ETV Bharat / bharat

Kerala Human Sacrifice case: দুই মহিলাক বলি দি ৰান্ধি খালে দেহৰ অংগ

author img

By

Published : Oct 12, 2022, 7:22 PM IST

মহিলা দুগৰাকীক বলি দি তেওঁলোকৰ তেজ সংগ্ৰহ কৰি দম্পতীটোৱে নিজৰ ঘৰৰ চৌপাশে চটিয়াইছিল (Women beheaded for Superstition)৷ কেৱল ইমানেই নহয়, দুয়োগৰাকী মহিলাৰ গোপন অংগত চোকা অস্ত্ৰৰে আঘাত হনাৰ লগতে শৰীৰৰ কেতবোৰ অংশ কাটি সেই মঙহ ৰান্ধি ভক্ষণো কৰিছিল দম্পতীটোৰ লগতে তেওঁলোকৰ লগত থকা সহায়কে (Couple ate human flesh in Kerala) ৷

Kerala Human Sacrifice case
Kerala Human Sacrifice case

নিউজ ডেস্ক, 12 অক্টোবৰ: কেৰালাত সংঘটিত হোৱা মানৱ বলিৰ ঘটনাই হলীউডৰ যিকোনো হৰ’ৰ থ্ৰিলাৰ ছবিকো যেন চেৰ পেলাইছে (Kerala Human Sacrifice case) ৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ঘটনাৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য ৷ জানিব পৰা মতে, এটা দম্পতীয়ে যাদুকৰ বা তান্ত্ৰিকৰ কথা মতে তেওঁলোকৰ সহায়কৰ সৈতে দুগৰাকী মহিলাক পৃথকে পৃথকে বলি দিয়ে ৷ ঘটনাটো সংঘটিত হৈছে কেৰালাৰ পথনমথিট্টাত (Woman sacrifices in Kerala) ৷

মহিলা দুগৰাকীক বলি দি তেওঁলোকৰ তেজ সংগ্ৰহ কৰি দম্পতীটোৱে নিজৰ ঘৰৰ চৌপাশে চটিয়াইছিল ৷ কেৱল ইমানেই নহয়, দুয়োগৰাকী মহিলাৰ গোপন অংগত চোকা অস্ত্ৰৰে আঘাত হনাৰ লগতে শৰীৰৰ কেতবোৰ অংশ কাটি সেই মঙহ ৰান্ধি ভক্ষণো কৰিছিল দম্পতীটোৰ লগতে তেওঁলোকৰ লগত থকা সহায়কে ৷ ধনৰ লালসাতেই দুয়োগৰাকী মহিলাক এইদৰে বলি দিয়ে দম্পতীটোৱে (Couple ate human flesh in Kerala) ৷

ঘটনাৰ সবিশেষ অতি ভয়ংকৰ ৷ তান্ত্ৰিকৰূপী মহম্মদ শাফীৰ কথা মতে, দম্পতীটোৱে মহিলা দুগৰাকীক বলি দিয়াৰ লগতে তেওঁলোকৰ মঙহ ৰান্ধি খাইছিল ৷ দম্পতীটোৱে জনোৱা মতে, শাফীয়ে তেওঁলোকক কৈছিল যে, এনে কৰিলে তেওঁলোক সুস্বাস্থ্যবান হ’ব আৰু দীৰ্ঘদিন জীয়াই থাকিব ৷ তদন্তকাৰী আৰক্ষীয়ে প্ৰকাশ কৰিছে এই কথা (Women beheaded for Superstition) ৷

আৰক্ষীয়ে লগতে কয় যে, মহিলা দুগৰাকীক বলি দিয়াৰ পূৰ্বে আদিম যুগৰ দৰে শাস্তি প্ৰদান কৰা হৈছিল ৷ দুয়োগৰাকী মহিলাৰ গোপন অংগত চোকা অস্ত্ৰৰে আঘাত হনা হৈছিল ৷ তাৰ পৰা নিঃসৰণ হোৱা তেজ সংগ্ৰহ কৰি সেই তেজ ঘৰটোৰ চাৰিওফালে চটিয়াইছিল দম্পতীটোৱে ৷ তেওঁলোকে বিশ্বাস কৰিছিল যে, এনে কৰিলে ঐশ্বৰ্য-বিভূতি বৃদ্ধি পাব ৷

বাগাৱল সিং, তেওঁৰ পত্নী লাইলা আৰু তান্ত্ৰিক মহম্মদ শাফীক গ্ৰেপ্তাৰ কৰাৰ পাচতেই এই ঘটনা পোহৰলৈ আহে ৷ তদন্তত প্ৰকাশ পাইছে যে, শ্বাফীয়ে যাদুকৰ ৰছিদৰ ৰূপ লৈছিল ৷ ৰছিদ হৈ তেওঁ দম্পতীটোক পতিয়ন নিয়াইছিল যে মানৱ বলিয়ে তেওঁলোকৰ পৰিয়াললৈ আৰ্থিক সমৃদ্ধি কঢ়িয়াই আনিব পাৰে (Three arrested for human sacrifices)।

