ETV Bharat / state

Super League football in Dhemaji : ধেমাজিৰ ডেকাপামত ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ শুভাৰম্ভ অনুষ্ঠান

author img

By

Published : Nov 7, 2022, 10:03 AM IST

বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ধেমাজিৰ ডেকাপামত এমএচিৰ চতুৰ্থ সংস্কৰণ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ আৰম্ভণি (Super League football in Dhemaji)৷ টুৰ্ণামেন্টখনৰ বাচনিভূক্ত খেলুৱৈক ৰিলায়েঞ্চ কোম্পানীয়ে সম্পূৰ্ণ তত্বাৱধান ল'ব ৷

Super League football in Dhemaji
ধেমাজিৰ ডেকাপামত ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ আৰম্ভণি

জোনাই, ৭ নৱেম্বৰ : মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত সোতৰ বছৰ অনুৰ্ধ চতুৰ্থ সংস্কৰণ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ দেওবাৰে শুভাৰম্ভ কৰা হয় (Super League football in Dhemaji)। ধেমাজিৰ ডেকাপাম হাইস্কুল(Dekapam High School) খেলপথাৰত শুভাৰম্ভ কৰা অনুষ্ঠানৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে ।

ইয়াৰ পাছতে মিচিঙৰ গুমৰাগ, বড়োৰ বাগুৰুম্বা, সোণোৱাল কছাৰীৰ লেচেৰী, বিহু, গোৰ্খাৰ মাৰুণি ,অৰুণাচল প্ৰদেশৰ গাল' কৃষ্টি দলে নৃত্য প্ৰদৰ্শন কৰে । অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে কয়, সোতৰ বছৰ অনুৰ্ধ (ল'ৰা) এমএচি ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টত যিসকল খেলুৱৈ বাচনিভূক্ত হ'ব তেনে খেলুৱৈসকলক ৰিলায়েঞ্চ কোম্পানীয়ে সম্পূৰ্ণ তত্বাৱধান ল'ব ।

এমএচিৰ(Mising Autonomous Council) সোতৰ বছৰ অনুৰ্ধ (ল’ৰা) ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ শুভাৰম্ভণি খেলখন সুব্ৰত কাপ বিজয়ী বামপথাৰ বেঙেনাবাৰী দল আৰু এমএচিৰ ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত দলৰ মাজত অনুষ্ঠিত কৰা হয় । উদ্ধোধনী খেলখন মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুশীল পেগুয়ে কৰিলে উদ্ধোধন ।

ধেমাজিৰ ডেকাপামত ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ আৰম্ভণি

অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ(Bodo Kachari Welfare Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ব শাসিত পৰিষদসমূহৰ মাজত ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্ট ইতিমধ্যে অনুষ্ঠিত হৈ আহিছে । এতিয়া উপগ্ৰহীয় পদ্ধতিৰে অসমৰ দহখন স্বায়ত্ব শাসিত পৰিষদৰ মাজত ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্ট অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত ল'ব লাগে আৰু এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিলে নিশ্চয় যোগাত্মক ভূমিকা গ্ৰহণ কৰিব বুলি বক্তব্য দাঙি ধৰে ।

দেওবাৰৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাঙে কয় যে এমএচিয়ে শিক্ষা, সংস্কৃতিৰ ক্ষেত্ৰৰ উন্নয়ণৰ বাবে কাম কৰি অহাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ জৰিয়তে উন্নত পৰিৱেশ নিৰ্মাণৰ বাবেও ফলপ্ৰসু প্ৰচেষ্টা হাতত লৈছে ৷ তেখেতে কয়, উঠি অহা প্ৰজন্মৰ মানৱ সম্পদৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্যত এমএচিৰ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টে ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিব (MAC super league football match)।

শুভাৰম্ভণি অনুষ্ঠানত এমএচিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়া, এমএচিৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, কাৰ্যবাহী সদস্য তথা আয়োজক সমিতিৰ সভাপতি নৰেশ কুম্বাং, মলেন্দ্ৰ নাৰ্জাৰী, ভৱানী দুৱৰা, জ'হান দলে, ইন্দিৰা চিন্তে কুম্বাং, টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, এমএমকেৰ উপ-সভাপতি প্ৰেমধৰ দলে, এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি লখেন বসুমতাৰী, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে, এছবি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক সোণেশ্বৰ বসুমতাৰী, ডেকাপাম হাইস্কুলৰ প্ৰধান শিক্ষক হেমধৰ পেগু, এমএচিৰ জিএম ববীকান্ত পেগু, প্ৰতাপ টায়ে, ৰাতিৰাম বসুমতাৰী,আয়োজক সমিতিৰ সম্পাদক বিনেশ পাতিৰ উপস্থিত থাকে ।

উল্লেখ্য যে, উদ্ধোধনী খেলখন ২-২ গ'লৰ ব্যৱধানত ড্ৰ হয় (Football league at Dekapam)।

লগতে পঢ়ক : Assam Book Fair 2022 : ধেমাজি গ্ৰন্থমেলাত অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে আলাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.