ETV Bharat / state

Assam Assembly dress code : কাৰ্যালয়ত জিন্স-টি চাৰ্ট পিন্ধাত নিষেধাজ্ঞা !

author img

By

Published : Nov 7, 2022, 12:53 PM IST

Assam Assembly dress code
কাৰ্যালয়ত জিন্স-টি চাৰ্ট পিন্ধাত নিষেধাজ্ঞা !

কৰ্ম সংস্কৃতি-পোচাক পৰিধানক লৈ বিধানসভাৰ প্ৰধান সচিবৰ বিশেষ জাননী (Assam Assembly dress code) ৷ পুৱা ৯:৩০ বজাত কাৰ্যালয়ত উপস্থিত হ’ব লাগিব বিধানসভা সচিবালয়ৰ কৰ্মচাৰী ৷ মহিলাসকলে পিন্ধিব লাগিব ছুৰিদাৰ, শাৰী, মেখেলা-চাদৰ অথবা আনুষ্ঠানিক পেন্ট-চাৰ্ট ৷ ঠিৰাং কৰিলে সাংবাদিকৰো ড্ৰেছ ক’ড ৷

গুৱাহাটী, ৭ নৱেম্বৰ : অসম বিধানসভা সচিবালয়ৰ কৰ্মচাৰীৰ উপস্থিতি আৰু পোচাক-পৰিচ্ছদক লৈ তৎপৰ হৈ পৰিছে অসম বিধান সভা সচিবালয় কৰ্তৃপক্ষ (Assam Assembly dress code) ৷ শেহতীয়াভাৱে অসম বিধানসভাৰ সচিবালয়ৰ কৰ্মচাৰীলৈ এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰধান সচিবে ৷ অধ্যক্ষৰ পৰামৰ্শতে এই নিৰ্দেশনা জাৰি কৰিছে প্ৰধান সচিবগৰাকীয়ে ৷

এই অনুসৰি বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকলে এতিয়াৰে পৰা কিছু নিয়ম নিয়মিতৰূপে কঠোৰভাৱে পালন কৰিব লাগিব ৷ কৰ্মচাৰীসকলে বায়'মেট্ৰিক মেচিনত দিব লাগিব উপস্থিতি । পুৱা ৯:৩০ বজাত উপস্থিত হ'ব লাগিব কাৰ্যালয়ত । নিয়মীয়া বিষয়া-কৰ্মচাৰীৰ লগতে দৈনিক মজুৰি, ঠিকা ভিত্তিক সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম ।

ইয়াৰ লগতে সাজ-পোছাকক লৈও বিশেষ নিৰ্দেশনা প্ৰধান সচিবগৰাকীৰ ।

Assam Assembly dress code
পোচাক-পৰিচ্ছদক লৈ তৎপৰ অসম বিধান সভা সচিবালয় কৰ্তৃপক্ষ

এই নিৰ্দেশনাত কৰ্মচাৰীৰ পোচাক পৰিধান প্ৰসংগতো দিয়া হৈছে কেতবোৰ নিৰ্দেশনা ৷ আনুষ্ঠানিক সাজ-পোছাক পিন্ধিব লাগিব বিধান সভা সচিবালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে । আনুষ্ঠানিক সাজ-পোছাক হিচাবে মহিলাসকলে কি পিন্ধিব পাৰিব তাৰো নিৰ্দেশনা দিছে অসম বিধানসভা কৰ্তপক্ষই (Govt issues dress code for Assam Assembly employees) ৷

বিধানসভা সচিবালয়ত কৰ্মৰত মহিলাসকলে পিন্ধিব পাৰিব ছুৰিদাৰ, শাৰী, মেখেলা-চাদৰ অথবা আনুষ্ঠানিক পেন্ট-চাৰ্ট । আনহাতে, কেজুৱেল পোছাক টি-চাৰ্ট, জীনচ আৰু লেগিংছ আদি পৰিধানত নিষেধাজ্ঞা বিধানসভা কৰ্তৃপক্ষৰ । সপ্তাহৰ প্ৰতি বুধবাৰে বিষয়া-কৰ্মচাৰীসকলে পৰিধান কৰিব পাৰিব পৰম্পৰাগত সাজপাৰ ৷

বিধানসভাৰ অধিৱেশন, বিধানসভাৰ বিশেষ অনুষ্ঠানত বিধানসভাৰ সচিবালয়ে বিধি অনুসৰি প্ৰদান কৰা সাজ-পোছাক পৰিধান কৰিব লাগিব । অন্যথা বিধানসভা কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱা হৈছে বিধানসভা সচিবালয়ৰ সচিব প্ৰধান হেমেন দাস স্বাক্ষৰিত নিৰ্দশনাটোত ৷

ইফালে, এই নিৰ্দেশনাই সাংবাদিকসকলৰ বাবেও বাধ্যতামূলক কৰি তুলিলে ‘‘ড্ৰেছ ক’ড’’ ৷ এই শেহতীয়া নিৰ্দেশনা অনুসৰি সাংবাদিকসকলেও বিধানসভাৰ অধিৱেশন কালত ফৰ্মেল পোচাক পৰিধান কৰিহে সোমাব লাগিব বিধানসভা চৌহদত ৷ কিয়নো পূৰ্বেও বিধানসভা চৌহদত আৰু বিধানসভাৰ অধিৱেশন কালত কৰ্মচাৰী আৰু সাংবাদিককে আন লোকৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা আছিল যদিও সেয়া কঠোৰভাৱে পালন হোৱা নাছিল ৷

এই নিৰ্দেশনাত পূৰ্বৰ নিৰ্ধাৰিত নিয়মসমূহো কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ জাৰী কৰা হৈছে ৷

লগতে পঢ়ক : New Sahitya Parishad State Conference: নতুন সাহিত্য পৰিষদৰ দ্বি বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.