ETV Bharat / state

নিজ বাসগৃহৰ ভিতৰতেই মহিলাক দাৰে ঘপিয়াই হত্যা দুৰ্বৃত্তৰ

author img

By

Published : Oct 13, 2022, 7:35 AM IST

Updated : Oct 13, 2022, 8:25 AM IST

Etv Bharatwoman-brutally-murdered-by-miscreants
Etv Bharatনিজ বাসগৃহৰ ভিতৰতেই মহিলাক দাৰে ঘপিয়াই হত্যা দুৰ্বৃত্তৰ

ডিব্ৰুগড়ৰ চিৰিং গাঁৱত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বত্তই কোঠাৰ ভিতৰতে মহিলাগৰাকীক দাৰে ঘপিয়াই হত্যা কৰে (Woman brutally murdered by miscreants)৷

মৰাণ, 13 অক্টোবৰ: ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে ৰাজ্য (Crime case in Assam)৷ প্ৰতিদিনে ইটোৰ পিছত সিটোকৈ হত্যাকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনামা দখল কৰি আহিছে (Murder case in Dibrugarh)৷ এইবাৰ ডিব্ৰুগড়ত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে(Woman brutally murdered by miscreants)৷ নিজ বাসগৃহৰ ভিতৰতেই দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিলে এগৰাকী মহিলাক( woman killed by miscreants)৷

তুলসী গাঁৱৰ নতুন চিৰিং গাঁৱত ৰীমা দাস নামৰ মহিলাগৰাকীক ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰি থৈ যায় ৷ ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে নিশা মহিলাগৰাকীৰ স্বামী ঘৰত নাছিল ৷ মহিলাগৰাকীয়ে ননদৰ পুত্ৰৰ লগত ঘৰতেই আছিল ৷ কিন্তু কামৰ বাবে ননদৰ পুত্ৰও ঘৰৰ পৰা ওলাই গ’ল ৷ সেই সুযোগতে মহিলাগৰাকীক নিজ কোঠাৰ ভিতৰত প্ৰৱেশ কৰি কোনো দুৰ্বৃত্তই মূৰত আৰু ডিঙিত দাৰে ঘপিয়াই হত্যা কৰি পেলাই থৈ যায় ৷

নিজ বাসগৃহৰ ভিতৰতেই মহিলাক দাৰে ঘপিয়াই হত্যা দুৰ্বৃত্তৰ

স্থানীয় লোকে পুৱা মহিলাগৰাকীক মাত দিবলৈ আহোঁতে তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত পৰি থকা দেখি হতবাক হৈ চিঞৰ বাখৰ কৰে ৷ লগে লগে তেওঁলোকৰ ঘৰৰ সমীপতে থকা পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ কন্যাক খবৰ দিয়াৰ লগতে আৰক্ষীক ঘটনাৰ কথা অৱগত কৰে ৷ মহিলাগৰাকীক মূৰ আৰু ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্টকৈ পৰিলক্ষিত হৈছে ৷

বৃহস্পতিবাৰে পুৱা ঘটনাস্থলীত আৰক্ষী উপস্থিত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে (Police rescue woman body)৷ ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ যো-জা চলাইছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে মহিলাগৰাকীয়ে স্থানীয় এখন অংগনৱাড়ী কেন্দ্ৰত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীয়ে সকলোৰে লগত মিলিজুলি বাস কৰিছিল বুলি পৰিয়ালৰ লোকে মন্তব্য প্ৰকাশ কৰে ৷ অৱশ্যে পৰিয়ালৰ লোকে এতিয়ালৈকে কোনো লোকক সন্দেহ কৰা নাই ৷ এই হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইফালে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে ৷

লগতে পঢ়ক: Kerala Human Sacrifice case: দুই মহিলাক বলি দি ৰান্ধি খালে দেহৰ অংগ

Last Updated :Oct 13, 2022, 8:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.