Allegations of wheat flour scam: মাধৱপুৰ সমবায়ৰ বিৰুদ্ধে আটা কেলেংকাৰিৰ অভিযোগ

By

Published : Nov 8, 2022, 3:36 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

নগাঁও জিলাৰ মাধৱপুৰ সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে আটা কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against Madhabpur Cooperative Society)। কামপুৰৰ কেইগৰাকীমান সচেতন লোকে এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰিছে (Allegations of flour scam at Madhabpur)। অভিযোগ অনুসৰি ২০২১ চনৰ মাৰ্চৰ পৰা ২০২২ চনৰ জুলাইলৈকে ২৫০০ কুইন্টল আটা সমবায়খনে লাভ কৰিছে । কিন্তু এই সমবায়খনে আটাখিনি সংগ্ৰহৰ পিছতো কোনো সুলভ মূল্য়ৰ দোকানক বিতৰণ নকৰি হৰলুকি কৰি আহিছে । ইয়াৰ পিছতেই জাঙুৰ খাই উঠিছে কামপুৰৰ সচেতন ৰাইজ । এই বিয়াগোম দুৰ্নীতিত বিষয়া জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । ক্ষুব্ধ ৰাইজে এইক্ষেত্ৰত বিহিত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে (CM Himanta Biswa Sarma)।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.