ETV Bharat / entertainment

Richa Chadha Ali Fazal wedding: দিল্লীত কি দৰে ককটেইল পাৰ্টী কৰিলে ৰিছা-আলীয়ে চাওক ভিডিঅ’

author img

By

Published : Oct 1, 2022, 10:41 AM IST

ৰোমান্টিকভাৱে হাতত হাত থৈ পাপাৰাজ্জীৰ সন্মুখত ফটোৰ বাবে প’জ দিলে ৰিছা চড্ডা আৰু আলী ফৈজলে ৷ আকৰ্ষণীয় পৰম্পৰাগত পোছাকত নিজকে সজাই পৰাই বিয়াৰ পূৰ্বৰ অনুষ্ঠানৰ বাবে সাজু হৈছে দুয়ো । চাওক ভিডিঅ’-

Richa Chadha-Ali Fazal
ৰিছা আলীৰ বিয়া

চিটাৰা ডেস্ক, 1 অক্টোবৰ : বলীউড তাৰকা ৰিছা চড্ডা আৰু আলী ফৈজলৰ বিবাহপূৰ্ব অনুষ্ঠানবোৰ ইতিমধ্যেই আৰম্ভ হৈ গৈছে ৷ ৰিছা-আলী 4 অক্টোবৰত এক অন্তৰংগ বিবাহ অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হ'ব ৷ মুম্বাইত অনুষ্ঠিত হ’ব এই বিবাহ ৷ বিয়াৰ পূৰ্বৰ সকলো অনুষ্ঠান দিল্লীত অনুষ্ঠিত হৈছে ৷ শুক্ৰবাৰে তেওঁলোকৰ ককটেইল পাৰ্টীৰ পিছত অনুষ্ঠানস্থলীৰ বাহিৰত থকা মিডিয়াৰ বাবে ফটোৰ বাবে প’জ দিয়ে দুয়োৱে ।

ৰিছা আৰু আলীয়ে আকৰ্ষণীয় পৰম্পৰাগত পোছাকত নানা ভংগীমাত ফটোৰ বাবে প’জ দিয়াৰ সময়ত ৰোমান্টিকভাৱে এজনে আনজনৰ হাতত হাত থৈছিল । ৰঙ-বিৰঙী শ্বেৰৱানীত আলীক সুন্দৰ দেখাইছিল ৷ আনহাতে ৰিছাই পৰিধান কৰিছিল সোণালী ৰঙৰ এম্ব্ৰইডাৰী কৰা শাৰী । ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে, দুয়োজনে তেওঁলোকৰ সংগীত আৰু মেহেন্দী অনুষ্ঠান উদযাপন কৰে । তেওঁলোকে তেওঁলোকৰ সংগীত অনুষ্ঠানৰ পৰা সুন্দৰ ছবি অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছিল ।

ৰিছা আলীৰ বিয়া

অমৃতসৰত জন্মগ্ৰহণ কৰা আৰু দিল্লীত ডাঙৰ-দীঘল হোৱা ৰিছাৰ চহৰখনৰ সৈতে এক বিশেষ সম্পৰ্ক আছে । বিয়াখনত তেওঁলোকৰ প্ৰিয় খাদ্যৰ লগতে আন বহুতো উপাদান থাকিব । লগতে প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি থকা প্ৰেমৰ বাবে জনাজাত ৰিছা আৰু আলীয়ে দুয়োৱে তেওঁলোকৰ বিয়াখনৰ পৰা পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ প্ৰতি সচেতনতা অৱলম্বন কৰিছে । দিল্লীত অনুষ্ঠিত প্ৰি ৱেডিং অনুষ্ঠানৰ বাবে অতিথিসকলক ‘দিল্লীৱালা’ ট্ৰিটমেণ্ট দিয়াৰ সিদ্ধান্ত লৈছে দুয়োৱে ।

এক সূত্ৰ অনুসৰি, অতিথিসকলে ৰাষ্ট্ৰীয় ৰাজধানীৰ সৰ্বশ্ৰেষ্ঠ ৰন্ধন প্ৰণালীৰ সোৱাদ ল'ব পাৰিব । বিবাহৰ মেনুত অন্যান্য ব্যঞ্জনৰ ভিতৰত বিখ্যাত ৰাজৌৰী গাৰ্ডেনৰ চোলে ভাটুৰৰ পৰা নটৰাজৰ চাটলৈকে অন্তৰ্ভুক্ত থাকিব ।

প্ৰথমতে দুয়োৰে এপ্ৰিল 2020 ত বিবাহ হোৱাৰ কথা আছিল যদিও ক’ভিডৰ নিষেধাজ্ঞা আৰু লকডাউনৰ বাবে, বিয়াখন দুবাৰকৈ স্থগিত ৰখা হয় । তেওঁলোক প্ৰথমবাৰৰ বাবে 2012 চনত 'ফুক্ৰে'ৰ ছেটত লগ পাইছিল আৰু সোনকালেই প্ৰেমত পৰিছিল ।

লগতে পঢ়ক : Richa Chadha Ali Fazal wedding মোহব্বত মোবাৰক, ৰিছাৰ এই কেপছনে হৃদয় জিনিছে নেটিজেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.