ETV Bharat / bharat

Grant to Oil PSU : এলপিজিৰ লোকচান পূৰণৰ বাবে চৰকাৰৰ 22 হাজাৰ কোটিৰ অনুদান

author img

By

Published : Oct 12, 2022, 9:50 PM IST

Updated : Oct 12, 2022, 10:30 PM IST

Anurag Thakur
Anurag Thakur

কেন্দ্ৰীয় কেবিনেটে যোৱা দুবছৰত ব্যয়তকৈ কম দামত ঘৰুৱা ৰন্ধন গেছ এলপিজি বিক্ৰী কৰাৰ ক্ষেত্ৰত হোৱা লোকচান পূৰণ কৰিবলৈ তিনিটা ৰাজ্যিক মালিকানাধীন ইন্ধন ৰিটেইলাৰক 22,000 কোটি টকাৰ অনুমোদন জনাইছে (Cabinet approved 22000 crore to 3 fuel retailers) ।

নিউজ ডেস্ক, ১২ অক্টোবৰ : চৰকাৰে যোৱা দুবছৰত ব্যয়তকৈ কম দৰত ঘৰুৱা ৰন্ধন গেছ এলপিজি বিক্ৰী কৰাৰ ক্ষেত্ৰত হোৱা লোকচান পূৰণ কৰিবলৈ তিনিটা ৰাজ্যিক মালিকানাধীন ইন্ধন ৰিটেইলাৰক এককালীন ২২,০০০ কোটি টকাৰ অনুদান প্ৰদান কৰিব (grant of Rs 22000 crore to 3 fuel retailers) । বুধবাৰে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অনুৰাগ ঠাকুৰে এই কথা কয় (I and B minister Anurag Thakur) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে (Union Cabinet headed by PM Narendra Modi) বুধবাৰে এক বৈঠকত তিনিটা তেল বিপণন কোম্পানী- ইণ্ডিয়ান অইল কৰ্প'ৰেচন (IOC), ভাৰত পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেড (BPCL) আৰু হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেডক (HPCL) এককালীন অনুদান প্ৰদানত অনুমোদন জনায় । উক্ত অনুদানে জুন ২০২০ ৰ পৰা জুন ২০২২ লৈ গ্ৰাহকসকলক ব্যয়তকৈ কম দৰত এলপিজি বিক্ৰী কৰাৰ বাবে তেওঁলোকে সন্মুখীন হোৱা লোকচান সামৰি ল'ব ।

উল্লেখ্য, উক্ত তিনিওটা প্ৰতিষ্ঠানে গ্ৰাহকসকলক চৰকাৰী নিয়ন্ত্ৰিত মূল্যত ঘৰুৱা এলপিজি বিক্ৰী কৰে । জুন 2020 ৰ পৰা জুন 2022 ৰ ভিতৰত এলপিজিৰ আন্তৰ্জাতিক মূল্য প্ৰায় 300 শতাংশ বৃদ্ধি পাইছে । অৱশ্যে আন্তৰ্জাতিক এলপিজি মূল্যৰ তাৰতম্যৰ পৰা গ্ৰাহকসকলক সুৰক্ষিত কৰিবলৈ ব্যয় বৃদ্ধি হ'লেও ঘৰুৱা এলপিজিৰ গ্ৰাহকসকলৰ পৰা সেয়া সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হোৱা নাছিল । এক চৰকাৰী বিবৃতিত এই কথা কোৱা হৈছে ।

সেই অনুসৰি উক্ত সময়ছোৱাত ঘৰুৱা এলপিজিৰ মূল্য মাত্ৰ 72 শতাংশ বৃদ্ধি পাইছে (domestic LPG price hike) । ইয়াৰ ফলত তিনিটা প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ লোকচান হৈছে । "এই লোকচান সত্ত্বেও তিনিটা পিএছইউ অ'এমচিয়ে (PSU OMCs) দেশত এই অত্যাৱশ্যকীয় ৰন্ধন ইন্ধনৰ নিৰন্তৰ যোগান নিশ্চিত কৰিছে । সেয়েহে চৰকাৰে ঘৰুৱা এলপিজিত হোৱা এই লোকচানৰ বাবে তিনিটা পিএছইউ অ'এমচিক এককালীন অনুদান দিয়াৰ সিদ্ধান্ত লৈছে ।" বিবৃতিটোত কোৱা হৈছে ।

কেন্দ্ৰীয় কেবিনেটে তিনিটা তেল বিপণন কোম্পানীক (OMC) ২২,০০০ কোটি টকাৰ এককালীন অনুদানত অনুমোদন জনাইছে । "এই সিদ্ধান্তই পিএছইউ অ'এমচিসকলক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি অব্যাহত ৰখাত সহায় কৰিব, বাধাহীন ঘৰুৱা এলপিজি যোগান নিশ্চিত কৰিব আৰু লগতে মে'ক ইন ইণ্ডিয়া সামগ্ৰী ক্ৰয়ত সহায় কৰিব ।" তাত কোৱা হৈছে ।

লগতে পঢ়ক :Agartala Akhaura link Rail : সম্পূৰ্ণ হোৱাৰ পথত আগৰতলা-বাংলাদেশ সংযোগী ৰে'লপথৰ কাম

Last Updated :Oct 12, 2022, 10:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.