ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 28, 2022, 11:03 AM IST

top-10-at-11-am
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Ragging in Dibrugarh University: মুখ্যমন্ত্ৰীৰ টুইটৰ পিছতে আটক চাৰি জেষ্ঠ অভিযুক্ত ছাত্ৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক কাণ্ড ৷ জেষ্ঠ ছাত্ৰৰ প্ৰহাৰত চিকিৎসাধীন এজন ৷ এই ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে টুইট ৷ দোষীক কৰায়ত্ব কৰাৰ লগতে আহত ছাত্ৰজনক উপযুক্ত চিকিৎসাৰ নিৰ্দেশ ৷ ইয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে নিশাই আটক কৰিলে চাৰিজন জেষ্ঠ ছাত্ৰক ৷

Road accident in Tamulpur: তামুলপুৰত কাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন

তামুলপুৰৰ বাৰেইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা ৷ সোমবাৰে পুৱাই সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো ৷ চাৰিচকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ (Road accident in Tamulpur) ৷

Fire at Bihpuria: অগ্নিকাণ্ডত দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ

লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড (Fire at Bihpuria) ৷ বিহপুৰীয়াৰ সন্তপুৰ পাঁচআলিত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত প্ৰায় ৪ খনকৈ দোকান ভস্মীভূত ৷

Jhalak Dikhhla Jaa 10 winner: ঝলক দিখলা জা 10 ৰ বিজয়ী গুৱাহাটীৰ গুঞ্জন সিনহা

গুৱাহাটীৰ 8 বছৰীয়া গুঞ্জন সিনহাই ঝলক দিখলা জা 10 ৰ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিছে । অনুষ্ঠানটো 3 ছেপ্টেম্বৰত 15 জন চেলেব্ৰিটী প্ৰতিযোগীৰ সৈতে প্ৰিমিয়াৰ হৈছিল, য’ত বিচাৰকৰ আসনত আছিল বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু নৃত্যশিল্পী-অভিনেত্ৰী নোৰা ফাতেহী । কৌতুক অভিনেতা মনীষ পলে অনুষ্ঠানটো পৰিচালনা কৰিছিল ।

Road accident in Tezpur: তেজপুৰত পথ দুর্ঘটনাত নিহত দুজন

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাটোত থিতাতে নিহত দুজন লোক ৷

Mukro violence issue: সীমা সমস্যা সমাধানৰ বাবে সকলোকে আগুৱাই অহাৰ আহ্বান প্ৰমোদ বড়োৰ

‘‘যিহেতু আমি একেখন ভাৰত ৰাষ্ট্ৰৰ অধীনতে আছোঁ, গতিকে এই সমস্যাৰ সমাধানৰ বাবে সকলোৱেই ধনাত্মকভাৱে আগবাঢ়িব লাগে । কাশ্মীৰৰ দৰে সমস্যাক সমাধান কৰিব পাৰিছে, তেনে ক্ষেত্ৰত অসমৰ লগত হোৱা মেঘালয়ৰ অথবা অৰুণাচল সমস্যাৰ সমাধান কৰিব নোৱাৰাৰ প্ৰশ্নই থাকিব নোৱাৰে’’ । এইদৰে উল্লেখ কৰি ইয়াৰ বাবে সকলো নেতৃত্বক আগুৱাই আহিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে (BTC chief Pramod Boro) ৷

Theft in Nagaon: নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ

নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নগাঁও চহৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি (Theft continues in Nagaon Town) ৷ দেওবাৰে নিশা নগাঁৱত আন এক চুৰিকাণ্ডৰ ঘটনা ৷ সদৰ আৰক্ষী থানাৰ সমীপৰ বাসগৃহতেই চোৰে চলালে লুটপাত (Theft in Nagaon) ৷

Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক পৰিণতি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত এজন ছাত্ৰ । আহত ছাত্ৰজনক ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমৰ আইচিইউত ভৰ্তি কৰা হৈছে(Aditya Nursing Home in Dibrugarh) ।

FIFA World Cup: স্পেইনৰ বিৰুদ্ধে ড্ৰ’ খেলি নিজৰ সন্মান বচালে জাৰ্মানীয়ে

স্পেইনৰ বিৰুদ্ধে ড্ৰ খেলি এবাৰলৈ নিজকে গ্ৰুপ পৰ্যায়তে যাত্ৰা সামৰাৰ পৰা বচালে জাৰ্মানীয়ে (Spain Germany Football match) ৷ গ’ল শূন্যভাৱেই সমাপ্ত হয় তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন ৷ গ্ৰুপ F ৰ আন এখন খেলত ক্ৰ’ৱেছিয়াই কানাডাক 4-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰে (FIFA World Cup) ৷

Historic Ajapeer Dargah: চাৰি বছৰৰ অন্তত গঠিত পৰিচালনা সমিতিক লৈ অসন্তুষ্টি একাংশৰ

চাৰি বছৰৰ অন্তত গঠন হয় আজানপীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি (New managing committee of historic Ajapeer Dargah) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গঠন হয় নতুন পৰিচালনা সমিতি ৷ তীব্ৰ বাক-বিতণ্ডাৰ মাজতে আমগুৰিৰ নাবাৱ মোস্তাকিম আলীক সম্পাদক আৰু জ্যেষ্ঠ অধিবক্তা, দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য আলহাজ হাৰুন ওল ৰচিদক সভাপতি হিচাপে লৈ নতুন পৰিচালনা সমিতি গঠন কৰা হয় (Ajanpeer Dargah in Sivsagar)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.