আৰক্ষীয়ে লগতে জনোৱা মতে, সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড শাফীয়ে ৰছিদৰ ৰূপ লৈ তিৰুৱল্লাৰ বাগাৱল সিঙৰ ঘৰত উপস্থিত হয় । দম্পতীটোৰ আস্থা অৰ্জন কৰি শাফীয়ে কেৱল বাগাৱল সিঙৰ পত্নীক যৌন শোষণ কৰাই নহয়, তেওঁলোকক বিশ্বাস কৰাইছিল যে যদি তেওঁলোকে মানৱ বলি দিয়ে তেন্তে তেওঁলোকে সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ’ব । দম্পতীটোৱে এই কথাত সন্মতি দিয়ে আৰু শাফীয়ে এগৰাকী মহিলাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

প্ৰথম অৱস্থাত জুন মাহত শাফীয়ে ৰ’জলিন নামৰ এগৰাকী মহিলাক প্ৰলোভিত কৰি তিৰুভালালৈ লৈ যায় । শাফীয়ে ৰ’জলিনক আগৰ পৰাই চিনি পোৱা বুলি স্বীকাৰ কৰি বগাৱল সিঙৰ ঘৰত এখন ফিল্ম শ্বুটিং চলি আছে বুলি কৈছিল । বাগাৱলৰ ঘৰলৈ অনাৰ পিছত তাইক বিচনাত বান্ধি অত্যাচাৰ কৰিছিল ।

শাফীৰ লগতে দম্পতীটোৱে মহিলাগৰাকীৰ যৌনাংগত চোকা অস্ত্ৰ সুমুৱাই দিয়ে আৰু শ্বাফীয়ে বগাৱল সিঙৰ পত্নীক তেজ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে । মহিলা গৰাকীৰ স্তনো কাটি পেলোৱা হৈছিল । ইয়াৰ পিছতে মহিলাগৰাকীক বলি দি তেজ সংগ্ৰহ কৰি ঘৰৰ চাৰিওফালে চটিয়াই দিয়ে । তাৰ পিছত ৰ’জলিনৰ মৃতদেহ টুকুৰা টুকুৰ কৰি তিৰুৱল্লাত পুতি থোৱা হয় (Women brutally killed in Kerala) ।

কিন্তু আৰ্থিক অৱস্থাৰ কোনো পৰিৱৰ্তন নোহোৱাত দম্পতীটো পুনৰ কাষ চাপে শাফীৰ ৷ তেতিয়া শাফীয়ে আন এটা মানৱ বলিদানৰ পৰামৰ্শ দিয়ে । একেটা আৰ্হিকে অনুসৰণ কৰি কোচিত বাস কৰা তামিলনাডুৰ স্থানীয় বাসিন্দা পদ্মমক প্ৰলোভিত কৰি শাফীয়ে লটাৰীৰ টিকট বিক্ৰী কৰিছিল (Black magic in Kerala)। সেইগৰাকী মহিলাকো তিৰুৱল্লাৰ বাগাৱল সিঙৰ ঘৰলৈ লৈ যায় আৰু একেধৰণৰ ৰীতি-নীতি সম্পন্ন কৰে । পদ্মমৰ মৃতদেহটোও টুকুৰা টুকুৰ কৰি পুতি থোৱা হৈছিল ।

আৰক্ষীয়ে জনোৱা মতে, ২৭ ছেপ্টেম্বৰত দ্বিতীয়টো হত্যাকাণ্ড সংঘটিত হৈছিল (Kerala Human Sacrifice incident) । শাফীয়ে বলিদানৰ বাবে আৰু এগৰাকী মহিলাৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ দিছিল, যদিহে দম্পতীটোৱে একেটাৰ বাবে ধনৰ ব্যৱস্থা কৰে । শাফীৰ অতীতৰ বিষয়ে তদন্ত কৰি আৰক্ষীয়ে কিছুমান আচৰিত ধৰণৰ তথ্য বিচাৰি পায় ।

এৰনাকুলামৰ পেৰুম্বাভুৰৰ বাসিন্দা শাফীয়ে চহৰখনৰ কালুৰত থাকি জঘন্য আৰু প্ৰৱঞ্চনাৰ দৰে কাম কৰিছিল । এম জি ৰোডৰ ওচৰত এখন সৰু ৰেষ্টুৰেণ্টো চলাই আছিল । আৰক্ষীৰ মতে শাফীয়ে অধিক ধন উপাৰ্জনৰ প্ৰয়াসত এটা পৰিকল্পনা ৰচনা কৰি নিজৰ ভুৱা ফেচবুক প্ৰফাইলৰ জৰিয়তে মহিলাৰ সৈতে বন্ধুত্ব গঢ়িবলৈ আৰম্ভ কৰিছিল ৷ পৰৱৰ্তী সময়ত এই মহিলাসকলক নিজৰ গোপন উদ্দেশ্যত ব্যৱহাৰ কৰিছিল ।

লগতে পঢ়ক: black magic in Kerala: কেৰালাত আৰ্থিক সমৃদ্ধিৰ বাবে দুগৰাকী মহিলাক বলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.