ETV Bharat / state

New Sahitya Parishad State Conference: নতুন সাহিত্য পৰিষদৰ দ্বি বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ সফল সামৰণি

author img

By

Published : Nov 7, 2022, 10:58 AM IST

কলগাছিয়াত নতুন সাহিত্য পৰিষদৰ দ্বি বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন(New Sahitya Parishad State Conference concluded) । সন্মিলনত প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ "শিপাৰ সন্ধান" নামৰ এখন গ্ৰন্থ উন্মোচন কৰে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে ।

New Sahitya Parishad State Conference conclude in Kalgachia
কলগাছিয়াত নতুন সাহিত্য পৰিষদৰ দ্বি বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ সফল সামৰণি

জনীয়া, 7 নৱেম্বৰ: অসমৰ অন্যতম প্ৰগতিশীল সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ ১৯ তম দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ সফল সামৰণি ৷ দেওবাৰে নিশা সম্পন্ন হয় এই সন্মিলনৰ অন্তিম দিনৰ কাৰ্যসূচী (New Sahitya Parishad State Conference) । প্ৰথম আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী সাফল্যমণ্ডিত হোৱাৰ পিছত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰ অন্তত দুপৰীয়া অনুষ্ঠিত হয় এখনি মুকলি আলোচনা চক্ৰ ।

আলোচনা চক্ৰখনৰ সভাপতিত্ব কৰে নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি ড৹ অহিজুদ্দিন শ্বেখে । উদ্বোধক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক আব্দুল মান্নান ৷ মুকলি আলোচনা চক্ৰখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যোতি প্ৰসাদ আগৰৱালাৰ জীয়ৰী জ্ঞানশ্ৰী আগৰৱালা পাঠক, নিৰ্দিষ্ট বক্তা পশ্চিমবংগৰ যাদুবপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট চিন্তাবিদ আব্দুল কাফি ।

কলগাছিয়াত নতুন সাহিত্য পৰিষদৰ দ্বি বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ সফল সামৰণি

লগতে সন্ধিয়াৰ ভাগত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম । উল্লেখ্য যে নতুন সাহিত্য পৰিষদ অসমৰ ৰাজ্যিক সন্মিলন উপলক্ষে কলগাছিয়াৰ প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ এখন "শিপাৰ সন্ধান" নামৰ এখনি গ্ৰন্থ উন্মোচন কৰে জনীয়াৰ বিধায়কগৰাকীয়ে ।

দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলনত ভাগ লৈ প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদে কয়, " নতুন সাহিত্য পৰিষদৰ সমূহ বিষয়ববীয়াসকলক অভিনন্দন জ্ঞাপন কৰিছো ৷ এই ৰাজ্যিক সন্মিলনতে মোৰ সাংবাদিক জীৱনৰ ইতিবৃত্তিৰে "শিপাৰ সন্ধান" নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ বিগত 8 মাহ পৰিশ্ৰমৰ অন্তত ৰচনা কৰি উলিওৱা এই গ্ৰন্থখনত বৃহত্তৰ বৰপেটা জিলাৰ প্ৰায় 30 গৰাকী ব্যক্তিৰ জীৱন বুৰঞ্জীময় সন্নিবিষ্ট কৰিছো"৷

আনহাতে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম এই সন্মিলনত উপস্থিত থাকি কয়," এই সন্মিলনত শনি আৰু দেওবাৰ- এই দুটা দিনত 74 খন গ্ৰন্থ উন্মোচন হৈছে ৷ লেখক-লেখিকাসকলে পৰিশ্ৰম কৰি গ্ৰন্থকেইখন লিখি উলিয়াবলৈ সক্ষম হৈছে ৷ 74 খন গ্ৰন্থৰ ভিচৰত 50 শতাংশ গ্ৰন্থই বৰপেটা জিলাৰ লেখক-লেখিকাসকলে লিখা ৷ এই গ্ৰন্থসমূহ অসমবাসীয়ে আকোৱালি ল’ব বুলি মই আশাবাদী ৷"

লগতে পঢ়ক: New Sahitya Parishad State Conference: কলগাছিয়াত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক অধিবেশনৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.