ETV Bharat / bharat

Karnataka hijab ban : আজি উচ্চতম ন্যায়ালয়ৰ ৰায়দান

author img

By

Published : Oct 13, 2022, 9:52 AM IST

চলিত বছৰৰ জানুৱাৰীত হিজাব বিতৰ্ক আৰম্ভ হৈছিল । উদুপীৰ চৰকাৰী পিইউ মহাবিদ্যালয়ে হিজাব পিন্ধা ছয়গৰাকী ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰৱেশ কৰাত বাধা দিয়াৰ পিছতে এই বিতৰ্কৰ সূত্ৰপাত ঘটে (hijab row in Udupi Government PU College) । ইয়াৰ পিছত প্ৰৱেশৰ পৰা বঞ্চিত ছাত্ৰীসকলে মহাবিদ্যালয়ৰ বাহিৰত প্ৰতিবাদত বহে ।

hijab
hijab

নিউজ ডেস্ক, ১৩ অক্টোবৰ : উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত নিষেধাজ্ঞা বজাই ৰখাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা বিভিন্ন আবেদনৰ ওপৰত ৰায়দান কৰিব (Supreme Court will pronounce verdict on hijab) । ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠে আজি ইয়াৰ ৰায় ঘোষণা কৰিব ।

শীৰ্ষ ন্যায়ালয়ে ইয়াৰ পূৰ্বে কৰ্ণাটক উচ্চ ন্যায়ালয়ক (Karnataka High Court) প্ৰত্যাহ্বান জনোৱা বিভিন্ন আবেদনৰ ওপৰত নিজৰ আদেশ সংৰক্ষিত ৰাখিছিল । উক্ত আদেশত শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত নিষেধাজ্ঞাক সমৰ্থন জনোৱা হৈছিল ।

বিষয়টো সন্দৰ্ভত যুক্তি-তৰ্ক ১০ দিন ধৰি চলে । আবেদনকাৰীৰ ফালৰ পৰা ২১ জন অধিবক্তাৰ বিপৰীতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, (Solicitor General Tushar Mehta) অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজ, কৰ্ণাটকৰ এডভোকেট জেনেৰেল প্ৰভুলিং নৱদগীয়ে উত্তৰদাতাসকলৰ হৈ যুক্তি প্ৰদৰ্শন কৰে ।

উল্লেখ্য, ইতিমধ্যে শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্ম নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ কৰ্ণাটক চৰকাৰৰ সিদ্ধান্তক কৰ্ণাটক উচ্চ ন্যায়ালয়ে সমৰ্থন কৰি দিয়া ৰায়ৰ বিৰুদ্ধে শীৰ্ষ আদালতে বিভিন্ন আবেদনৰ শুনানি গ্ৰহণ কৰে (Karnataka Government decision to hijab ban) । আদালতক সম্বোধন কৰি জ্যেষ্ঠ অধিবক্তা দুষ্মন্ত ডাভে তেওঁৰ পুনৰ দাখিল কৰা আবেদনত কয় যে কৰ্ণাটক চৰকাৰৰ চাৰ্কুলাৰে যি পোছাক বিধি প্ৰয়োগ কৰিছিল, তাত পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়াৰ (PFI) কোনো প্ৰসংগ নাই ।

উল্লেখ্য, জ্যেষ্ঠ অধিবক্তা ডাভে আবেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰিছে । বিভিন্ন আবেদনকাৰীয়ে কৰ্ণাটক চৰকাৰৰ আদেশক সমৰ্থন জনোৱা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই শীৰ্ষ ন্যায়ালয়ৰ কাষ চাপে । উল্লেখ্য, কৰ্ণাটক উচ্চ ন্যায়ালয়ে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ অভিন্ন নিয়মক কঠোৰভাৱে বলৱৎ কৰাৰ নিৰ্দেশ দিছিল । শীৰ্ষ আদালতৰ এটা আপীলত "চৰকাৰী কৰ্তৃপক্ষৰ মাহীআই সুলভ আচৰণৰ অভিযোগ উত্থাপন কৰা হৈছে, যিয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ পৰম্পৰা পালন কৰাত বাধা দিছে আৰু ইয়াৰ ফলত আইন-শৃংখলাৰ এক অবাঞ্ছিত পৰিস্থিতি সৃষ্টি হৈছে ।"

