ETV Bharat / bharat

Violence in live in relationships: এবছৰত দিল্লীত ৰুজু সহবাসৰ সৈতে জড়িত 560 টা হিংসাৰ গোচৰ

author img

By

Published : Nov 29, 2022, 11:17 AM IST

ইটিভি ভাৰতৰ তদন্তত প্ৰকাশ পাইছে যে, যোৱা বছৰ দিল্লী আৰক্ষীক সহবাসৰ সৈতে জড়িত 560 টা হিংসাৰ গোচৰ ৰুজু হৈছে (Violence in live in relationships) । আমোদজনকভাৱে সেই সকলোবোৰ গোচৰতে দেশৰ উত্তৰ-পূৱ অঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছিল ভুক্তভোগীসকল । এই ধাৰাক লৈ ইটিভি ভাৰতৰ আগত খেদ প্ৰকাশ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুৱে (Exclusive interview with IPS Robin Hibu)৷

Exclusive interview with IPS Robin Hibu
live in relationships in Delhi

New Delhi: দেশৰ ৰাজধানীত শ্ৰদ্ধা ৱালকাৰ নামৰ যুৱতীগৰাকীক নিৰ্মমভাৱে হত্যাকৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এনে বহু কেইটা ঘটনা পোহৰলৈ আহিছে ৷ শ্ৰদ্ধাৰ সৈতে সহবাস কৰা তেওঁৰ প্ৰেমিক আফতাব আমিন পুনাৱাল্লাই সংঘটিত কৰিছিল এই লোমহৰ্ষক কাণ্ড ৷ 35 টুকুৰাকৈ যুৱতীগৰাকীক কাটি ফ্ৰীজত ভৰাই থৈছিল মাংসপিণ্ডবোৰ ৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ডই সহবাসৰ সম্পৰ্কক লৈ থকা বহুকেইটা ঘটনা আৰু এনে সম্পৰ্কৰ সমস্যাৱলী পোহৰলৈ আনিছে (Shradha murder live in relation Northeast)। ইটিভি ভাৰতৰ তদন্তত প্ৰকাশ পাইছে যে যোৱা বছৰ দিল্লী আৰক্ষীৰ ওচৰত এনে সম্পৰ্কৰ সৈতে জড়িত ৫৬০টা হিংসাৰ গোচৰ ৰুজু হৈছে (Live in relationships in Delhi)।

আশ্চৰ্যজনকভাৱে সেই সকলোবোৰ গোচৰতে ভুক্তভোগীসকল আছিল দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা যোৱা (Northeast victims in Delhi) । বহু ক্ষেত্ৰত প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত হৈ সকলো ধৰণৰ শোষণৰ সন্মুখীন হ’বলগীয়া হৈছিল যুৱতী । এনেধৰণৰ গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুৰ এক আছুতীয়া সাক্ষাৎ গ্ৰহণ কৰিছে ইটিভি ভাৰতৰ সাংবাদিক গৌতম দেৱৰয়ে (Exclusive interview with IPS Robin Hibu) ।

এবছৰত দিল্লীত ৰুজু সহবাসৰ সৈতে জড়িত 560 টা হিংসাৰ গোচৰ

আৰক্ষী বিষয়া হিবুৱে কয়, "মই কোনো মৰেল পুলিচিং কৰা নাই । সকলোৰে নিজৰ ইচ্ছামতে জীয়াই থকাৰ অধিকাৰ আছে । কিন্তু উত্তৰ-পূর্বাঞ্চলৰ এজন জ্যেষ্ঠ ভাই হিচাপে বিবাহৰ পবিত্রতা অবিহনে এই ধৰণৰ সহবাস মানি নলওঁ" ৷ তেওঁ কয় যে মেট্ৰ’চিটিত কাম কৰা বা অধ্যয়নৰত যুৱক-যুৱতীসকলৰ পৰা অভিভাৱকসকল বহু দূৰত থাকে ।

"আপোনালোকক কোনেও চাই থকা নাই । কিন্তু আপোনাৰ নিজৰ নৈতিক সংস্কাৰ আছে আৰু আপুনি সেইটো অনুসৰণ কৰিব লাগিব । প্ৰেমত পৰাত কোনো দোষ নাই, কিন্তু মই মাথোঁ ক'ম যে আপুনি যিকোনো সম্পৰ্কত সোমোৱাৰ আগতে জানি ল'ব লাগিব যে যিজন ল'ৰা বা যিগৰাকী ছোৱালীৰ লগত প্ৰেমত পৰিছে তেওঁৰ আপোনাৰ জীৱন সংগী হ'বলৈ সকলো উপাদান আছে নে নাই" হিবুৱে লগতে কয় ৷

