ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজৰ প্ৰতিযোগিতাৰ ফল ভুগিছে মাজুলীয়ে: লুৰীণজ্যোতি গগৈ

author img

By

Published : Oct 8, 2022, 8:49 PM IST

হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজৰ প্ৰতিযোগিতাৰ ফল ভুগিছে মাজুলীয়ে: লুৰীণজ্যোতি গগৈ
হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজৰ প্ৰতিযোগিতাৰ ফল ভুগিছে মাজুলীয়ে: লুৰীণজ্যোতি গগৈ

মানুহৰ মৃত্যুক লৈও বিজেপি চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ ৷ শনিবাৰে তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত হৈ চৰকাৰক চোকা সমালোচনা গগৈৰ ৷ তেজস্বিতাৰ মত্যুৰ পাছতে মাজুলীৰ দলঙৰ কাম পুনৰ আৰম্ভ কৰাত আশ্বৰ্য প্ৰকাশ কৰে অজাপৰ সভাপতিগৰাকীয়ে (Lurinjyoti Gogoi at Tejaswita Baruah residence)৷

মাজুলী, 8 অক্টোবৰ: মাজুলীৰ চৰকাৰী চিকিৎসালয়ত তেজস্বিতা বৰুৱা নামৰ উদীয়মান কণ্ঠশিল্পীগৰাকীৰ মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছতে উদীয়মান শিল্পীগৰাকীৰ পৰিয়ালৰ লগতে মাজুলীবাসীয়ে অভিযোগ উত্থাপন কৰিছে যে চিকিৎসাজনিত অৱহেলাৰ বাবেই মৃত্যুক সাৱটিলে তেজস্বিতাই (Majuli singer Tejaswita Baruah)৷

চিকিৎসাৰ অভাৱত মৃত্যুখত পৰা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰাৰ পাছতে তেজস্বিতা বৰুৱাৰ বাসগৃহলৈ সোঁত বৈছে শাসকীয় দলৰ লগতে বিৰোধীৰ নেতা-মন্ত্ৰীৰ ৷ শাসকীয় পক্ষই যদি আত্মপক্ষৰ সমৰ্থত মন্তব্য আগবঢ়াইছে, বিৰোধীয়ে চৰকাৰক তীক্ষ্ন সমালোচনা কৰি ঘটনাৰ উচিত বিচাৰৰ দাবী জনাইছে ৷ ইয়াৰ মাজতেই শনিবাৰে তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (Assam Jatiya Parishad president)৷

লুৰীণজ্যোতি গগৈ তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তো দেখা গ’ল শোকাকুল পৰিৱেশ(Lurinjyoti Gogoi at Tejaswita Baruah residence) ৷ অব্যাহত আছে কান্দোনৰ ৰোল ৷ ঘৰখনৰ মজিয়াতে লুৰীণজ্যোতি গগৈৰ সৈতে বহি ক্ষোভ উজাৰিলে পৰিয়ালৰ লোকে ৷ চিকিৎসাৰ অভাৱতে তেজস্বিতাৰ মৃত্যু হোৱা বুলি পুনৰ মন্তব্য কৰিলে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

আনহাতে তেজস্বিতাৰ পৰিয়ালবৰ্গৰ লগত কথা-বতৰা শেষ কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ গগৈয়ে কয় যে, বিজেপি চৰকাৰে মানুহৰ মৃত্যুৰ নামতো ৰাজনীতি কৰিছে ৷ বিভিন্ন সময়ত মাজুলীবাসীক চৰকাৰে অৱহেলা কৰি অহা বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে তেজস্বিতা বৰুৱাৰ স্মৃতিত মাজুলীত এখন উন্নত মানদণ্ডৰ চিকিৎসালয় স্থাপনৰ দাবী জনায় ৷

হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজৰ প্ৰতিযোগিতাৰ ফল ভুগিছে মাজুলীয়ে: লুৰীণজ্যোতি গগৈ

লগতে তেওঁ কয় যে, পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ ‘অসুস্থ’ প্ৰতিযোগিতাৰ ফল ভোগ কৰিছে মাজুলীবাসীয়ে ৷ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ দুদিনৰ পাছতহে যোৰহাট-মাজুলী সংযোগী দলঙৰ(Jorhat Majuli bridge) কাম পুনৰ আৰম্ভ কৰি ইচ্যু ডাইভাৰ্ট কৰা বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

ইয়াৰোপৰি এমাহ পূৰ্বে মাজুলীত আন এজন যুৱকে চিকিৎসাৰ গাফিলতিৰ বাবেই মৃত্যুক সাৱটি লোৱা প্ৰসংগতো মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷ মানস বৰা নামৰ যুৱকজনৰ চিকিৎসালয়ত মৃত্যু হোৱা ঘটনাৰ তদন্তৰ প্ৰতিবেদন এতিয়াও প্ৰকাশ নোহোৱাত ক্ষোভ প্ৰকাশ কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীলৈ আহিল ৩খন নতুন এম্বুলেন্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.