ETV Bharat / bharat

LK Advani Birthday : আডৱানিৰ বাসগৃহলৈ গৈ জন্মদিনৰ শুভেচ্ছা মোদীৰ

author img

By

Published : Nov 8, 2022, 4:02 PM IST

Modi
Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আডৱানিৰ বাসগৃহলৈ গৈ ৯৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে (LK Advani 95th birthday) ।

নিউজ ডেস্ক, ৮ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আডৱানিৰ বাসগৃহলৈ গৈ তেওঁৰ ৯৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে (LK Advani 95th birthday) ।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ভাৰতীয় জনতা পাৰ্টীয়ে (BJP) আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ কোনো ধৰণৰ প্ৰচেষ্টা বাদ দিয়া নাই (Gujarat Assembly election 2022) । তেনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে আডৱানিৰ ঘৰলৈ ব্যক্তিগতভাৱে যোৱা বিষয়টোৱে ৰাজনৈতিকভাৱে যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে (PM Modi birthday wishes to Advani) । আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকলেও আডৱানিৰ ঘৰলৈ গৈ তেওঁক জন্মদিনৰ শুভেচ্ছা জনায় ।

অৱশ্যে যদিও আনুষ্ঠানিকভাৱে চৰকাৰ আৰু দলৰ ফালৰ পৰা একো ঘোষণা কৰা হোৱা নাই, শাসকীয় দলৰ নেতাসকলে এই নিৰ্বাচনৰ বতৰত তেওঁৰ জন্মদিনত দলটোৰ বিগত সময়ছোৱাৰ শক্তিশালী নেতা আডৱানিক সাক্ষাৎ কৰি ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰা বুলি চৰ্চা চলিছে ।

উল্লেখ্য, লালকৃষ্ণ আডৱানিৰ জন্ম হৈছিল ৮ নৱেম্বৰ, ১৯২৭ চনত । এগৰাকী ভাৰতীয় ৰাজনীতিবিদ হিচাবে তেওঁ ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আডৱানি হৈছে ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম সহ-প্ৰতিষ্ঠাপক আৰু জ্যেষ্ঠ নেতা । তেওঁ তেওঁ বিজেপিৰ অভিভাৱক স্বৰূপ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) দীৰ্ঘদিনীয়া সদস্য ।

তেওঁ ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চৰকাৰত গৃহ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ দশম লোকসভা আৰু চতুৰ্দশ লোকসভাৰ বিৰোধী দলৰ নেতা আছিল আৰু লগতে এই পদৰ আটাইতকৈ দীঘলীয়া সেৱা আগবঢ়োৱা ব্যক্তি আছিল । তেওঁক এগৰাকী কট্টৰ হিন্দুত্ববাদী ৰাজনীতিৰ স্থপতি হিচাপে গণ্য কৰা হয় আৰু 1990-ৰ দশকত বিজেপিৰ ক্ষমতাৰ অভিকেন্দ্ৰ আছিল । আনহাতে, তেওঁ ২০০৯ চনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল ।

আডৱানিয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক হিচাপে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল । ১৯৮৪ চনত বিজেপিৰ ২ খন আসনৰ পৰা ১৯৯৮ চনত ১৮২ খন আসনলৈ উত্থানৰ বাবে তেওঁক কৃতিত্ব দিয়া হয় । 2015 চনত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয় (Padma Vibhushan award to LK Advani) । তেওঁ নিজৰ ৰাজনৈতিক কেৰিয়াৰত বহুতো পদত অধিষ্ঠিত হৈছে ।

লগতে পঢ়ক: Congress Twitter Account Block: কংগ্ৰেছৰ টুইটাৰ একাউন্ট বন্ধ ৰখাৰ নিৰ্দেশ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.