ETV Bharat / bharat

Draupadi Murmu NE visit: ভাৰতৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব উত্তৰ-পূৱে; আশাবাদী মুৰ্মু

author img

By

Published : Oct 13, 2022, 10:56 AM IST

Foundation stone of development project in Tripura
Foundation stone of development project in Tripura

‘‘ভাৰত বৰ্তমান পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে ৷ মোৰ বিশ্বাস ত্ৰিপুৰা আৰু উত্তৰ-পূৱৰ আন কেইখন ৰাজ্যই ভাৰতবৰ্ষক 2025 2025 বৰ্ষৰ ভিতৰত 5 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব’’ ৷ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত 7 টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এইদৰে মন্তব্য কৰে দ্ৰৌপদী মুৰ্মুৱে (Foundation stone of development project in Tripura) ৷

আগৰতলা, 13 অক্টোবৰ: 2025 বৰ্ষৰ ভিতৰত ভাৰতবৰ্ষক 5 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰাত উত্তৰ-পূৰ্বাঞ্চলে গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ ভূমিকা ৷ দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে ত্ৰিপুৰাত উপস্থিত হৈ এই মন্তব্য কৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President Draupadi Murmu in Tripura) ৷ তেওঁ কয়, ‘‘ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পাচত ত্ৰিপুৰাত উপস্থিত হৈ মই খুবেই সুখী ৷ এগৰাকী ৰাষ্ট্ৰপতি হিচাপে মই ভাৰতৰ বেলেগ বেলেগ ৰাজ্য ভ্ৰমণ কৰি আছোঁ ৷ তাৰ মাজতেই মই উত্তৰ-পূৱ ভ্ৰমণৰ পৰিকল্পনা কৰিছিলোঁ’’ ৷

ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে কয়, ‘‘ভাৰত বৰ্তমান পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে ৷ মোৰ বিশ্বাস ত্ৰিপুৰা আৰু উত্তৰ-পূৱৰ আন কেইখন ৰাজ্যই ভাৰতবৰ্ষক 2025 2025 বৰ্ষৰ ভিতৰত 5 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব’’ ৷ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত 7 টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এইদৰে মন্তব্য কৰে দ্ৰৌপদী মুৰ্মুৱে (Foundation stone of development project in Tripura) ৷

এই অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে নৱনিৰ্মিত বিস্তৃত বিধায়ক হোষ্টেল, ৰাজ্যৰ প্ৰথম ১৫ মহলীয়া প্ৰশাসনিক ভৱন, ৯ টা নতুন ছোৱালী হোষ্টেল, নতুন আই আই আই টি কেম্পাছ আৰু ডিজিটেল সংগ্ৰহালয়, মহাৰাজ বীৰেন্দ্ৰ কিশোৰ মাণিক্যৰ নামৰ সাংস্কৃতিক কেন্দ্ৰৰ দৰে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ।

উল্লেখ্য যে, আজি ত্ৰিপুৰাৰ পৰা আহি অসমত উপস্থিত হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে বিমান বন্দৰৰ পৰা পোনে পোনে আমিনগাঁৱত থকা আই আই টি গুৱাহাটীলৈ যাব (President Draupadi Murmu in IIT Guwahati) । আই আই টি গুৱাহাটীৰ চৌহদত ৰাষ্ট্ৰপতিগৰাকীয়ে ছুপাৰ কম্পিউটাৰ সুবিধা থকা 'পৰম কামৰূপা’ উদ্বোধন কৰিব । লগতে এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰিব ।

ইয়াৰ উপৰিও তেওঁ ভার্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব (President Murmu visits Assam) ৷

আনহাতে ১৪ অক্টোবৰৰ দিনা তেওঁ পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব (Draupadi Murmu to visit Kamakhya) । ইতিমধ্যে ৰাষ্ট্ৰপতিৰ আগমণৰ পূৰ্বে ৰাজ্য চৰকাৰ প্ৰশাসনে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷

লগতে পঢ়ক: President Murmu visits Assam: মহানগৰীত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.