ETV Bharat / bharat

President Murmu in Tripura : দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

author img

By

Published : Oct 12, 2022, 1:36 PM IST

ত্ৰিপুৰাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu in Tripura)। মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা আৰু ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যই বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় । দুটা দিনত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব ৰাষ্ট্ৰপতিয়ে ।

Murmu
দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

আগৰতলা,১২ অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Murmu arrives in Tripura)। বুধবাৰে পুৱাই এমবিবি বিমানবন্দৰত আহি উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা আৰু ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যই বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় । ইফালে এমবিবি বিমানবন্দৰৰ টাৰ্মিনেলত ত্ৰিপুৰা আৰক্ষীয়ে ৰাষ্ট্ৰপতিক গাৰ্ড অফ অনাৰ প্ৰদান কৰে ।

ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাৰ পাছতে ফেচবুকত মুখ্যমন্ত্ৰী ডাঃ সাহাই মনৰ ভাৱ প্ৰকাশ কৰে (Tripura CM welcomed President at MBB airport)। তেওঁ লিখিছে যে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আদৰণি জনাবলৈ পায় তেওঁ যথেষ্ট আনন্দিত । ৰাষ্ট্ৰপতিগৰাকীৰ এই দুদিনীয়া ভ্ৰমণ ত্ৰিপুৰাৰ জনসাধাৰণৰ বাবে এক মাইলৰ খুটি হ'ব বুলিও আশাবাদী মুখ্যমন্ত্ৰীগৰাকী ।

ৰাষ্ট্ৰপতিগৰাকীয়ে বিমানবন্দৰৰ পৰা ত্ৰিপুৰা ৰাজ্যিক ন্যায়িক একাডেমীৰ উদ্বোধনৰ বাবে ৰাওনা হয় । আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে দুপৰীয়া ২ বজাত নৰচিঙ্গড়ৰ আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব ।

তাৰ পাছত আবেলি ৩.৩০ বজাত তেওঁ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনলৈ ৰাওনা হ'ব য'ত তেওঁ ভাৰ্চুৱেলী ৭ টাকৈ প্ৰকল্পৰ উদ্বোধন কৰিব । প্ৰকল্প কেইটাৰ ভিতৰত আছে নতুন বিধায়ক আৱাস, হুনপুইৰ পৰা ডামচেৰালৈ পথৰ উন্নীতকৰণ, জাটানবাৰীৰ পৰা তীৰ্থমুখ হৈ মন্দিৰঘাটলৈ পথৰ উন্নীতকৰণ, মহাৰাজা বীৰেন্দ্ৰ কিশোৰ মণিক্য সংগ্ৰহালয় আৰু সাংস্কৃতিক উন্নয়ন কেন্দ্ৰ, ৬খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি, ল'ৰা আৰু ছোৱালী হোষ্টেল, আইআইআইটি আগৰতলা আৰু নিচিন্তপুৰ ট্ৰান্সশিপমেণ্ট য়াৰ্ডৰ আধাৰশিলা ।

সন্ধিয়া ৬.৩০ বজাত আগৰতলা টাউন হলত আগৰতলা পৌৰ নিগমৰ তৰফৰ পৰা ৰাষ্ট্ৰপতিক সম্বৰ্ধনা জনোৱা হ'ব । আনহাতে দ্বিতীয় দিনা অৰ্থাৎ আগৰতলা ৰে'ল ষ্টেচনত দুখন নতুন ৰে'লৰ ফ্লেগ অফ কৰাৰ কথা আছে । দিল্লীলৈ যোৱাৰ পূৰ্বে তেওঁ ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰেৰে ত্ৰিপুৰা সুন্দৰী মন্দিৰলৈ যোৱাৰ কথা আছে (President Murmu to visit Tripura Sundari Temple)। ইফালে ৰাষ্ট্ৰপতিৰ আগমনৰ লগে লগে প্ৰশাসনে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে (Security arrangements on presidents arrival) । বিশেষকৈ আগৰতলা চহৰত পৰ্যাপ্ত সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :President Murmu to visit Tripura : ৰাষ্ট্ৰপতিৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ত্ৰিপুৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.