তেজস্বিতাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

By

Published : Oct 8, 2022, 6:01 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

অকালতে হেৰাই গ'ল মাজুলীৰ এটি উজ্বল তৰা ৷ ৰাজ্যবাসীক কন্দুৱাই চিৰদিনৰ বাবে গুচিগ'ল মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱা (Tejaswita Boruah dead) ৷ এগৰাকী প্ৰতিভাৱন কণ্ঠশিল্পী স্বাস্থ্য বিভাগৰ হেমাহি বাবে অকালতে হেৰাই যোৱা ঘটনাত দুখ প্ৰকাশ কৰিছে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে (Janardan Dev Goswami Condolences on Tejaswitas death)। শণিবাৰে তেজস্বিতাৰ বাসগৃহত উপস্থিত হয় উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী । সত্ৰাধিকাৰগৰাকীৰ লগত ভকত বৈষ্ণৱ তেজস্বিতাৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠে আৰু এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় (Janardan Dev Goswami in Tejaswitas home) । উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰগৰাকী উপস্থিত হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । সত্ৰাধিকাৰগৰাকীয়ে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ এক ন্যায়িক তদন্তৰ দাবী জনায় । তেওঁ দোষীক শাস্তি প্ৰদান কৰিব লাগে বুলিও কয় । মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় প্ৰদানৰ দাবী জনাইছে সত্ৰাধিকাৰগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.