আপীলটোত কোৱা হৈছে যে উচ্চ ন্যায়ালয়ে ইয়াৰ অপ্ৰত্যাশিত আদেশত "নিজৰ বিচাৰ প্ৰয়োগত তীব্ৰভাৱে ব্যৰ্থ হৈছে আৰু পৰিস্থিতিৰ গুৰুত্বৰ লগতে ভাৰতৰ সংবিধানৰ ২৫ নং অনুচ্ছেদৰ অধীনত (Article 25 of Constitution of India) সন্নিবিষ্ট অত্যাৱশ্যকীয় ধৰ্মীয় আচৰণৰ মূল দিশটো বুজিবলৈ অক্ষম হৈছে" ।

মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থি, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ জে এম খাজীক লৈ গঠিত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে পূৰ্বতে কৈছিল যে ইউনিফৰ্মৰ নিৰ্দেশনা হৈছে এক যুক্তিসঙ্গত বাধ্যবাধকতা । সেয়ে শিক্ষা প্ৰতিষ্ঠানসমূহত হিজাবৰ ওপৰত নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই কৰা বিভিন্ন আবেদনক প্ৰত্যাহ্বান জনাই সেয়া খাৰিজ কৰে আৰু কয় যে সেইবোৰ যোগ্যতাহীন ।

উল্লেখ্য, চলিত বছৰৰ জানুৱাৰীত হিজাব বিতৰ্ক আৰম্ভ হয় । উদুপীৰ চৰকাৰী পিইউ মহাবিদ্যালয়ে হিজাব পিন্ধা ছয়গৰাকী ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰৱেশ কৰিবলৈ বাধা দিয়াৰ পিছতে এই বিতৰ্কৰ সূত্ৰপাত ঘটে (hijab row in Udupi Government PU College) ।

ইয়াৰ পিছত ছাত্ৰীসকলে শ্ৰেণীকোঠাত প্ৰৱেশৰ পৰা বঞ্চিত হোৱাৰ বাবে মহাবিদ্যালয়ৰ বাহিৰত প্ৰতিবাদত বহে । তাৰ পিছত উদুপীৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰবোৰেও গেৰুৱা স্কাৰ্ফ পিন্ধি শ্ৰেণীত উপস্থিত থাকিবলৈ আৰম্ভ কৰে । এই প্ৰতিবাদ ৰাজ্যৰ আন প্ৰান্তলৈও বিয়পি পৰে আৰু লগতে কৰ্ণাটকৰ কেইবাঠাইতো প্ৰতিবাদ আৰু আন্দোলনৰ সৃষ্টি হয় ।

ফলস্বৰূপে কৰ্ণাটক চৰকাৰে কয় যে সকলো শিক্ষাৰ্থীয়ে ইউনিফৰ্ম মানি চলিব লাগিব আৰু বিশেষজ্ঞ সমিতিয়ে বিষয়টোৰ ওপৰত সিদ্ধান্ত নোলোৱালৈকে হিজাব আৰু গেৰুৱা স্কাৰ্ফ দুয়োটা নিষিদ্ধ কৰিব লাগিব । ৫ ফেব্ৰুৱাৰীত প্ৰাক-বিশ্ববিদ্যালয় শিক্ষা পৰিষদে এক বিজ্ঞপ্তি প্ৰকাশ কৰি কয় যে শিক্ষাৰ্থীসকলে কেৱল বিদ্যালয় প্ৰশাসনৰ দ্বাৰা অনুমোদিত ইউনিফৰ্ম পিন্ধিব পাৰে আৰু মহাবিদ্যালয়সমূহত আন কোনো ধৰ্মীয় পোছাক পৰিধান কৰিবলৈ অনুমতি দিয়া নহ'ব ।

লগতে পঢ়ক :Grant to Oil PSU : এলপিজিৰ লোকচান পূৰণৰ বাবে চৰকাৰৰ 22 হাজাৰ কোটিৰ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.