ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 24, 2022, 7:01 PM IST

Top ten news
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

ৰঙিয়াত একে নিশাই তিনি বন্ধুৰ ৰহস্যজনক মৃত্য

বাইহাটা চাৰিআলিৰ জলসিঞ্চন বিভাগৰ ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৰঙিয়াৰ চাৰিজনকৈ যুৱক । নিশা কৰ্মস্থলীৰ কেম্পৰ ভিতৰতে ইয়াৰে তিনিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় (Three youth found dead in Rangia) । গুৰুতৰভাৱে অসুস্থ অৱস্থাত এজন যুৱকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিশেষ বঁটা বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকলৈ

বিধানসভা নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক বিশেষ বঁটা ৰাজ্যিক নিৰ্বাচন আয়োগৰ (Election Commission's special award to Barpeta ADC) । মুঠ ২৭ গৰাকী বিষয়াক নিৰ্বাচনী কাম-কাজ পৰিচালনাৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে বিশেষ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে ৷

Assam Arunachal border conflict : তেজপুৰৰ পৰিৱৰ্তে গুৱাহাটীত হ’ব অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বৈঠক

প্ৰথমবাৰৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমা সমস্যাৰ বাবে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব (Assam Arunachal CM to discuss border dispute) । এক উচ্চস্তৰীয় সূত্ৰত জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Bishwa Sarma) আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ (Arunachal CM Pema Khandu)সৈতে সোমবাৰে নিশা গুৱাহাটীত দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ ওপৰত আলোচনাৰ বাবে মিলিত হ’ব ।

ৰাজ্যসভা নিৰ্বাচনত শশী-শ্বেৰমানৰ ভূমিকাই নিৰ্ণয় কৰিব কংগ্ৰেছৰ ভাগ্য

ৰাজ্যসভাত খালী হ’বলগীয়া আসনকলৈ চিন্তিত কংগ্ৰেছ (Tension in congress camp for Rajyasabha election) ৷ এখন আসনত জয়ী হ’বলৈ হ'লে ন্যূনতম ৪২ টা ভোট লাভ কৰিব লাগিব । বিৰোধী শিবিৰত আছে ৪৩ গৰাকী বিধায়ক । এজন প্ৰাৰ্থী জিকিবলৈ প্ৰয়োজন হোৱা ৪২ টা ভোটতকৈ এটা ভোট বেছিকৈহে থকাৰ পিছতো চিন্তিত হৈছে কংগ্ৰেছ ৷

Another police attack on student leader: নগাঁৱৰ পিছতে এইবাৰ কাকপথাৰত ছাত্ৰ নেতাক আক্ৰমণ আৰক্ষীৰ

আৰক্ষীয়ে ছাত্ৰ নেতাক আক্ৰমণ কৰা ঘটনাৰ (Police shooting student leader) বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই একে সময়তে তিনিচুকীয়া জিলাৰ কাকপথাৰত আৰক্ষীয়ে বিনা কাৰণত এজন ছাত্ৰ নেতাক আক্ৰমণ কৰাৰ আন এক অভিযোগ উত্থাপিত হৈছে ৷

গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমলৰ আছিল আৰক্ষীৰ বিষয়া হোৱাৰ সপোন

আৰক্ষীৰ গুলীয়ে ঘুণীয়া কৰিলে লুইতপৰীয়া ডেকাজনক ৷ আৰক্ষীৰ গুলীয়ে ভাঙিলে এটা সপোন ৷ পৰিয়ালৰ মতে তেওঁ আবেদন কৰিছিল আৰক্ষীৰ চাকৰি বিচাৰি কিন্ত, এতিয়া পাইছে আৰক্ষীৰ বন্দুকৰ গুলী (Student Leader Shot by Police in Nagaon) ৷ আহক জানো গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ জীৱনৰ কিছু নজনা কাহিনী (Student leader Kirti Kamal Borah story ) ৷

Criminal arrested by Lakhimpur police: সীমাহীন অপৰাধত অভিযুক্ত গেৰজাইক পুনৰ গ্ৰেপ্তাৰ

আকৌ আৰক্ষীৰ জালত পৰিল প্ৰায় সকলো ধৰণৰ অপৰাধৰ লগতে জড়িত গেৰজাই ওৰফে ৰাজু বৰুৱা (Criminal arrested by Lakhimpur police)৷ এবাৰ আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পিছত ক’ভিডত আক্ৰান্ত অপৰাধীটো আছিল লখিমপুৰ মেডিকেল কলেজত ৷ তাৰ পৰাও পলাই যোৱা গেৰেজাইক সোমবাৰে লখিমপুৰ আৰক্ষীয়ে পুনৰ কৰায়ত্ব কৰে ৷

Encounter in Assam: অসমত এনকাউণ্টাৰৰাজ বন্ধ কৰাৰ দাবী ৰাইজৰ দলৰ

অসমত ভুৱা এনকাউণ্টাৰ চলি থকাৰ অভিযোগ তুলিলে ৰাইজৰ দলে (Encounter in Assam) ৷ এনকাউণ্টাৰৰাজ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে ৰাজনৈতিক দলটোৰ সভাপতি ভাস্কো দি শইকীয়াই ৷ আৰক্ষীৰ গুলীত আহত হোৱা নগাঁৱৰ কীৰ্তিকমল বৰাৰ বাসগৃহত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলটোৰ নেতৃত্বই ৷

গঁড় হত্যা ৰোধ কৰিবলৈ কাজিৰঙাত ব্যৱহাৰ হ’ব কমাণ্ডো বাহিনী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ ৰোধ কৰিবলৈ ব্যৱহাৰ হ’ব কমাণ্ডো বাহিনী ( Commando force to protect rhinos of Kaziranga) । ১৯ জানুৱাৰীৰ নিশা ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীয়ে গুলীবিদ্ধ কৰি খড়্গ লৈ গৈছিল এজনী মাইকী গঁড়ৰ ।

TKAC Election 2022: ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য

ঘোষণা কৰা হ’ল ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (Thengal Kachari Election result) ৷ পৰিষদখনৰ অন্তৰ্গত ৰাজ্যৰ মুঠ 22 টা সমষ্টিৰ 21 টা সমষ্টিত 20 জানুৱাৰীত অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷ ইয়াৰ বিপৰীতে এটা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় প্ৰাৰ্থী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.