ETV Bharat / bharat

Tirumala Tirupati Devasthanams: তিৰুমালা মন্দিৰত আছে 10 টন সোণ, নগদ 15,900 কোটি টকা

author img

By

Published : Nov 6, 2022, 10:47 PM IST

তিৰুমালা মন্দিৰৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিছে তিৰুমালা তিৰুপতি দেৱস্থানমে (Tirumala Tirupati Devasthanams) ৷ ভাৰত চৰকাৰ অথবা অন্ধ্ৰ প্ৰদেশ চৰকাৰী চিকিউৰিটিজত অতিৰিক্ত পুঁজি বিনিয়োগৰ সিদ্ধান্ত অস্বীকাৰ তিৰুমালা তিৰুপতি দেৱস্থানম ট্ৰাষ্টৰ ।

Tirumala Tirupati Devasthanams
তিৰুমালা মন্দিৰৰ সম্পত্তিৰ তথ্য ৰাজহুৱা

নিউজ ডেস্ক, 6 নৱেম্বৰ: তিৰুমালা তিৰুপতি দেৱস্থানমে(Tirumala Tirupati Devasthanams) শনিবাৰে এখন শ্বেতপত্ৰ মুকলি কৰে আৰু ফিক্সড ডিপজিট আৰু সোণৰ জমাসহ ইয়াৰ সম্পত্তিৰ তালিকা ঘোষণা কৰে । মন্দিৰ ন্যাসে শ্বেতপত্ৰত উল্লেখ কৰা অনুসৰি মন্দিৰটোৰ প্ৰায় 5,300 কোটি টকা মূল্যৰ 10.3 টন সোণ আৰু নগদ 15,938 কোটি টকা ৰাষ্ট্ৰীয়কৃত বেংকত জমা আছে(Tirupati Temple owns 10 tonnes of gold) ।

ভেঙ্কটেশ্বৰ মন্দিৰৰ মুঠ আয় হৈছে 2.3 লাখ কোটি টকা । এই মূল্য হিচাপত ধৰিলে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ তালিকাত মন্দিৰটোক ধৰিব পৰা যায় ৷ ট্ৰাষ্টৰ অধ্যক্ষ আৰু বোৰ্ডে ভাৰত চৰকাৰ অথবা অন্ধ্ৰ প্ৰদেশ চৰকাৰী চিকিউৰিটিজত অতিৰিক্ত পুঁজি বিনিয়োগ কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ট্ৰাষ্টে সামাজিক মাধ্যমত প্ৰকাশিত তেওঁলোকৰ প্ৰতিবেদনত স্পষ্টভাৱে অস্বীকাৰ কৰে ।

প্ৰতিবেদনবোৰ মিছা আৰু অশুদ্ধ বুলি অভিহিত কৰি, তিৰুমালা তিৰুপতি দেৱস্থানমৰ ইঅ' ধৰ্ম ৰেড্ডীয়ে 30 জুন 2019 চনৰ পৰা 30 ছেপ্টেম্বৰ 2022 চনৰ ভিতৰত কৰা বিনিয়োগ আৰু সোণৰ জমাৰ ওপৰত এই শ্বেতপত্ৰ মুকলি কৰে ৷ শ্বেতপত্ৰখনত কোৱা হৈছিল যে, ট্ৰাষ্টৰ নিয়ম অনুসৰি অনুসূচীত বেংকবোৰত H1 সূতৰ হাৰত বিনিয়োগ কৰা হৈছিল । তিৰুমালা তিৰুপতি দেৱস্থানমৰ নিৰ্দেশনা অনুসৰি, কেৱল সোণ জমাৰ বাবে সৰ্বাধিক ক্ৰেডিট ৰেটিং থকা অনুসূচীত বেংককহে নিবিদা দিয়া হৈছিল ।

ইয়াৰ প্ৰায় ডেৰ বছৰ পূৰ্বে তিৰুমালা তিৰুপতি দেৱস্থানমৰ ট্ৰাষ্টী পৰিষদে এখন শ্বেতপত্ৰ মুকলি কৰিছিল য'ত কোৱা হৈছিল যে দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ 960 টা সম্পত্তি আছে । এই সম্পত্তিৰ তালিকাত কৃষিভূমিৰ লগতে মাটি আৰু ভৱনো আছে । শ্বেতপত্ৰখনত উল্লেখ কৰা অনুসৰি চৰকাৰী হাৰ অনুসৰি এই সম্পত্তিৰ মূল্য প্ৰায় 75,000 কোটি টকা ৷ আনহাতে বজাৰ মূল্য দুইৰ পৰা তিনিগুণতকৈ অধিক হ'ব বুলি অনুমান কৰা হয় । মন্দিৰৰ উপাৰ্জন মূলতঃ ভক্ত, ব্যৱসায় আৰু প্ৰতিষ্ঠানৰ দানৰ পৰা আহে ।

লগতে পঢ়ক: Mother killed daughter: পুত্ৰ স্নেহত অন্ধ হৈ কন্যাৰ প্ৰাণ ল’লে মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.