ETV Bharat / state

Old Couple Marriage: আমগুৰিত ১০ যোৰা দৰা কইনাক লৈ বুঢ়া বিয়া, বিয়া চাবলৈ লাগিল হেতা-ওপৰা

author img

By

Published : Oct 13, 2022, 8:31 AM IST

মঙলবাৰে আমগুৰিৰ পেঙেৰা গাঁৱত দেখিবলৈ পোৱা গ’ল এক দুৰ্লভ দৃশ্য। সম্পূৰ্ণ পাৰম্পৰিক পোছাক পৰিধান কৰি প্ৰতিযোৰা দৰা-কইনাই বহিল হোমৰ গুৰিত ৷ হাতত বৰমাল্য লৈ দৰা-কইনাই হোমৰ জুইক সাক্ষী কৰি এক হোৱাৰ পণ ল'লে । দৰাই কইনাক আৰু কইনাই পতিদেৱক বৰমাল্য পিন্ধাই সমাজক সাক্ষী কৰি ল'লে সেৱা (Old Couple Marriage) ।

Old Couple Marriage at Amguri in Sivasagar
আমগুৰিত ১০ যোৰা দৰা কইনাক লৈ বুঢ়া বিয়া, বিয়া চাবলৈ লাগিল হেতা-ওপৰা

আমগুৰি, 13 অক্টোবৰ: আয়তীৰ উৰুলি, বিয়া নামেৰে মুখৰিত আমগুৰিৰ এখন বিবাহস্থলী । এযোৰা দুযোৰা নহয়, দহযোৰা দৰা কইনা বহিল একেখন মণ্ডপতে। হোমযজ্ঞৰে পুৰোহিতৰ মন্ত্ৰোপাঠেৰে সম্পন্ন হ'ল বিবাহকাৰ্য (Wedding ceremony performed by priest) ।

হয়, মঙলবাৰে আমগুৰিৰ পেঙেৰা গাঁৱত দেখিবলৈ পোৱা গ’ল এই দুৰ্লভ দৃশ্য । সম্পূৰ্ণ পাৰম্পৰিক পোছাক পৰিধান কৰি প্ৰতিযোৰা দৰা কইনাই বহিল হোমৰ গুৰিত ৷ হাতত বৰমাল্য লৈ দৰা কইনাই হোমৰ জুইক সাক্ষী কৰি এক হোৱাৰ পণ ল'লে । দৰাই কইনাক আৰু কইনাই পতিদেৱক বৰমাল্য পিন্ধাই সমাজক সাক্ষী কৰি ল'লে সেৱা ।

বেচ আমোদজনক এই সামূহিক বিয়া চাবলৈ পেঙেৰা গাঁৱৰ ৰাইজৰ মাজতো যেন নোহোৱা হ’ল তৎ ৷ বিয়া প্ৰত্যক্ষ কৰিবলৈ সকলোৱে মণ্ডপত লগালে হেতা-ওপৰা । নহ'বনো কিয় ? বহু বছৰৰ আগতে বিবাহপাশত আৱদ্ধ হোৱা এইসকল দৰা-কইনাই লাভ কৰা নাছিল পতি পত্নীৰ সামাজিক স্বীকৃতি । কোনোজন পুত্ৰই যদি দেউতাকৰ বিয়াৰ সাক্ষী হ'ল, আকৌ আন বহুকেইটা নাতি-নাতিনীয়েও দেখিলে ককাক-আইতাকৰ বিবাহ । সামাজিক ৰীতি-নীতিৰে বিবাহত বহিবলৈ পাই বহু সুখী হোৱা বুলি উল্লেখ কৰিলে দৰা কইনাসকলেও ।

আমগুৰিত ১০ যোৰা দৰা কইনাক লৈ বুঢ়া বিয়া, বিয়া চাবলৈ লাগিল হেতা-ওপৰা

উল্লেখ্য যে, বহু বছৰ পূৰ্বে গন্ধৰ্ৱ প্ৰথাৰে বিবাহপাশত আৱদ্ধ হোৱা এইসকল দৰা-কইনাই লাভ কৰা নাছিল সামাজিক স্বীকৃতি । বিশেষ কোনো ৰীতি-নীতি পালন নকৰাকৈ স্ব-ইচ্ছাৰে বিয়া হোৱা এইসকল দম্পত্তিক সেয়েহে সমাজৰ ৰীতি-নীতি অনুসৰি দৰা-কইনা সজাই, নোৱাই-ধুৱাই হোমযজ্ঞত বহুৱাই প্ৰজাপত্য বিবাহৰ যোগেদি সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰে (Old Couple Marriage) । লগতে বিবাহস্থলীত উপস্থিত আমন্ত্ৰিত অতিথি আৰু সমগ্ৰ গাঁওবাসীয়ে আটাইকে প্ৰদান কৰিলে সুখী দাম্পত্য জীৱনৰ আশীৰ্বাদ ।

সমাজত প্ৰজাপত্য বিবাহেই যে শ্ৰেষ্ঠ, সেই বাৰ্তাকেই দিব বিচাৰিলে আমগুৰিৰ পেঙেৰা গাঁওবাসীয়ে ৷ এই লক্ষ্যৰেই গাঁওখনত দহযোৰাকৈ বিবাহ সম্পন্ন কৰি পূৰ্বে কোনো ৰীতি-নীতি পালন নকৰাকৈ স্ব-ইচ্ছাৰে বিয়া হোৱা এইসকল দম্পত্তিক সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰিলে ।

লগতে পঢ়ক: Richa Chadha Ali Fazal wedding: দিল্লীত কি দৰে ককটেইল পাৰ্টী কৰিলে ৰিছা-আলীয়ে চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.