Negligence of postal peon : ডাক পিয়নৰ দুষ্কাৰ্য, বস্তা ভৰ্তি আধাৰ কাৰ্ড পেলাই দিলে পুখুৰীত

author img

By

Published : Nov 8, 2022, 4:10 PM IST

Post

ধুবুৰীত ডাক পিয়নৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ (Protest against postal peon in Dhubri)। ৰাইজক বিতৰণ নকৰাকৈয়ে আধাৰ কাৰ্ড পানীত পেলাই দিবলৈ নিৰ্দেশ দিলে ডাক পিয়নে । ৰাইজে হাত-লোটে ধৰিলে এজনক ।

ধুবুৰী,৮ নৱেম্বৰ : ধুবুৰীৰ মাঝেৰচৰ অঞ্চলত আজৱ ঘটনা । বিতৰণ নকৰাকৈয়ে ডাক বিভাগৰ কৰ্মচাৰীয়ে পেলাই দিলে বস্তা ভৰ্তি আধাৰ কাৰ্ড (Negligence of postal peon)। ডাক পিয়নৰ বিৰুদ্ধে স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰিলে ।

উল্লেখ্য যে মাঝেৰচৰ অঞ্চলৰ স্থানীয় ডাক পিয়ন ছাবেদ আলীয়ে ডাক যোগে অহা আধাৰ কাৰ্ডসমূহ জমা কৰি ৰাখিছিল । ডাক পিয়ন ছাবেদ আলীয়ে কাৰ্ডসমূহ বিতৰণ নকৰাকৈ বস্তাত ভৰাই জমা কৰি ৰাখিছিল আব্দুল মালেক নামৰ এজন লোকৰ ফাৰ্মাচীত । অৱশেষত ফাৰ্মাচীৰ গৰাকী আব্দুল মালেকে বস্তা ভৰ্তি আধাৰ কাৰ্ডসমূহ পুখুৰীত পেলাই দিয়ে (Man throws Aadhaar card in water)।

আধাৰ কাৰ্ডসমূহ পেলাই দিয়াৰ পিছতেই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় মাঝেৰচৰ বজাৰত । কাৰ্ডসমূহ পেলাই দিয়া প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ফাৰ্মাচীৰ গৰাকীক উভতি ধৰি ৰাইজে । অভিযোগ অনুসৰি ৰাইজৰ গুৰুত্বপূৰ্ণ আধাৰ কাৰ্ডক লৈ কোনো গুৰুত্ব নিদিলে পিয়ন ছাবেদ আলীয়ে ।

বস্তা ভৰ্তি আধাৰ কাৰ্ড পেলাই দিলে পুখুৰীত

ছাবেদ আলীৰ নিৰ্দেশ মতেই বস্তা ভৰ্তি আধাৰ কাৰ্ড আব্দুল মালেকে পুখুৰীত পেলাই দিয়াৰ অভিযোগ কৰিছে ৰাইজে (Public protest against postal peons in Dhubri)। ৰাইজৰ অভিযোগ প্ৰয়োজনীয় আধাৰ কাৰ্ড ৰাইজক বিতৰণ নকৰাৰ লগতে ডাক বিভাগৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মাঝেৰচৰ বজাৰত অৱস্থিত ফাৰ্মাচীখনত দীৰ্ঘদিনৰ পৰা কাৰ্ডসমূহ জমা কৰি ৰাখিছিল ডাক পিয়ন ছবেদ আলীয়ে । যি সময়ত ৰাজ্য চৰকাৰে বেংকৰ পৰা আৰম্ভ কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ আধাৰ কাৰ্ড, ৰেশ্যন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লগত লিংক কৰাটো বাধ্যতামূলক কৰিছে ।

সেই সময়তে আধাৰ কাৰ্ড বিচাৰি অঞ্চলটোৰ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে । কিন্তু পিয়ন ছাবেদ আলীক মাঝেৰ চৰ, চলাকুৰা অঞ্চলৰ ৰাইজে আধাৰ কাৰ্ডৰ কথা সুধিলেই দুৰ্ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন অজুহাত দেখুৱাই আধাৰ কাৰ্ড যোগান দিয়াৰ পৰা বিৰত থাকে । শীঘ্ৰেই ডাক পিয়ন ছাবেদ আলীৰ বিৰুদ্ধে বিভাগীয়ভাৱে আৰু প্ৰশাসনীয়ভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে । লগতে বস্তাত ভৰাই আধাৰ কাৰ্ড পেলাই দিয়া অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচীৰ গৰাকী আব্দুল মালেকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :Violating law: ন্যায়াধীশ সুজিৎ কুমাৰ ঘোষৰ বিৰুদ্ধে আইন উলংঘনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.