ETV Bharat / bharat

President Murmu to visit Tripura : ৰাষ্ট্ৰপতিৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ত্ৰিপুৰাত

author img

By

Published : Oct 11, 2022, 8:45 PM IST

১২ অক্টোবৰত ত্ৰিপুৰাত উপস্থিত হ'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Murmu to visit Tripura)। ৰাষ্ট্ৰপতিৰ আগমনৰ পূৰ্বে আগৰতলাকে ধৰি বিভিন্ন অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । আগৰতলাত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন ।

President Murmu to visit Tripura
ৰাষ্ট্ৰপতিৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ত্ৰিপুৰাত

নেশ্যনেল ডেস্ক,১১ অক্টোবৰ : অহা ১২ অক্টোবৰত ত্ৰিপুৰালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu to visit Tripura)। যাক লৈ ৰাজ্যখনত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে প্ৰশাসনে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে (Security arrangements before presidents arrival)।

বিশেষকৈ আগৰতলা চহৰত পৰ্যাপ্ত সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । বিয়লি এক সংবাদমেলত পশ্চিম জিলাৰ আৰক্ষী অধীক্ষক শংকৰ দেবনাথে কয় যে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী আগৰতলাৰ এমবিবি বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত ত্ৰিপুৰা আৰক্ষীৰ হৈ ৰাষ্ট্ৰপতিক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হ'ব ।

আৰক্ষী অধীক্ষকগৰাকীৰ মতে, দুদিনীয়া ভ্ৰমণকালত আগৰতলা চহৰৰ লগতে ৰাজ্যজুৰি নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ত্ৰিপুৰা আৰক্ষী আৰু ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ জোৱানকে ধৰি পৰ্যাপ্ত সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, ৰাষ্ট্ৰপতিগৰাকীয়ে পথেৰে যাত্ৰা কৰাৰ সময়ত ৰাস্তাৰ দুয়োফালে জোৱানসকলক নিয়োজিত কৰা হ'ব । ইফালে আগৰতলা চহৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সমীপত অৱস্থিত হোৱাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীকো সতৰ্ক কৰি দিয়া হৈছে । আৰক্ষী অধীক্ষকৰ সৈতে সংবাদমেলত পশ্চিম জিলা দণ্ডাধীশ দেৱপ্ৰিয়া বৰ্ধনো উপস্থিত থাকে ।

জিলা দণ্ডাধীশগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ যাতে শান্তিপূৰ্ণভাৱে আৰু সুন্দৰভাৱে সমাপ্ত হয় তাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে (Tight security in Tripura for president arrival)।

জানিব পৰা মতে ৰাষ্ট্ৰপতিগৰাকীয়ে আগৰতলাত উপস্থিত হৈ ন্যায়িক একাডেমী উদ্বোধন কৰাৰ লগতে আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব । ৰাষ্ট্ৰপতিয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে ৰবীন্দ্ৰ শতাবাৰ্ষিকী ভৱনৰ পৰা কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব । লগতে তেওঁ আগৰতলা ৰেল ষ্টেচনত দুখন নতুন ৰে'লৰ ফ্লেগ অফ কৰাৰ কথা আছে ।

আগৰতলা পৌৰ নিগমৰ উদ্যোগত টাউন হলত মুৰ্মুক বিশেষ অভ্যৰ্থনা জনাব বুলিও কয় দণ্ডাদীশগৰাকীয়ে । দণ্ডাদীশগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে বায়ু সেনাৰ হেলিকপ্টাৰেৰে ত্ৰিপুৰা সুন্দৰী মন্দিৰত উপস্থিত হ'ব (President Murmu may visits Sundari temple)। মুঠতে ত্ৰিপুৰাত ৰাষ্ট্ৰপতিৰ আগমনক লৈ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :President to visit Tripura: ৰাষ্ট্ৰপতিৰ আগমনৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা DGPৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.