ETV Bharat / bharat

Supreme Court on EWS : EWS কোটা বাহাল উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Nov 7, 2022, 12:38 PM IST

উচ্চতম ন্যায়ালয়ে (Supreme Court of India) নামভৰ্তি আৰু চৰকাৰী চাকৰিত ১০ শতাংশ ইডব্লিউএছ (Economically Weaker Section) কোটা প্ৰদান কৰা সংবিধান সংশোধনীৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনবোৰ বাহাল ৰাখিছে ।

SC
SC

নিউজ ডেস্ক, ৭ নৱেম্বৰ : উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ মাজত মতভেদ থাকিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নামভৰ্তি আৰু চৰকাৰী চাকৰিত ১০ শতাংশ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ (Economically Weaker Section) কোটা প্ৰদান কৰা সংবিধান সংশোধনীৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনবোৰ বাহাল ৰাখিছে (Supreme Court upheld quota for EWS)।

উল্লেখ্য, পাঁচজনীয়া সদস্যৰ বিচাৰপীঠৰ তিনিজন সদস্যই ১০ শতাংশ কোটাৰ সপক্ষে মতদান কৰাৰ বিপৰীতে ভাৰতৰ মুখ্য ন্যায়াধীশকে (Chief Justice of India) ধৰি দুজন আবেদনৰ বিৰুদ্ধে যায় ।

ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে (CJI Uday Umesh Lalit) কয় যে ইডব্লিউএছ কোটাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত চাৰিটা পৃথক ৰায় আছে । ন্যায়াধীশ দীনেশ মহেশ্বৰীয়ে ইডব্লিউএছ কোটাৰ বাবে 103 সংখ্যক সাংবিধানিক সংশোধনী (103rd constitutional amendment for EWS quota) বাহাল ৰাখি কয় যে ই সংবিধানৰ মৌলিক গাঁথনি উলংঘা নকৰে ।

আনহাতে, ন্যায়াধীশ বেলা এম ত্ৰিবেদী, জে বি পাৰ্ডিৱালাইও নামভৰ্তি, চৰকাৰী চাকৰিত ইডব্লিউএছ কোটা বাহাল ৰাখে । অৱশ্যে ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটে এই ক্ষেত্ৰত ভিন্ন মত পোষণ কৰে । তেওঁৰ সংখ্যালঘু দৃষ্টিভংগীয়ে ইডব্লিউএছ কোটাৰ ওপৰত সংবিধান সংশোধনী প্ৰত্যাখ্যান কৰে । ন্যায়াধীশ ভাটে কয় যে কোটাৰ ওপৰত ৫০ শতাংশৰ সীমা উলংঘা কৰিব নোৱাৰি আৰু ইডব্লিউএছ কোটা যাব লাগিব ।

উল্লেখ্য, উচ্চতম ন্যায়ালয়ে সোমবাৰে ১০৩ সংখ্যক সংবিধান সংশোধনীৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত ইয়াৰ ৰায় ঘোষণা কৰে । যাৰ দ্বাৰা নামভৰ্তি আৰু চৰকাৰী চাকৰিত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ (EWS quota for admission and job) ব্যক্তিসকলক ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰা হয় । মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বত আৰু ন্যায়াধীশ দীনেশ মহেশ্বৰী, এছ ৰবীন্দ্ৰ ভাট, বেলা এম ত্ৰিবেদী আৰু জে বি পাৰ্ডিৱালাক লৈ গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ২৭ ছেপ্টেম্বৰত ৰায়টো সংৰক্ষিত ৰাখিছিল ।

লগতে পঢ়ক :Tirumala Tirupati Devasthanams: তিৰুমালা মন্দিৰত আছে 10 টন সোণ, নগদ 15,900 কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.