ETV Bharat / sports

Fifa World Cup: স্পেইনৰ বিৰুদ্ধে ড্ৰ’ খেলি নিজৰ সন্মান বচালে জাৰ্মানীয়ে

author img

By

Published : Nov 28, 2022, 8:47 AM IST

স্পেইনৰ বিৰুদ্ধে ড্ৰ খেলি এবাৰলৈ নিজকে গ্ৰুপ পৰ্যায়তে যাত্ৰা সামৰাৰ পৰা বচালে জাৰ্মানীয়ে (Spain Germany Football match) ৷ গ’ল শূন্যভাৱেই সমাপ্ত হয় তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন ৷ গ্ৰুপ F ৰ আন এখন খেলত ক্ৰ’ৱেছিয়াই কানাডাক 4-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰে (FIFA World Cup) ৷

FIFA World Cup
FIFA World Cup

নিউজ ডেস্ক, 28 নৱেম্বৰ: কাটাৰত পূৰ্ণোদ্যমে চলি আছে ফিফা বিশ্বকাপ 2022 ৷ বিশ্বৰ 32 খন দেশৰ ফুটবল খেলুৱৈৰ দুভৰিৰ যাদুৱে মুহিছে ফুটবল প্ৰেমীক ৷ বৰ্তমান ফিফাৰ গ্ৰুপ পৰ্যায়ৰ খেল সমূহ খেলাই থকা হৈছে দলমূহৰ মাজত ৷ ইয়াৰ পৰাই আঠটা দল উন্নীত হ’ব কোৱাৰ্টাৰ ফাইনেললৈ (FIFA World Cup) ৷

দেওবাৰে অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ এখন খেলত বেলজিয়ামক 2-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰে মৰক্কোৱে ৷ অতি ৰোমাঞ্চকৰ খেল খনৰ প্ৰথমাৰ্ধত কোনো এটা দলেই গ’ল কৰিবলৈ সক্ষম নহ’ল ৷ কিন্তু কেলৰ দ্বিতীয়াৰ্ধত মৰক্কোৰ হৈ ৰোমেইন ছেইছে 73 মিনিটত প্ৰথমটো গ’ল আৰু ঝাকাৰিয়াই অতিৰিক্ত সময়ত 92 মিনিটত দ্বিতীয়টো গ’ল কৰে ৷ এই বিজয়েৰে গ্ৰুপ F ৰ পইন্ট তালিকাত 4 পইন্টেৰে দ্বিতীয় স্থানত আছে মৰক্কো (FIFA World Cup group F match) ৷

একেদৰে কালি অনুষ্ঠিত গ্ৰুপ F ৰ আন এখন খেলত ক্ৰ’ৱেছিয়াই কানাডাক 4-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰে (Croatia beats Canada) ৷ খেল আৰম্ভ হোৱাৰ পাচতেই কানাডাৰ হৈ আলফানছ’ ডেভিছে 2 মিনিটতে এটা গ’ল দিয়ে ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত ক্ৰ’ৱেছিয়াৰ খেলুৱৈয়ে 4 টাকৈ গ’লেৰে প্ৰত্যুত্তৰ দিয়ে কানাডাক ৷ ক্ৰ’ৱেছিয়াৰ হৈ এন্ড্ৰেজ ক্ৰামাৰিকে 36 মিনিটত এটা আৰু 70 মিনিটত আন এটা গ’ল দিয়ে ৷ একেদৰে মাৰ্কো লিভাজাই 44 মিনিটত এটা গ’ল আৰু লোৱৰো মাজেৰে অতিৰিক্ত সময়ত 94 মিনিটত চতুৰ্থটো গ’ল পৰিশোধ কৰে ৷ ক্ৰ’ৱেছিয়া গ্ৰুপ F ৰ পইন্ট তালিকাৰ শীৰ্ষত আছে ৷

দেওবাৰৰ ফিফাৰ আটাইতকৈ হাই ভল্টেজ খেলখন আছিল গ্ৰুপ E ৰ স্পেইন আৰু জাৰ্মানীৰ মাজত ৷ গ’ল শূন্যভাৱেই সমাপ্ত হয় তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন ৷ অৱশ্যে স্পেইনৰ বিৰুদ্ধে ড্ৰ খেলি এবাৰলৈ নিজকে গ্ৰুপ পৰ্যায়তে যাত্ৰা সামৰাৰ পৰা বচালে জাৰ্মানীয়ে (Spain Germany Football match) ৷ ইয়াৰ পূৰ্ৱে গ্ৰুপ পৰ্যায়ত নিজৰ প্ৰথমখন খেলত জাপানৰ বিৰুদ্ধে পৰাস্ত হৈছিল জাৰ্মানী ৷ স্পেইনে প্ৰথমখন খেলত ক’ষ্টাৰিকাক 7-0 গ’লৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ৷ বৰ্তমান গ্ৰুপ E ৰ পইন্ট তালিকাত 4 পইন্টেৰে শীৰ্ষত আছে স্পেইন আৰু 1 পইন্টেৰে তালিকাৰ শেষত আছে জাৰ্মানী ৷

আজিৰ খেল :

বিয়লি 3.30 বজাৰ পৰা গ্ৰুপ G ৰ কেমেৰুণ বনাম চাৰ্বিয়া

সন্ধিয়া 6.30 বজাৰ পৰা গ্ৰুপ H ৰ দক্ষিণ কোৰিয়া বনাম ঘানা

নিশা 9.30 বজাৰ পৰা গ্ৰুপ G ৰ ব্ৰাজিল বনাম ছুইজাৰলেণ্ড

নিশা 12.30 বজাৰ পৰা গ্ৰুপ H ৰ পৰ্টুগাল বনাম উৰুগুৱে

লগতে পঢ়ক: FIFA World Cup 2022: বেলজিয়ামৰ বিৰুদ্ধে বৃহৎ বিজয় মৰক্কোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.