ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Nov 8, 2022, 4:56 PM IST

top-10-at-5pm
5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ

DAC poll 2022: নাৰায়ণপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ভোট গ্ৰহণ প্ৰক্ৰিয়াত বিসংগতি সৃষ্টি হোৱাৰ অভিযোগ (Violation during DAC poll) ৷ বিজেপিৰ হৈ প্ৰিজাইডিং অফিচাৰে কাম কৰাৰ অভিযোগ ৷ পুনৰ নতুনকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী উত্তেজিত ৰাইজৰ ৷

Lok Sabha Election 2024 : কংগ্ৰেছৰ দখলত থকা সমষ্টি উদ্ধাৰৰ দায়িত্বত নিয়োজিত কিৰেণ ৰিজিজু

দখলত নথকা সমষ্টি নিজৰ অধীনলৈ অনাৰ ব্যাপক প্ৰস্তুতি বিজেপিৰ (Lok Sabha election strategy of BJP) । দুজন প্রভাৰী থকাৰ পাছতো অসমৰ তিনিটা সমষ্টিৰ দায়িত্ব দিয়া হৈছে কিৰেণ ৰিজিজুক । লোকসভাৰ তিনিটা সমষ্টিত দুর্বল বুথসমূহক শক্তিশালী কৰিবলৈ ৰাজ্যসভাৰ তিনিগৰাকী সাংসদ থকাৰ পাছতো কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক দিয়া হৈছে দায়িত্ব । আগন্তুক নির্বাচনত বিজেপিয়ে কোনো ৰিক্স ল'ব বিচৰা নাই । আগবাঢ়িছে অতি পৰিকল্পিতভাৱে ।

MLA Amiya Bhuyan: বিধায়ক অমিয় ভূঞাক পহুখেদা সমষ্টিবাসী মহিলাৰ

বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাক পহুখেদা দিলে মহিলাই (Women angry with Bihpuria MLA)৷ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ(DAC election 2022) নিৰ্বাচনৰ দিনটোতে আজি নাৰায়ণপুৰৰ ১৯ নং কিনাপথাৰ সমষ্টিত উপস্থিত হোৱা বিধায়কগৰাকীৰ বিৰুদ্ধে ধন বিতৰণৰ অভিযোগ উত্থাপন কৰি একাংশ মহিলাই চোঁচা লয় বিধায়কগৰাকীৰ বাহনলৈ (Allegation against MLA Amiya Bhuyan)৷ ইয়াৰ পাছতে উক্ত স্থান ত্যাগ কৰে বিধায়কগৰাকীয়ে ৷

Tragic Accident in Sivasagar : শিৱসাগৰৰ দিচাং নদীত সন্ধানহীন ২ যুৱক

শিৱসাগৰৰ দিচাংমুখত ৰাস পূৰ্ণিমাৰ দিনাই অঘটন (tragic accident in Sivasagar) । দুজন চফল ডেকা ডুব যায় দিচাং নদীত (Two youth drown in dichang river) । এজনৰ ঘৰ শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত আৰু আনজন যুৱকৰ ঘৰ মুম্বাইত । আজি দিনত ৰাস পূৰ্ণিমা উপলক্ষে ৰাজ ৰয় সিং (১৮), তেওঁৰ ভগ্নী আৰু ফেইজ খান (২০) নামৰ যুৱক-যুৱতীকেইজন দিচাংমুখৰ দিচাং নদীৰ ষঠপূজা ঘাটত গা ধুবলৈ যোৱাৰ লগতে দিচাংমুখলৈ ফুৰিব গৈছিল (Incident on Ras Purnima at Disangmukh in Sivasagar) ।

Negligence of postal peon : ডাক পিয়নৰ দুষ্কাৰ্য, বস্তা ভৰ্তি আধাৰ কাৰ্ড পেলাই দিলে পুখুৰীত

ধুবুৰীত ডাক পিয়নৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ (Protest against postal peon in Dhubri)। ৰাইজক বিতৰণ নকৰাকৈয়ে আধাৰ কাৰ্ড পানীত পেলাই দিবলৈ নিৰ্দেশ দিলে ডাক পিয়নে । ৰাইজে হাত-লোটে ধৰিলে এজনক ।

LK Advani Birthday : আডৱানিৰ বাসগৃহলৈ গৈ জন্মদিনৰ শুভেচ্ছা মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আডৱানিৰ বাসগৃহলৈ গৈ ৯৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে (LK Advani 95th birthday) ।

Blast at Duliajan: দুলীয়াজানত ভয়ংকৰ বিস্ফোৰণত এজন যুৱকৰ মৃত্যু

দুলীয়াজানত সংঘটিত ভয়ংকৰ বিস্ফোৰণত এজন যুৱকৰ মৃত্যু ৷ নিহত যুৱকজনৰ নাম ঋতুৰাজ মেচ (Blast at Duliajan)৷

Kaliabhomora Marathon: শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়া ভোমোৰা মাৰাথন দৌৰ

কলিয়াবৰত মাধ্যম আন্দোলনৰ পঞ্চম গৰাকী শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ (Martyr Narendra Nath Mahanta) সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে শ্বহীদ দিৱসৰ আয়োজন ৷ দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো আয়োজন কৰা হয় অসমৰ ক্ৰীড়া জগতৰ অন্যতম পুৰণি দীৰ্ঘ দূৰত্বৰ মাৰাথন দৌৰ প্ৰতিযোগিতাখন ৷ অসম ভিত্তিত অনুষ্ঠিত হোৱা কলিয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে শতাধিক প্ৰতিযোগীয়ে ।

Allegations of wheat flour scam: মাধৱপুৰ সমবায়ৰ বিৰুদ্ধে আটা কেলেংকাৰিৰ অভিযোগ

নগাঁও জিলাৰ মাধৱপুৰ সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে আটা কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against Madhabpur Cooperative Society)। কামপুৰৰ কেইগৰাকীমান সচেতন লোকে এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰিছে (Allegations of flour scam at Madhabpur)। অভিযোগ অনুসৰি ২০২১ চনৰ মাৰ্চৰ পৰা ২০২২ চনৰ জুলাইলৈকে ২৫০০ কুইন্টল আটা সমবায়খনে লাভ কৰিছে ।

Govt to Abolish 8000 Regular Posts of Teachers: ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্তিকৰণৰ নিৰ্দেশ

এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে এফালে নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সমান্তৰালকৈ পদ বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । নিম্ন প্ৰাৰ্থমিক আৰু উচ্চ প্ৰাৰ্থমিকৰ ৮ হাজাৰ স্থায়ী শিক্ষক পদ বিলুপ্তি কৰিবলৈ নিৰ্দেশ (Assam Govt to Abolish 8000 Regular Posts of School Teachers) । ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাচতে সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীৰ স্পষ্টীকৰণ । ভৱিষ্যতে নামভৰ্তি বৃদ্ধি হ’লে চৰকাৰে প্ৰয়োজন অনুসৰি সৃষ্টি কৰিব পাৰে পদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.