তথ্য অনুসৰি আফতাব ড্ৰাগছৰ প্ৰতি আসক্ত আছিল আৰু শ্ৰদ্ধাক প্ৰায়ে প্ৰহাৰ কৰিছিল ৷ তথাপিও শ্ৰদ্ধা অজ্ঞাত কাৰণত তেওঁৰ লগত আছিল ৷ হিবুৱে কয়, "এজন পুৰুষ ড্ৰাগছ আসক্ত নেকি বা তেওঁৰ আন কোনো প্ৰেমিকা আছে নেকি সেই বিষয়ে উত্তৰ-পূৱৰ ছোৱালীবোৰে কোনো সম্পৰ্ক গঢ়ি তোলাৰ আগতে জানিব লাগিব । আমাৰ ইমানবোৰ গোচৰ আছে য’ত যুৱক-যুৱতীৰ ভিতৰত বেছিভাগ ছোৱালীৱেই প্ৰতাৰিত হৈছে’’ ৷ সহবাসৰ সম্পৰ্কৰ ধাৰাটোক লৈ এক ডাঙৰ চিন্তাৰ সৃষ্টি হৈছে বুলি তেওঁ দোহাৰে (Delhi Sradha murder case)৷

যুৱক-যুৱতী, বিশেষকৈ ছোৱালীক "ধূৰ্ত প্ৰেমিক"ৰ চিকাৰ হ'বলৈ বাধ্য কৰা কাৰকসমূহৰ বিষয়ে কোৱাৰ সময়ত হিবুৱে কয়, "উত্তৰ-পূৱৰ কোনোবা ছোৱালীৰ জন্মদিন হ'লে ল'ৰাটোৱে মাজনিশালৈকে সাৰ পাই থাকিব আৰু তাইক শুভেচ্ছা জনাব।" উত্তৰ-পূবৰ মানুহবোৰ সাধাৰণতে সৰল আৰু বিশ্বাস কৰে যে গোটেই পৃথিৱীখনেই ভাল ঠাই তথা সকলোৱেই তেওঁলোকৰ দৰে’’ (Northeast people in Delhi) ৷

প্ৰতি বছৰে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে উচ্চ শিক্ষা বা উন্নত কেৰিয়াৰৰ সুযোগৰ সপোন পূৰণৰ বাবে দিল্লী আৰু অন্যান্য মেট্ৰ’লৈ প্ৰব্ৰজন কৰে। বিষয়াগৰাকীয়ে কয় যে, "উত্তৰ-পূৱৰ পৰা ব্যাপক প্ৰব্ৰজন হৈছে । যিহেতু আমাৰ ঘৰত বহুত সুযোগ নাই, সেয়েহে তেওঁলোকে বৃহৎ চহৰৰ দিশে আগবাঢ়িছে । বহু যুৱক-যুৱতীয়ে অসংগঠিত ব্যক্তিগত খণ্ডৰ লগত জড়িত হৈ পৰে য'ত তেওঁলোক প্ৰায়ে যাতনাৰ বলি হয়" ৷

পৰিসংখ্যাই দেখুৱাইছে যে, ২০২১ চনত উত্তৰ-পূৱৰ আই এ এছৰ আকাংক্ষী, স্পা আদিত কাম কৰা ছোৱালী, এয়াৰ হোষ্টেজকে ধৰি ১৬ গৰাকী যুৱক-যুৱতীয়ে আত্মহত্যা কছিল । হিবুৱে কয় যে, উত্তৰ-পূৱৰ লোকসকলৰ বাবে ভাষা প্ৰায়ে বাধা হৈ পৰে ।

"বহু যুৱক-যুৱতী ভাষাৰ প্ৰতি সচেতন নহয় আৰু নিজকে খাপ খুৱাব নোৱাৰে । মই অনুভৱ কৰোঁ যে, দক্ষতা প্ৰশিক্ষণ ভাল হোৱাৰ প্ৰয়োজন । ইংৰাজী, হিন্দী আদি কিছুমান বাধ্যতামূলক ভাষা শিক্ষণ কাৰ্যসূচী থাকিব লাগে," হিবুৱে কয় ৷ ৰবিন হিবুৰ এক পদক্ষেপৰ পিছতে চৰকাৰে দিল্লী আৰক্ষীত উত্তৰ-পূৱ কোষ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে সাক্ষাৎটোৰ পৰা ।

হিবুৱে লগতে কয়, "আচলতে সকলো চহৰতে এতিয়া আমাৰ উত্তৰ-পূৱৰ হেল্পলাইন (১০৯৩) আছে । আমি উত্তৰ-পূবৰ পৰা নিযুক্তিৰ কাম চলাইছো আৰু বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানীত উত্তৰ-পূবৰ পৰা ২০০০ ল'ৰা-ছোৱালী আছে" ৷

উল্লেখ্য যে, উত্তৰ-পূৱৰ পৰা গৈ ভাষা, শাৰীৰিক অৱয়ৱ, ভৌগলিক অৱস্থান আদিৰ বাবে প্ৰায়ে ইতিকিং আৰু হিংসাৰ বলি হ’ব লগা হয় যুৱক-যুৱতী ৷ এনে খবৰ প্ৰায়ে শুনা বা দেখা যায় ৷ সেয়ে আৰক্ষী বিষয়াগৰাকীয়ে তেওঁলোকক অধিক সতৰ্ক হোৱাৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক : Dismembered body found inside fridge: পত্নী-পুত্ৰই দহ টুকুৰাকৈ কাটি ফ্ৰীজত ভৰাই থৈছিল অঞ্জন দাসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.