ETV Bharat / state

Tejaswita Baruah death: তেজস্বিতাৰ মৃত্যুৰ ৰাজহুৱা সাক্ষ্য দিবলৈ নোলাল এজনো ব্যক্তি

author img

By

Published : Oct 12, 2022, 10:33 PM IST

Updated : Oct 12, 2022, 10:48 PM IST

Tejaswita Baruah death
Tejaswita Baruah death

তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ আজি অন্তিম দিন (Public testimony on Tejaswita Baruah death) ৷ ১০ তাৰিখৰ ১২ তাৰিখলৈ তেজস্বিতাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত ৰাজহুৱা সাক্ষ্য গ্রহণ কৰিছিল তদন্তকাৰী বিষয়াই ৷ পৰিতাপৰ কথা যে, এজনো ব্যক্তিয়ে সাক্ষ্য নিদিলে তেজস্বিতাৰ মৃত্যু সন্দৰ্ভত ৷ বৰ্তমান 19 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সাক্ষ্য গ্ৰহণৰ সময়সীমা (Tejaswita Baruah death)৷

মাজুলী, 12 অক্টোবৰ: অসমীয়াত এষাৰ প্ৰৱচন প্ৰায়েই শুনিবলৈ পোৱা যায় যে, অসমীয়াৰ আবেগ আৰু ধান খেৰৰ জুই একেই ৷ ভমককৈ জ্বলে আৰু নিমিষতে নুমাই ছাঁই হয় ৷ কথাষাৰ যেন গোটেই মিছা নহয় ৷ মাজুলীৰ তেজস্বিতাৰ ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে এই কথা (Tejaswita Baruah death) ৷ কিশোৰীগৰাকীৰ মৃত্যুৰ লগে লগেই ক্ষোভত ফাটি পৰা অসমীয়া আজি নিমাত ৷ সাক্ষী দিবলৈ নোলাল কোনো এজন লোক (Public testimony on Tejaswita Baruah death) ৷

Tejaswita Baruah death
তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ আজি অন্তিম দিন

যোৱা 5 অক্টোবৰত ৰাজ্যৰ সকলোতে উদযাপন হৈছিল মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ (Birth ceremony of Sankardeva)। নদী দ্বীপ মাজুলীও ইয়াৰ ব্যতিক্ৰম নাছিল ৷ এই শংকৰ জন্ম জয়ন্তীত গাঁৱৰ নামঘৰত বৰগীত গাবলৈ বুলি গৈছিল মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱা । কিন্তু অনুষ্ঠান পৰিবেশনৰ মাজতে নামঘৰতেই অসুস্থ হৈ পৰিছিল কণ্ঠশিল্পী তেজস্বিতা ৷ পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ততাতৈয়াকৈ মাজুলী জিলা চিকিৎসালয়লৈ লৈ গৈছিল কণ্ঠশিল্পীগৰাকীক (Tejaswita Baruah of Majuli) ।

লগতে পঢ়ক: তেজস্বিতাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে গড়মূৰ জিলা অসামৰিক চিকিৎসালয়তে মৃত্যু হয় তেজস্বিতাৰ (Junior artist Tejaswita Baruah death)। চিকিৎসালয়খনত তেজস্বিতাৰ মৃত্যু অক্সিজেনৰ অভাৱত হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছিল । পৰিয়াল তথা স্থানীয় ৰাইজে কৈছিল অক্সিজেনৰ অভাৱত চিকিৎসালয়ৰ বিচনাত চটফটাই থাকি অৱশেষত এই পৃথিৱীৰ পৰা বিদায় মাগে কণ্ঠশিল্পীগৰাকীয়ে ।

তাৰ পাচতেই ৰাজ্যজুৰি চৰ্চা হয় বিষয়টো ৷ চিকিৎসা খণ্ডৰ ফোঁপোলা স্বৰূপটোক লৈ বিভিন্নজনে সমালোচনা কৰা দেখা যায় ৷ বিৰোধী দলসমূহেও এই ঘটনাক লৈ সমালোচনাৰে থকা-সৰকা কৰে চৰকাৰক ৷ অৱশেষত গড়মূৰ জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকজনক নিলম্বন কৰাৰ লগতে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷ ঘোষণা কৰা হয় দণ্ডাধীশ পৰ্যায়ৰ তদন্ত (Probe on Tejaswita Baruah death)৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজৰ প্ৰতিযোগিতাৰ ফল ভুগিছে মাজুলীয়ে: লুৰীণজ্যোতি গগৈ

এই তদন্তৰ দায়িত্ব অপণ কৰা হৈছিল ড৹ সঞ্জীৱ কুমাৰ ফুকনৰ ওপৰত । তদুপলক্ষে উক্ত ঘটনাৰ সাক্ষী দিবৰ বাবে প্ৰত্যক্ষদৰ্শী সাধাৰণ ৰাইজ, দল-সংগঠনক নিজৰ নিজৰ বক্তব্য আগবঢ়াবলৈ জনাইছিল ড৹ ফুকনে । মাজুলীৰ তেজস্বিতাৰ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ আজি অন্তিম দিন আছিল । ১০ তাৰিখৰ ১২ তাৰিখলৈ তেজস্বিতাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত ৰাজহুৱা সাক্ষ্য গ্রহণ কৰিছিল ।

কিন্তু পৰিতাপৰ কথা, এজনো ব্যক্তিয়ে সাক্ষ্য নিদিলে তেজস্বিতাৰ মৃত্যু সন্দৰ্ভত । মাজুলীবাসীৰ ক্ষন্তেকীয়া যেন আবেগ মাৰ গ’ল ৷ দুদিনতে পাহৰিলে তেজস্বিতাক । দ্বিতীয় পৰ্যায়ত তেজস্বিতাৰ পৰিয়ালৰ পৰা সাক্ষ্য ল’ব দন্তকাৰী বিষয়াই । অহা ১০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব তদন্ত প্ৰক্ৰিয়া । কিন্তু এজনো লোকে সাক্ষী দিবলৈ আগবাঢ়ি নহাত এতিয়া অনিশ্চয়তাত তেজস্বিতাৰ তদন্ত প্ৰক্ৰিয়া ।

উল্লেখ্য যে, তেজস্বিতাৰ মৃত্যুৰ পাচতেই দল-সংগঠনে ভিৰ কৰিছিল কণ্ঠশিল্পীগৰাকীৰ ঘৰত ৷ সমবেদনা জনোৱাৰ লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছিল ৷ বহুকেইটা সংগঠনৰ মাজুলী জিলা সমিতিৰ নেতা-সদস্যয়ো এই বিষয়ে সংবাদ মাধ্যমযোগে দাবী তুলিছিল ৷ কিন্তু আজি তেওঁলোকো নিমাত ৷ এতিয়া প্ৰশ্ন হয়, এইদৰে দুদিন তালফাল লগাই প্ৰয়োজনত সকলোৱে মৌনতা অৱলম্বন কৰিলে ন্যায় পাবনে ভুক্তভোগীয়ে ? নে কেৱল ক্ষন্তেকীয়া আবেগৰ ধান খেৰৰ জুইৰ তাপ লৈয়েই সান্তনা লভিব এইসকল লোকে ৷

লগতে পঢ়ক: তেজস্বিতাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

Last Updated :Oct 12, 2022, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.