ETV Bharat / state

Lok Sabha Election 2024 : কংগ্ৰেছৰ দখলত থকা সমষ্টি উদ্ধাৰৰ দায়িত্বত নিয়োজিত কিৰেণ ৰিজিজু

author img

By

Published : Nov 8, 2022, 2:58 PM IST

দখলত নথকা সমষ্টি নিজৰ অধীনলৈ অনাৰ ব্যাপক প্ৰস্তুতি বিজেপিৰ (Lok Sabha election strategy of BJP) । দুজন প্রভাৰী থকাৰ পাছতো অসমৰ তিনিটা সমষ্টিৰ দায়িত্ব দিয়া হৈছে কিৰেণ ৰিজিজুক । লোকসভাৰ তিনিটা সমষ্টিত দুর্বল বুথসমূহক শক্তিশালী কৰিবলৈ ৰাজ্যসভাৰ তিনিগৰাকী সাংসদ থকাৰ পাছতো কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক দিয়া হৈছে দায়িত্ব । আগন্তুক নির্বাচনত বিজেপিয়ে কোনো ৰিক্স ল'ব বিচৰা নাই । আগবাঢ়িছে অতি পৰিকল্পিতভাৱে ।

Lok Sabha Election 2024
সমষ্টি উদ্ধাৰৰ দায়িত্বত নিয়োজিত কিৰেণ ৰিজিজু

গুৱাহাটী,৮ নৱেম্বৰ : বিগত লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে লাভ কৰিছিল ৩ খন আসন । ইয়াৰে বৰপেটা আৰু কলিয়াবৰ সমষ্টি বিজেপিয়ে মিত্রদল অগপক এৰি দিছিল আৰু নগাঁৱত নিজা প্ৰাৰ্থী দিছিল । কিন্তু তিনিওখনতে পৰাজয়ৰ সন্মুখীন হয় বিজেপি নেতৃত্বৰ মিত্রদল ।

Lok Sabha Election 2024
লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ ৰণ কৌশল

বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেকে মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক ১,৪০,৩০৭ টা ভোটত আৰু কলিয়াবৰত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ২,০৯,৯৯৪ টা ভোটত পৰাজিত কৰিছিল । সেইদৰে নগ‍াঁৱত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক ১৬,৭৫২ টা ভোটত পৰাজিত কৰিছিল (Lok Sabha election 2019 results)। কংগ্ৰেছৰ দখলত থকা এই সমষ্টিকেইটা ২০২৪ৰ লোকসভা নিৰ্বাচনত নিজৰ অধীনলৈ অনাৰ বাবে শাসকীয় দলটোৱে ব্যাপক প্রস্তুতি চলাইছে ।

Lok Sabha Election 2024
সমষ্টি উদ্ধাৰৰ দায়িত্বত নিয়োজিত কিৰেণ ৰিজিজু

ৰাজ্যিক কমিটীৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় কমিটীয়েও পূৰ্ণ পৰ্যায়ত প্রস্তুতি আৰম্ভ কৰিছে । যিসমূহ ৰাজ্যত বিজেপিৰ দখলত নথকা অথচ দখললৈ অনাৰ সম্ভাৱনা থকা সমষ্টি আছে, সেই সমষ্টিসমূহত সাংগঠনিক কাম-কাজ তদাৰক কৰিবৰ বাবে ৰাষ্ট্ৰীয় কমিটীয়ে ইতিমধ্যে একোজন কেন্দ্রীয় নেতাক পৃথককৈ দায়িত্ব অৰ্পণ কৰিছে (BJP strategy for upcoming Lok Sabha election)। অসমত বিজেপিয়ে নতুনকৈ দখললৈ অনাৰ সম্ভাৱনা থকা তিনিটা সমষ্টি আছে আৰু সেই সমষ্টিকেইটাৰ সাংগঠনিক কাম-কাজ তদাৰক কৰিবৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক দায়িত্ব অর্পণ কৰিছে ।

Lok Sabha Election 2024
সমষ্টি উদ্ধাৰৰ দায়িত্বত নিয়োজিত কিৰেণ ৰিজিজু

অসমত সাংগঠনিক কাম-কাজ পৰিচালনা কৰিবৰ বাবে দুজনকৈ প্ৰভাৰী থকাৰ পাছতো কলিয়াবৰ, নগাঁও আৰু বৰপেটাৰ সাংগঠনিক কাম-কাজ তদাৰক কৰিবৰ বাবে কিৰেণ ৰিজিজুক দায়িত্ব দিয়া হৈছে । এই দায়িত্ব পোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমষ্টিকেইটা পৰিদৰ্শন কৰি সাংগঠনিক কাম-কাজৰ বুজ লোৱা আৰম্ভ কৰিছে ।

উল্লেখ্য যে এই তিনিটা সমষ্টি বিজেপিয়ে দখল কৰাৰ পথ প্রশস্ত কৰিবলৈ ইতিপূৰ্বে ৰাজ্য সভাৰ তিনিজন সাংসদক দায়িত্ব দিছিল । ৰাজ্য সভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালক কলিয়াবৰ, কামাখ্যা প্রসাদ তাছাক নগাঁও আৰু ভুৱনেশ্বৰ কলিতাক বৰপেটা সমষ্টিত দায়িত্ব অর্পণ কৰা হৈছিল । লোকসভাৰ এই তিনিটা সমষ্টিত দুর্বল বুথসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য সভাৰ সাংসদ তিনিজনক দায়িত্ব অৰ্পণ কৰিছিল । এই সাংসদ তিনিজনে বুথ পর্যায়ত সাংগঠনিক কাম-কাজ পৰিচালনা কৰি থকাৰ পাছতো কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক তিনিওটা সমষ্টিৰ দায়িত্ব অর্পণ কৰা হৈছে । অৰ্থাৎ বিজেপিয়ে অলপো ৰিক্স ল'ব বিচৰা নাই ।

Lok Sabha Election 2024
সমষ্টি উদ্ধাৰৰ দায়িত্বত নিয়োজিত কিৰেণ ৰিজিজু

আগন্তুক নির্বাচনত বিজেপিয়ে এই সমষ্টিকেইটা যিকোনো প্ৰকাৰে দখল কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । কেৱল সেয়াই নহয় মিত্রদল অগপক এই তিনিওটা সমষ্টিৰ এটা সমষ্টিও এৰি নিদিয়াটো নিশ্চিত । লোকসভাৰ যোৱাটো নিৰ্বাচনত অগপক বিজেপিয়ে কলিয়াবৰ আৰু বৰপেটা এৰি দিছিল যদিও অগপই বিজেপিক নিৰাশ কৰিলে । কিন্তু এইবাৰ বিজেপিয়ে এই সমষ্টিকেইটাত প্রার্থিত্ব আগবঢ়াই কেৱল ধুবুৰী সমষ্টিহে মিত্ৰদল অগপক এৰি দিয়াৰ সম্ভাৱনা অধিক ।

লক্ষণীয় বিষয়ে যে প্ৰাৰ্থী নিশ্চিত হোৱা নাই যদিও লোকসভাৰ প্ৰতিটো সমষ্টিতে বিজেপিয়ে জোৰদাৰ কুচ-কাবাজ আৰম্ভ কৰিছে । ইফালে প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টোকলৈও বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে চলাই আছে চাৰ্ভে । শাসকীয় দলটোৰ এনে তৎপৰতাৰ বিপৰীতে বিৰোধী দলসমূহ নিস্তেজ হৈ আছে ।

লগতে পঢ়ক :Govt to Abolish 8000 Regular Posts of Teachers: ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্তিকৰণৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.