ETV Bharat / state

Kokrajhar DTO detained: 36 লাখ টকা সহ আটক কোকৰাঝাৰৰ জিলা পৰিবহন বিষয়া

author img

By

Published : Oct 13, 2022, 10:21 AM IST

কোকৰাঝাৰৰ জিলা পৰিবহন বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ বাসগৃহৰ পৰা নগদ ৩৬ লাখ টকা উদ্ধাৰ কৰে আৰক্ষীৰ অভিযানকাৰী দলে (36 lakh cash seized from Kokrajhar DTO) ৷ সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ লগতে ৰিছাৰ্ড মুছাহাৰী আৰু মনোজ বসুমতাৰী নামৰ আন দুজন জিলা পৰিবহন বিভাগৰ কৰ্মচাৰীকো আটক কৰা বুলি জানিব পৰা গৈছে (Including DTO three detained three in Kokrajhar)৷

Kokrajhar DTO detained
Kokrajhar DTO detained

কোকৰাঝাৰ, 13 অক্টোবৰ: এজন চৰকাৰী বিষয়াৰ ঘৰত নিশা হঠাৎ উপস্থিত হ’ল আৰক্ষী (Kokrajhar police operation)৷ চাকৰিয়ালগৰাকীও পিচে এলা-পেচা চাকৰিয়াল নহয় ৷ জিলা পৰিবহন বিষয়া তেওঁ ৷ ৰাতি হঠাৎ ঘৰত পুলিচ, আচৰিত হোৱাৰে কথা ৷ ঠিকেই, আৰক্ষীৰ দলটোৱে সঁচাকৈয়ে আচৰিত কৰি দিলে জিলা পৰিহন বিষয়াজনক (Police raid in Kokrajhar DTO residence) ৷

নিশা আৰক্ষীয়ে আচৰিত কৰি দিয়া এই বিষয়াগৰাকী হৈছে কোকৰাঝাৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰী ৷ কোকৰাঝাৰ আৰক্ষীয়ে তেওঁক যোৱা নিশা আটক কৰে চিৰাং স্থিত নিজা বাসভৱনৰ পৰা ৷ তেওঁক আটক কৰাতকৈও গুৰুত্বপূৰ্ণ তথা আশ্বৰ্যজনক কথাটো হ’ল, আটক কৰাৰ কাৰণ ৷ মুছাহাৰীৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰিলে জাপে জাপে টকা ৷ যেন টকাৰ গাদীহে বনাই ৰাখিছে মুছাহাৰীয়ে নিজৰ ঘৰত ৷ মুঠ 36 লাখ নগদ টকা জব্দ কৰিলে আৰক্ষীয়ে (36 lakh cash seized from Kokrajhar DTO) ৷

উপ আৰক্ষী অধীক্ষক পুনম পেগুৰ নেতৃত্বত যোৱা কোকৰাঝাৰ আৰক্ষীৰ এটা দলে প্ৰথমে তালাচী চলাই সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ ঘৰত (DTO Sameswar Brahma Muchahary)৷ সেই অভিযানত 36 লাখ টকা জব্দ কৰাৰ লগে লগেই আটক কৰা হয় মুছাহাৰীক (Kokrajhar DTO detained) ৷

বৃহস্পতিবাৰে পুৱা কোকৰাঝাৰ সদৰ থানালৈ অনাৰ পাচত সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গুৱাহাটীলৈ লৈ অহা হৈছে ৷ কেৱল সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীয়েই নহয়, ৰিচাৰ্ড মুছাহাৰী আৰু মনোজ বসুমতাৰী নামৰ আন দুজন পৰিবহন বিভাগৰ কৰ্মচাৰীকো আটক কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে এই ঘটনা সন্দৰ্ভত অধিক কোনো তথ্য জনোৱা নাই কোকৰাঝাৰ আৰক্ষীয়ে (Including DTO three detained three in Kokrajhar)৷ কিন্তু এজন চৰকাৰী বিষয়াৰ ঘৰৰ পৰা 36 লাখ নগদ টকা উদ্ধাৰৰ ঘটনাই স্বাভাৱিকতেই সকলোকে আচৰিত কৰি তুলিছে ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷ এই অভিযানত শীৰ্ষ বিষয়াৰ পৰা তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৰ্যন্ত বহু চৰকাৰী কৰ্মচাৰী জালত পৰিছে দুৰ্নীতি সংঘটিত কৰাৰ অপৰাধত ৷ তাৰ পাচতো কিন্তু একাংশই নানা কৌশল অৱলম্বন কৰি চলাই গৈছে ঘোচ লোৱাৰ বেপাৰ ৷

তেনে ধৰণৰ কোনো গোপন খবৰৰ ভিত্তিতেই আৰক্ষীয়ে সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ ঘৰতো চলাইছিল অভিযান ৷ এতিয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা টকা খিনি ক’লা নে বগা সেয়া তদন্তৰ অন্ততহে জানিব পৰা যাব ৷

লগতে পঢ়ক: Circle Officer and PSO Arrested: খাৰুপেটীয়াত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী বিষয়াৰ লগতে দেহৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.