Tragic Accident in Sivasagar : শিৱসাগৰৰ দিচাং নদীত সন্ধানহীন ২ যুৱক

By

Published : Nov 8, 2022, 4:03 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

শিৱসাগৰৰ দিচাংমুখত ৰাস পূৰ্ণিমাৰ দিনাই অঘটন (tragic accident in Sivasagar) । দুজন চফল ডেকা ডুব যায় দিচাং নদীত (Two youth drown in dichang river) । এজনৰ ঘৰ শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত আৰু আনজন যুৱকৰ ঘৰ মুম্বাইত । আজি দিনত ৰাস পূৰ্ণিমা উপলক্ষে ৰাজ ৰয় সিং (১৮), তেওঁৰ ভগ্নী আৰু ফেইজ খান (২০) নামৰ যুৱক-যুৱতীকেইজন দিচাংমুখৰ দিচাং নদীৰ ষঠপূজা ঘাটত গা ধুবলৈ যোৱাৰ লগতে দিচাংমুখলৈ ফুৰিব গৈছিল (Incident on Ras Purnima at Disangmukh in Sivasagar) । দিচাংমুখ ফুৰি নদীত গা ধোৱাৰ সময়ত ঘটে এই অঘটন । ৰাজ আৰু ফেইজ পানীত ডুব যোৱা দেখি ৰাজৰ ভনীয়েকে দুয়োকে বচাবলৈ চেষ্টা কৰে যদিও যুৱতীগৰাকীও ডুবিব ধৰাত সৌভাগ্যবশত নাৱৰীয়াই দেখি যুৱতীগৰাকীক উদ্ধাৰ কৰে যদিও ডুব যায় দুই যুৱক । উল্লেখযোগ্য যে ফেইজ খান সোমবাৰে মুম্বাইৰ পৰা আহি ৰাজৰ ঘৰত আলহী হৈ আছিল । আজি দিচাংমুখত ফুৰিবলৈ যোৱা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে দুই যুৱকৰ কোনো সম্ভেদ নাই ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.