ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 13, 2022, 11:07 AM IST

top-10-at-11am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Rhino died in Kaziranga: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ এটা গঁড়ৰ মৃতদেহ (Rhino died in Kaziranga National Park) ৷ বাৰ্ধক্যজনিত কাৰণত স্বাভাৱিক মৃত্যু গঁড়টোৰ (Rhinoceros Body recovered) ৷ বন বিভাগে সংগ্ৰহ কৰিছে বয়সীয়াল গঁড়টোৰ খৰ্গ ৷

Kokrajhar DTO detained: 36 লাখ টকা সহ আটক কোকৰাঝাৰৰ জিলা পৰিবহন বিষয়া

কোকৰাঝাৰৰ জিলা পৰিবহন বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ বাসগৃহৰ পৰা নগদ ৩৬ লাখ টকা উদ্ধাৰ কৰে আৰক্ষীৰ অভিযানকাৰী দলে (36 lakh cash seized from Kokrajhar DTO) ৷ সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ লগতে ৰিছাৰ্ড মুছাহাৰী আৰু মনোজ বসুমতাৰী নামৰ আন দুজন জিলা পৰিবহন বিভাগৰ কৰ্মচাৰীকো আটক কৰা বুলি জানিব পৰা গৈছে (Including DTO three detained three in Kokrajhar)৷

নিজ বাসগৃহৰ ভিতৰতেই মহিলাক দাৰে ঘপিয়াই হত্যা দুৰ্বৃত্তৰ

ডিব্ৰুগড়ৰ চিৰিং গাঁৱত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বত্তই কোঠাৰ ভিতৰতে মহিলাগৰাকীক দাৰে ঘপিয়াই হত্যা কৰে (Woman brutally murdered by miscreants)৷

Erosion in Kalgachia: বেকী নদীৰ খহনীয়াত উটি গ’ল বহু পৰিয়ালৰ গৃহ

কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ ভয়ংকৰ খহনীয়া (Erosion in Kalgachia)। খহনীয়াত নদীৰ বুকুত জাহ গ’ল ছটাকৈ পৰিয়ালৰ ঘৰ বাৰী । কাণসাৰ নাই প্ৰশাসন কিন্বা জনপ্ৰতিনিধিৰ ।

Tejaswita Baruah death: তেজস্বিতাৰ মৃত্যুৰ ৰাজহুৱা সাক্ষ্য দিবলৈ নোলাল এজনো ব্যক্তি

তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ আজি অন্তিম দিন (Public testimony on Tejaswita Baruah death) ৷ ১০ তাৰিখৰ ১২ তাৰিখলৈ তেজস্বিতাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত ৰাজহুৱা সাক্ষ্য গ্রহণ কৰিছিল তদন্তকাৰী বিষয়াই ৷ পৰিতাপৰ কথা যে, এজনো ব্যক্তিয়ে সাক্ষ্য নিদিলে তেজস্বিতাৰ মৃত্যু সন্দৰ্ভত ৷ বৰ্তমান 19 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সাক্ষ্য গ্ৰহণৰ সময়সীমা (Tejaswita Baruah death)৷

Karnataka hijab ban : আজি উচ্চতম ন্যায়ালয়ৰ ৰায়দান

চলিত বছৰৰ জানুৱাৰীত হিজাব বিতৰ্ক আৰম্ভ হৈছিল । উদুপীৰ চৰকাৰী পিইউ মহাবিদ্যালয়ে হিজাব পিন্ধা ছয়গৰাকী ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰৱেশ কৰাত বাধা দিয়াৰ পিছতে এই বিতৰ্কৰ সূত্ৰপাত ঘটে (hijab row in Udupi Government PU College) । ইয়াৰ পিছত প্ৰৱেশৰ পৰা বঞ্চিত ছাত্ৰীসকলে মহাবিদ্যালয়ৰ বাহিৰত প্ৰতিবাদত বহে ।

Irregularities of anganwadi worker: কলগাছিয়াত কণ কণ শিশুক লৈ ৰাইজৰ প্ৰতিবাদ

কলগাছিয়াত এগৰাকী অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ (Public protest against Anganwadi worker)। অংগনবাড়ী কেন্দ্ৰ বিগত এমাহে উপস্থিত নথকাৰ অভিযোগ কৰ্মীৰ বিৰুদ্ধে । ফলত মধ্যাহ্ন ভোজন আৰু প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত শিশুসকল ।

দলগাঁৱত সমবায় সমিতিৰ সম্পাদকক গ্ৰেপ্তাৰৰ দাবী স্থানীয় লোকৰ

সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে অনিময়ৰ অভিযোগ ৷ দৰং জিলাৰ দলগাঁৱৰ বৰুৱাঝাৰ সমবায় সমিতিৰ সম্পাদকে চাউল বিক্ৰী কৰিবলৈ গৈ হাতে লোটে ধৰাৰ পৰাৰ পিছতো গ্ৰেপ্তাৰ নকৰাৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে (Locals demand arrest of cooperative society secretary )৷

Draupadi Murmu NE visit: ভাৰতৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব উত্তৰ-পূৱে; আশাবাদী মুৰ্মু

‘‘ভাৰত বৰ্তমান পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে ৷ মোৰ বিশ্বাস ত্ৰিপুৰা আৰু উত্তৰ-পূৱৰ আন কেইখন ৰাজ্যই ভাৰতবৰ্ষক 2025 2025 বৰ্ষৰ ভিতৰত 5 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব’’ ৷ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত 7 টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এইদৰে মন্তব্য কৰে দ্ৰৌপদী মুৰ্মুৱে (Foundation stone of development project in Tripura) ৷

Workshop on sericulture: কোকৰাঝাৰত ৰেচম বিভাগৰ দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা

বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত ৰেচম বিভাগৰ দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা (Workshop on Bodoland sericulture mission) ৷ লক্ষ্য বিটিআৰ অঞ্চলৰ ৰেচম উদ্যোগৰ সৈতে জড়িত উদ্যোগী, ৰেচম উৎপাদকসকলক উৎসাহিত কৰাৰ প্ৰচেষ্টা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.