ETV Bharat / state

Raas mahotsav 2022: কৃষ্ণৰ বন্দনাত মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

author img

By

Published : Nov 7, 2022, 10:25 AM IST

আজি ৰাস পূৰ্ণিমা (Raas mahotsav 2022) ৷ কৃষ্ণৰ বন্দনাত মুখৰিত হৈছে ৰাজ্য ৷ ব্যতিক্ৰম নহয় ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰো ৷ ৰাস মহোৎসৱৰ আখৰা, মঞ্চ সজ্জা ইত্যাদি কামত ব্যস্ত এতিয়া টীয়কবাসী (Final Raas preparation at Teok) ৷

Teok Raas mahotsav 2022
কৃষ্ণৰ বন্দনাত মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

টীয়ক, 7 নৱেম্বৰ : ‘‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৷ ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ৷’’ আজি শৰৎ পূৰ্ণিমা ৷ ৰাজ্যৰ চৌপাশে এতিয়া ৰাসৰ ব্যস্ততা ৷ সমগ্ৰ ৰাজ্যই আজি অৰ্থাৎ শৰৎ পূৰ্ণিমাৰ নিশা ৰাস মহোৎসৱ উদযাপন কৰিব (Raas mahotsav 2022)। চৰ্চা কৰিব ভগৱান কৃষ্ণৰ বন্দনা, কৃষ্ণৰ লীলা । ব্যতিক্ৰম নহয় টীয়কো ।

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো শৰৎ পূৰ্ণিমাৰ আগদিনা মহাৰাসৰ আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় টীয়কবাসী (Final Raas preparation at Teok) ৷ মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰ নামঘৰতো শৰতৰ পূৰ্ণিমাৰ নিশা অৰ্থাৎ আজি উলহ মালহৰে উদযাপন কৰা হ’ব শ্ৰীকৃষ্ণৰ মহাৰাস (Teok Raas mahotsav 2022) । তাক লৈ এতিয়া ব্যস্ত ঢেকীয়াখোৱাবাসী ।

এফালে যদি নৃত্য গীতৰ আখৰা চলিছে, আনফালে আকৌ বসুদেৱ, দৈৱকী, কংসৰ অভিনয়ৰ আখৰাত ব্যস্ত অভিনেতা-অভিনেত্ৰীসকল । আনহাতে, আকৌ মঞ্চ সজ্জাত ব্যস্ত যুৱচাম । সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে । আজি পুৱা আধ্যাত্মিক ৰীতি-নীতিৰে পূৰ্বৰ পৰম্পৰা অটুত ৰাখি নাম কীৰ্তন কৰি সন্ধিয়াৰ ভাগত ৰাসৰ মূল নাট মঞ্চস্থ কৰা হ’ব ।

কৃষ্ণৰ বন্দনাত মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

লগতে পঢ়ক : Raas mahotsav 2022Nalbari Raas Mahotshav : ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি নলবাৰীত আয়োজন আন্তঃৰাজ্যিক বাণিজ্য মেলাৰ

এক প্ৰকাৰে দ্বিতীয় বৃন্দাবন অথবা মথুৰালৈ পৰিণত হ’ব টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ ৷ এই ৰাস মহোৎসৱক লৈ যথেষ্ট আশাবাদী আয়োজক কমিটীও ৷ সংবাদ মাধ্যমৰ জৰিয়তে এই ৰাস মহোৎসৱত উপস্থিত থাকি সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তামণ্ডলীয়ে ।

এই ৰাস মহোৎসৱৰ এটাই মাত্ৰ উদ্দেশ্যে, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত ভাতৃত্ববোধৰ ভাৱ আৰু অধিক কটকটীয়া কৰি তোলা ৷ লগতে উঠি অহা প্ৰজন্মক অসমীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে চিনাকী কৰাই দিয়া ৷ এই উদ্দেশ্য আগত ৰাখিয়েই পূৰ্বৰে পৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ আয়োজক কমিটীয়ে আয়োজন কৰি আহিছে ৰাস মহোৎসৱ ৷

লগতে পঢ়ক : Raas mahotsav 2022: শ্ৰীকৃষ্ণৰ প্ৰেমত বুৰ গৈছে মাজুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.