ETV Bharat / city

President Murmu visits Assam: মহানগৰীত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা

author img

By

Published : Oct 12, 2022, 8:17 PM IST

ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । বৃহস্পতিবাৰে আৰু শুকুৰবাৰে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীয়ে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে (New Traffic role in Guwahati city)।

President Murmu visits Assam
President Murmu visits Assam

গুৱাহাটী, 12 অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু (President Draupadi Murmu to visit Assam) ৷ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । বৃহস্পতিবাৰে আৰু শুকুৰবাৰে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীয়ে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে (New Traffic role in Guwahati city)।

বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা নিশা ১০.৩০ বজালৈ গুৱাহাটীৰ কাষেৰে যোৱা ১৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ চকীয়া বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে । আনহাতে অহা শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা নিশা ১২.৩০ বজালৈ গুৱাহাটীৰ ডি জি ৰোড, এ টি ৰোড, এম জি ৰোড, কে এল বি ৰোড, তৈয়বুল্লা ৰোড, জি এন বি ৰোড, জি এছ ৰোড, পাঞ্জাবাৰী ৰোডত সকলো ধৰণৰ লঘু, মধ্যম আৰু গধুৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে (New traffic role for President's Assam visit) ।

উল্লেখ্য যে, বিশেষ বিমানযোগে ত্ৰিপুৰাৰ পৰা বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত (LGBI Airport in Guwahati) উপস্থিত হ’ব লগীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে বিমান বন্দৰৰ পৰা পোনে পোনে আমিনগাঁৱত থকা আই আই টি গুৱাহাটীলৈ যাব (President Draupadi Murmu in IIT Guwahati) । আই আই টি গুৱাহাটীৰ চৌহদত ৰাষ্ট্ৰপতিগৰাকীয়ে ছুপাৰ কম্পিউটাৰ সুবিধা থকা 'পৰম কামৰূপা’ উদ্বোধন কৰিব । লগতে এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰিব ।

ইয়াৰ উপৰিও তেওঁ ভার্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব ।

President Murmu visits Assam
মহানগৰীত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা

আনহাতে ১৪ অক্টোবৰৰ দিনা তেওঁ পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব (Draupadi Murmu to visit Kamakhya) । ইতিমধ্যে ৰাষ্ট্ৰপতিৰ আগমণৰ পূৰ্বে ৰাজ্য চৰকাৰ প্ৰশাসনে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷

আজি ত্ৰিপুৰাত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে ত্ৰিপুৰা ৰাজ্যিক ন্যায়িক একাডেমীৰ উদ্বোধন কৰে । আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে দুপৰীয়া ২ বজাত নৰচিংগড়ৰ আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । তাৰ পাছত আবেলি ৩.৩০ বজাত তেওঁ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনলৈ ৰাওনা হয় ৷ য'ত তেওঁ ভাৰ্চুৱেলী ৭ টাকৈ প্ৰকল্পৰ উদ্বোধন কৰে (Draupadi Murmu in Tripura)।

প্ৰকল্প কেইটাৰ ভিতৰত আছে নতুন বিধায়ক আৱাস, হুনপুইৰ পৰা ডামচেৰালৈ পথৰ উন্নীতকৰণ, জাটানবাৰীৰ পৰা তীৰ্থমুখ হৈ মন্দিৰঘাটলৈ পথৰ উন্নীতকৰণ, মহাৰাজা বীৰেন্দ্ৰ কিশোৰ মণিক্য সংগ্ৰহালয় আৰু সাংস্কৃতিক উন্নয়ন কেন্দ্ৰ, ৬খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি, ল'ৰা আৰু ছোৱালী হোষ্টেল, আইআইআইটি আগৰতলা আৰু নিচিন্তপুৰ ট্ৰান্সশিপমেণ্ট য়াৰ্ডৰ আধাৰশিলা ।

লগতে পঢ়ক: President Murmu in Tripura : দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.