ETV Bharat / state

Irregularities of anganwadi worker: কলগাছিয়াত কণ কণ শিশুক লৈ ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Oct 13, 2022, 10:14 AM IST

কলগাছিয়াত এগৰাকী অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ (Public protest against Anganwadi worker)। অংগনবাড়ী কেন্দ্ৰ বিগত এমাহে উপস্থিত নথকাৰ অভিযোগ কৰ্মীৰ বিৰুদ্ধে । ফলত মধ্যাহ্ন ভোজন আৰু প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত শিশুসকল ।

kalgachia
কলগাছিয়াত কণ কণ শিশুক লৈ ৰাইজৰ প্ৰতিবাদ

কলগাছিয়া,১৩ অক্টোবৰ : অসমত যেন প্ৰতিবাদ সুলভ হৈ পৰিছে । ন্যায্যপ্ৰাপ্তিৰ বাবে যেন এতিয়া প্ৰতিবাদে একমাত্ৰ উপায় । ছাত্ৰ-ছাত্ৰী, শিক্ষক, দল-সংগঠন. চৰকাৰী কৰ্মচাৰী সকলোৱে প্ৰতিবাদত বহিব লগীয়া হয় (Protest in Assam)। কিন্তু কলগাছিয়াত এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে কণ কণ শিশুৱে (Children protest in Kalgachia)। আপুনি দেখি আচৰিত হ'ব যে যিসকল শিশুৱে 'মা' বুলি ক'বলৈ শিকিছেহে মাত্ৰ, তেনে একাংশ শিশুক লৈ প্ৰতিবাদত বহিল একাংশ অভিভাৱক আৰু স্থানীয় ৰাইজ ।

উল্লেখ্য যে অংগনবাড়ী কেন্দ্ৰৰ ব্যাপক অনিয়মৰ বিৰুদ্ধে এই প্ৰতিবাদ (Protest against irregularities of Anganwadi centre )। বৰপেটা জিলাৰ কলগাছিয়াস্থিত ৰূপসী সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অন্তৰ্গত শওপুৰ ২৫৭ নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আজিৰণ খাতুনৰ বিৰুদ্ধে অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকৰ লগতে ৰাইজে ।

কলগাছিয়াত কণ কণ শিশুক লৈ ৰাইজৰ প্ৰতিবাদ

জানিব পৰা মতে অংগনবাড়ী কেন্দ্ৰটো কেইবাবছৰ পূৰ্বে শওপুৰ দ্বিতীয় খণ্ডত নিৰ্মাণ হৈছিল । কিন্তু বেকী নদীৰ গৰাখহনীয়াই ভাঙি নিয়াৰ ফলত বেকী নদীৰ পশ্চিম পাৰত আন এটা পৰিয়ালৰ ঘৰলৈ স্থানান্তৰ কৰি বিগত দহ বছৰ ধৰি পাঠদান চলাই থকা হৈছে । বিগত এক মাহ ধৰি হঠাৎ কৰ্মী আজিৰণ খাতুন কেন্দ্ৰত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।

কিয়নো কৰ্মীগৰাকীয়ে নদীৰ মাজৰ চৰত কেন্দ্ৰটো স্থাপন কৰিবলৈ বিচাৰে । কিন্তু কৰ্মীৰ কথা মতে কাম নহ'ল । ফলত চলিত মাহৰ ৮ অক্টোবৰ তাৰিখে শওপুৰ গাঁও পঞ্চায়তৰ পৰা আৰু বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে শওপুৰ ১ নং খণ্ডত ২৫৭ নং অংগনাবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা হয় । ইফালে এমাহ ধৰি কৰ্মী আজিৰণ খাতুনে কেন্দ্ৰটোত উপস্থিত নোহোৱাত কণ কণ ছাত্ৰ-ছাত্ৰীসকল শিক্ষাদানৰ লগতে মধ্যাহ্ন ভোজনৰ পৰাও বঞ্চিত হৈছে (Anganwadi worker absent last 1 month)।

উক্ত বিষয় সন্দৰ্ভত ৰাইজে বিভাগীয়ভাৱে অৱগত কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । যাৰ বাবে বুধবাৰে অভিভাৱক, ৰাইজ আৰু কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অংগনবাড়ী কৰ্মীগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । লগতে কৰ্মীৰ বিৰুদ্ধে তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনায় । এতিয়া বিভাগীয় কৰ্তৃপক্ষই কৰ্মীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Old Couple Marriage: আমগুৰিত ১০ যোৰা দৰা কইনাক লৈ বুঢ়া বিয়া, বিয়া চাবলৈ লাগিল হেতা-ওপৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.