ETV Bharat / state

তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীলৈ আহিল ৩খন নতুন এম্বুলেন্স

author img

By

Published : Oct 8, 2022, 1:34 PM IST

তেজস্বিতাৰ মৃত্যুত ভাগি পৰা মাজুলীবাসীৰ বাবে সুখবৰ । মাজুলীৰ গড়মূৰৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ আহিল ৩ খনকৈ নতুন এম্বুলেন্স (3 new ambulances in Majuli District Hospital)। ডাঃ কিশোৰ কুমাৰ কামানেও হাস্পতালখনৰ অধীক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰে ।

Majuli
তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীলৈ আহিল ৩খন এম্বুলেন্স

মাজুলী,৮ অক্টোবৰ : তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীৰ চিকিৎসা ব্যৱস্থাক লৈ স্বাস্থ্য বিভাগে তৎপৰতা আৰম্ভ কৰিছে (Health department active after Tejaswita death)। তেজস্বিতাৰ মৃত্যুৰ ৩ দিন পাছতে ১০৮ এম্বুলেন্স সেৱা মুকলি গড়মূৰৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত (3 ambulances to Majuli district hospital)। বুধবাৰে মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত কৰুণ মৃত্যক সাৱটি লোৱা মাজুলীৰ প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছতেই মাজুলীৰ স্বাস্থ্যখণ্ডৰ পৰিৱৰ্তনৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বিশেষ উদ্যোগ লোৱা দেখা গৈছে ।

তেজস্বিতাৰ কৰুণ মৃত্যুৰ পাছত বৃহস্পতিবাৰে মাজুলীত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেজস্বিতাৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জনোৱাৰ পাছতে জিলা চিকিৎসালয়ত উপস্থিত হৈছিল মন্ত্ৰীগৰাকী (Health minister at Tejaswitas house)। চিকিৎসালয়খনৰ দুৰৱস্থাৰ বিভিন্ন দিশ পৰিদৰ্শন কৰি সাধাৰণ ৰাইজ, দল-সংগঠন আৰু সাংবাদিকৰ সৈতে হোৱা মুখামুখি অনুষ্ঠানত মাজুলীৰ পয়ালগা স্বাস্থ্য খণ্ডৰ সমস্যাৰ ওৰ পেলাই ৰাসৰ পূৰ্বেই এমাহৰ ভিতৰত চিকিৎসালয়খনৰ আমূল পৰিৱৰ্তন ঘটোৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল । তাৰ পাছতে জিলা চিকিৎসালয়ত ৩ খন নতুন ১০৮ এম্বুলেন্স মুকলি কৰাৰ লগতে জিলা চিকিৎসালয়ত অধীক্ষকৰ দায়িত্বৰ পৰা অপসাৰণ হোৱা পূৰ্বৰ অধীক্ষক ডাঃ অমূল্য গোস্বামীৰ স্থানত ডাঃ কিশোৰ কুমাৰ কামানে দায়িত্বভাৰ গ্ৰহণ কৰে (New Superintendent in Majuli District hospital)।

তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীলৈ আহিল ৩খন নতুন এম্বুলেন্স

উল্লেখ্য যে, মাজুলীৰ স্বাস্থ্যখণ্ডত ৩ খনকৈ ১০৮ এম্বুলেন্স প্ৰদানৰ পাছতে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চৰকাৰৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে মাজুলীৰ ৰাইজৰ দুৰ্দশা বুজি প্ৰকৃতাৰ্থত চিকিৎসালয়খনত আধুনিক যন্ত্ৰপাতি যোগান ধৰাৰ লগতে বিশেষজ্ঞ চিকিৎসক নিয়োগ কৰি বাস্তৱ সমস্যা সামাধান কৰাত গুৰুত্ব আৰোপ কৰিবলৈ দাবী জনাইছে মাজুলীবাসীয়ে ।

তেজস্বিতাৰ মৃত্যুৰ পাছতে হঠাৎ এই এম্বুলেন্স সেৱা মুকলি কৰাৰ লগে লগে মাজুলীবাসীৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নও উদয় হৈছে । বহুতে প্ৰশ্ন কৰিছে উপযুক্ত স্বাস্থ্য সেৱা লাভ কৰিবলৈ আৰু কিমানজনে এনেদৰে প্ৰাণ হেৰুৱাব লাগিব ? এটা ঘটনা হ'লেহে চৰকাৰ-প্ৰশাসনে তৎপৰতা দেখুৱাই । কিয় প্ৰতিবাৰেই মাত্ৰ ঘোষণাতে থমকি ৰয় ? ৬ মাহ ধৰি ৰেডিঅ'লজিষ্ট এগৰাকী কিয় চিকিৎসালয়খনত দিব পৰা নাই সেই সন্দৰ্ভতো চৰকাৰক প্ৰশ্ন কৰে মাজুলীবাসীয়ে ?

ইফালে তেজস্বিতাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চৰকাৰে তদন্ত ঘোষণা কৰিছে । দণ্ডাধীশ পৰ্যায়ৰ অনুসন্ধানৰ বাবে ডঃ সঞ্জীৱ কুমাৰ ফুকনক দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক :দুৰ্বিষহ জীৱন কটাইছে অমৰপুৰবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.