ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 7, 2022, 1:11 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Child Kidnaping in Guwahati: মহানগৰীত বিদ্যালয়ৰ শিশুক অপহৰণৰ চেষ্টা বিএচএফ জোৱানৰ

মহানগৰীৰ মালিগাঁৱত ভয়ংকৰ ঘটনা ৷ বিদ্যালয়ৰ পৰাই এটি শিশুক অপহৰণৰ চেষ্টা (Attempted to kidnap child from school in Maligaon)৷

Assam Assembly dress code : কাৰ্যালয়ত জিন্স-টি চাৰ্ট পিন্ধাত নিষেধাজ্ঞা !

কৰ্ম সংস্কৃতি-পোচাক পৰিধানক লৈ বিধানসভাৰ প্ৰধান সচিবৰ বিশেষ জাননী (Assam Assembly dress code) ৷ পুৱা ৯:৩০ বজাত কাৰ্যালয়ত উপস্থিত হ’ব লাগিব বিধানসভা সচিবালয়ৰ কৰ্মচাৰী ৷ মহিলাসকলে পিন্ধিব লাগিব ছুৰিদাৰ, শাৰী, মেখেলা-চাদৰ অথবা আনুষ্ঠানিক পেন্ট-চাৰ্ট ৷ ঠিৰাং কৰিলে সাংবাদিকৰো ড্ৰেছ ক’ড ৷

Dengue at Diphu : ডিফুত ভয়াৱহভাৱে বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা

ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ (Dengue at Diphu) ৷ ডিফু মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন 42 গৰাকী ডেংগু ৰোগী ৷

Road Accident at Jamugurihat : ডাম্পাৰ-স্কুটিৰ মুখামুখি সংঘৰ্ষত আৰক্ষী জোৱান আহত

জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Jamugurihat)৷ ডাম্পাৰ আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষত আহত আৰক্ষীৰ জোৱান ৷

Supreme Court on EWS : EWS কোটা বাহাল উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে (Supreme Court of India) নামভৰ্তি আৰু চৰকাৰী চাকৰিত ১০ শতাংশ ইডব্লিউএছ (Economically Weaker Section) কোটা প্ৰদান কৰা সংবিধান সংশোধনীৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনবোৰ বাহাল ৰাখিছে ।

Theft at bank in Kaliabor: বেংকৰ লকাৰ ভাঙি চোৰে লুটি নিলে পাঁচ লক্ষাধিক টকা

কলিয়াবৰৰ ভলাগুৰি সমবায় সমিতি বেংকত চুৰিকাণ্ড (Theft at bank in Kaliabor) ৷ লকাৰ ভাঙি বেংকত চোৰে চলালে লোট-পাত (Theft at bank in Kaliabor) ৷ লুটি নিয়ে পাঁচ লাখ টকা ৷

Raas mahotsav 2022: কৃষ্ণৰ বন্দনাত মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

আজি ৰাস পূৰ্ণিমা (Raas mahotsav 2022) ৷ কৃষ্ণৰ বন্দনাত মুখৰিত হৈছে ৰাজ্য ৷ ব্যতিক্ৰম নহয় ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰো ৷ ৰাস মহোৎসৱৰ আখৰা, মঞ্চ সজ্জা ইত্যাদি কামত ব্যস্ত এতিয়া টীয়কবাসী (Final Raas preparation at Teok) ৷

Tirumala Tirupati Devasthanams: তিৰুমালা মন্দিৰত আছে 10 টন সোণ, নগদ 15,900 কোটি টকা

তিৰুমালা মন্দিৰৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিছে তিৰুমালা তিৰুপতি দেৱস্থানমে (Tirumala Tirupati Devasthanams) ৷ ভাৰত চৰকাৰ অথবা অন্ধ্ৰ প্ৰদেশ চৰকাৰী চিকিউৰিটিজত অতিৰিক্ত পুঁজি বিনিয়োগৰ সিদ্ধান্ত অস্বীকাৰ তিৰুমালা তিৰুপতি দেৱস্থানম ট্ৰাষ্টৰ ।

Road accident in Narayanpur: পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নাৰায়ণপুৰ থানা ঘেৰাও ক্ষুব্ধ ৰাইজৰ

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ চৌহদত দেওবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Tense situation in Narayanpur) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত দেওবাৰে সন্ধিয়া সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হৈছিল ধলপুৰ ভেলাইমৰাৰ অৱসৰপ্ৰাপ্ত চিকিৎসাকৰ্মী ফটিক শইকীয়া ।

Super League football in Dhemaji : ধেমাজিৰ ডেকাপামত ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ শুভাৰম্ভ অনুষ্ঠান

বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ধেমাজিৰ ডেকাপামত এমএচিৰ চতুৰ্থ সংস্কৰণ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ আৰম্ভণি (Super League football in Dhemaji)৷ টুৰ্ণামেন্টখনৰ বাচনিভূক্ত খেলুৱৈক ৰিলায়েঞ্চ কোম্পানীয়ে সম্পূৰ্ণ তত্বাৱধান ল'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.