ETV Bharat / bharat

President to visit Tripura: ৰাষ্ট্ৰপতিৰ আগমনৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা DGPৰ

author img

By

Published : Oct 11, 2022, 12:10 PM IST

বুধবাৰে পুৱা ত্ৰিপুৰাত উপস্থিত হ'ব দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মু (President Murmu to visit Tripura)। তাৰ প্ৰাকক্ষণত সমগ্ৰ ৰাজ্যখনতে কটকটীয়া নিৰাপত্তা বেষ্টনী । আৰক্ষী সঞ্চালক প্ৰধানে নিজেই তদাৰক কৰিছে নিৰাপত্তা ব্যৱস্থা ।

President to visit Tripura
ৰাষ্ট্ৰপতিৰ আগমনৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা DGPৰ

নেশ্যনেল ডেস্ক, ১১ অক্টোবৰ : অহা ১২ অক্টোবৰত ত্ৰিপুৰালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu to visit Tripura)। যাক লৈ ৰাজ্যখনত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে প্ৰশাসনে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । তাৰ প্ৰাকক্ষণত ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জনে সোমবাৰে পুৱাই নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে ।

ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আগৰতলাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে (Tripura DGP review security arrangements)। অমিতাভ ৰঞ্জনে ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱন পৰিদৰ্শন কৰে (Tripura DGP visits Rabindra Shatabarshiki Bhaban)। পৰিদৰ্শনৰ অন্তত, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হৈছে । এই সন্দৰ্ভত বিয়লি এখন পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ কথাও উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

আন এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি আগৰতলা আৰু ইয়াৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে (Security arrangements before presidents arrival) আৰু ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ নিৰাপত্তা ব্যৱস্থা তদাৰক কৰিবলৈ দিল্লীৰ পৰা ইতিমধ্যে এটা উচ্চ পৰ্যায়ৰ নিৰাপত্তা দল ৰাজ্যখনত আহি উপস্থিত হৈছে ।

উল্লেখ্য যে বুধবাৰে পুৱা ১১.১৫ বজাত ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকী বিমানযোগে আহি উপস্থিত হ'ব । ৰাষ্ট্ৰপতি মুৰ্মুৰ এই দুদিনীয়া ভ্ৰমণসূচীত তেওঁ ৰাজ্যখনৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । ত্ৰিপুৰাৰ বিখ্যাত সুন্দৰী মন্দিৰো দৰ্শন কৰাৰ কথা আছে (President Murmu may visits Sundari temple)। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, আগৰতলা পৌৰ নিগমৰ মেয়ৰ দীপক মজুমদাৰ আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকলৰ উপস্থিতিত টাউন হলত আগৰতলা পৌৰ নিগমে মুৰ্মুক বিশেষ অভ্যৰ্থনা জনাব বুলি জানিব পৰা গৈছে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণৰ সময়ত ৰাজনৈতিক নেতা, গণ্যমান্য ব্যক্তি আৰু সাধাৰণ ৰাইজক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । ৰাষ্ট্ৰপতিয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে ৰবীন্দ্ৰ শতাবাৰ্ষিকী ভৱনৰ পৰা কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব । লগতে তেওঁ আগৰতলা ৰেল ষ্টেচনত দুখন নতুন ৰে'লৰ ফ্লেগ অফ কৰাৰ কথা আছে । তেওঁ নৰসিঙ্গড় টিআইটিত ন্যায়িক একাডেমী উদ্বোধন কৰিব ।

১৩ অক্টোবৰত ৰাষ্ট্ৰপতি মুৰ্মুয়ে দুপৰীয়া ১.১০ বজাত ত্ৰিপুৰাৰ পৰা ৰাওনা হ'ব । ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটো তেওঁৰ প্ৰথম ত্ৰিপুৰা ভ্ৰমণ । ইয়াৰ পূৰ্বে, তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ ৰাজ্যখনলৈ আহিছিল । ৰাষ্ট্ৰপতিৰ ভ্ৰমণক কেন্দ্ৰ কৰি আৰক্ষী তথা প্ৰশাসন অধিক ব্যস্ত হৈ পৰিছে (Tight security in Tripura for president arrival)। ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰিবলগীয়া প্ৰতিটো স্থানতে আৰক্ষী প্ৰশাসনে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ।

লগতে পঢ়ক :Indu-Bangla Trade relations: বাংলাদেশৰে বাণিজ্যিক সম্পৰ্ক উন্নিত কৰিবলৈ কেন্দ্ৰলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আৰ্জি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.