জড়িত ছাত্ৰৰ ওপৰত কঠোৰ শাস্তিৰ দাবী তোলাৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে । সোমবাৰে নিশা আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন অৱস্থাত থকা ছাত্ৰ আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লয় যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ এটা সঁজাতি দলে (Youth Congress President Ankita Dutta)।

Police firing in Nagaon: ৰূপহীহাটৰ যুৱকক গুলীওৱা প্ৰসংগত ভুল স্বীকাৰ আৰক্ষী অধীক্ষকৰ

ৰূপহীহাটত যুৱকক গুলীওৱা প্ৰসংগ: ভুল স্বীকাৰ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই ৷ ভুলবশতঃ নগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল ৰাজিবুল হক (Police firing in Nagaon) ৷

PM Kisan scheme in Assam: পি এম কিষাণ আঁচনি ৰূপায়ণত ব্য়াপক অনিয়ম ফাদিল ন্যায়ালয়ত

অসমত প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation of irregularities in PM Kisan Nidhi)। আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সামাজিক সংগঠনে এই সন্দৰ্ভত দাকিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়য়ে জগৰীয়া চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ ।

Opium Smuggler arrested: অসম নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ কানিসহ আটক সৰবৰাহকাৰী

আজি পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত ডীলাই তিনিআলিত চলিছিল আৰক্ষীৰ এক অভিযান ৷ অভিযানকালত এখন ট্ৰাকৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ কানি (Narcotic Seized in Karbi Anglong) ৷ লগতে দুই সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে(Opium Smuggler arrested in Karbi Anglong) ৷

Drugs Peddler arrested: চামগুৰি আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

চামগুৰি আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ অভিযান কালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী (Drugs Peddler arrested in Samaguri) ৷

Dibrugarh ragging case: আনন্দ শৰ্মাৰ এখন পত্ৰই উদঙালে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰকৃত ৰূপ

১৭ নৱেম্বৰতেই ৰেগিঙৰ আতিশয্য সহিব নোৱাৰি আনন্দ শৰ্মাই হোষ্টেল ৱাৰ্ডেনলৈ প্ৰেৰণ কৰিছিল অভিযোগ পত্ৰ (Dibrugarh ragging victims old complaint letter to warden) ৷ কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আনন্দ শৰ্মাৰ অভিযোগ পত্ৰক প্ৰদান নকৰিলে কোনো গুৰুত্ব ৷

TAYPA react on Ragging at DU: ৰেগিঙত জড়িতক কঠোৰ শাস্তি প্ৰদানৰ দাবী টাইপাৰ

ৰেগিঙৰ ঘটনাই জোঁকাৰিছে উচ্চ শিক্ষাৰ ভেঁটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক (Ragging incident at Dibrugarh University) ৷ কেইজনমান উদণ্ড ছাত্ৰই কালিমা সানিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত । উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে (Reactions across the Assam)। ৰাজ্য কঁপাই যোৱা এই ৰেগিং কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় নেতৃত্বই (TAYPA react on Ragging in Dibrugarh University) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.