ETV Bharat / bharat

Journalist died in road accident: অচিনাক্ত বাহনৰ খুন্দাত নিহত তিনিগৰাকী সাংবাদিক

author img

By

Published : Nov 29, 2022, 12:05 PM IST

মধ্য প্ৰদেশৰ ভূপাল-বিদিশা পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Vidisha road accident) ৷ এখন অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত তিনিজন সাংবাদিক (three journalist died in road accident)।

Journalist died in road accident
Journalist died in road accident

নিউজ ডেস্ক, 29 নৱেম্বৰ: মধ্যপ্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনিগৰাকী সাংবাদিক (Journalists death in Bhopal accident) ৷ ৰাজ্যখনৰ বিদিশা চহৰৰ চালামপুৰ থানাৰ অন্তৰ্গত ভূপাল-বিদিশা পথৰ লংবাখেড়াত যোৱা নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ বিদিশা প্ৰেছ ক্লাৱৰ সভাপতি ৰাজেশ শৰ্মা আৰু আন দুগৰাকী সহযোগী সাংবাদিকে প্ৰাণ হেৰুৱাই এই দুৰ্ঘটনাত (Journalist died in Bhopal road incident) ৷ এখন অচিনাক্ত বাহনৰ খুন্দাত সাংবাদিককেইজনৰ মৃত্যু হয় ৷

এই দুৰ্ঘটনাৰ ফলত সমগ্ৰ বিদিশা চহৰতে শোকৰ ছাঁ পৰিছে ৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইটাৰযোগে সাংবাদিক কেইজনৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তিনিওগৰাকী মৃত সাংবাদিকৰ পৰিয়াললৈ 4 লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰে ৷

  • दिवंगत श्री राजेश शर्मा जी, श्री सुनील शर्मा जी और श्री नरेंद्र दीक्षित जी का परिवार स्वयं को अकेला न समझें, दुःख की इस घड़ी में हम सब शोकाकुल परिवार के साथ हैं।

    राज्य सरकार की ओर से मृतकों के परिजनों को 4-4 लाख रुपए सहायता राशि प्रदान की जायेगी।

    — Shivraj Singh Chouhan (@ChouhanShivraj) November 29, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আৰক্ষীয়ে জনোৱা মতে, তিনিওগৰাকী সাংবাদিকে MP 40 MN 8640 নম্বৰৰ বাইকখনেৰে ভূপালৰ পৰা বিদিশা চহৰ অভিমুখে গৈ আছিল ৷ লাংবাখেড়াত এটা কেঁকুৰি ঘূৰিবলৈ লওঁতেই এখন বাহনে বাইকখনত খুন্দা মৰাত দূৰৈত চিটিকি পৰে তিনিওজন ৷ ফলত তেওঁলোকৰ ঘটনাস্থলীতে মৃত্যু হয় (journalists killed in Bhopal road accident) ৷ মৃত সাংবাদিক তিনিজন ক্ৰমে ৰাজেশ শৰ্মা, সুনীল শৰ্মা আৰু নৰেন্দ্ৰ দীক্ষিত ৷

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনাত দুখ প্ৰকাশ কৰি টুইটাৰত উল্লেখ কৰে যে, বিদিশা প্ৰেছ ক্লাৱৰ সভাপতি ৰাজেশ শৰ্মা, সহযোগী সাংবাদিক সুনীল শৰ্মা আৰু নৰেন্দ্ৰ দীক্ষিত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰাৰ দুখৰ খবৰ লাভ কৰিছোঁ ৷ বিদেহ আত্মাক সদগতি আৰু পৰিয়ালৰ সদস্যক এই গভীৰ দুখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে । ওম শান্তি’’ ।

  • ईश्वर से दिवंगत आत्माओं की शांति के लिए प्रार्थना करता हूं।

    ।। ॐ शांति ।।

    — Shivraj Singh Chouhan (@ChouhanShivraj) November 29, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে লগতে কয়, "প্ৰয়াত ৰাজেশ শৰ্মা, সুনীল শৰ্মা আৰু নৰেন্দ্ৰ দীক্ষিতৰ পৰিয়ালে নিজকে অকলশৰীয়া বুলি নাভাবিব, এই শোকৰ সময়ত আমি সকলোৱে শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে আছোঁ । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়ালক 4 লাখকৈ টকা সাহায্য হিচাপে দিয়া হ’ব’’ ৷

লগতে পঢ়ক: Violence in live in relationships: এবছৰত দিল্লীত ৰুজু সহবাসৰ সৈতে জড়িত 560 টা হিংসাৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.