ETV Bharat / city

Assam Arunachal border conflict : তেজপুৰৰ পৰিৱৰ্তে গুৱাহাটীত হ’ব অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বৈঠক

author img

By

Published : Jan 24, 2022, 4:23 PM IST

Updated : Jan 24, 2022, 5:22 PM IST

অসম অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে সোমবাৰে নিশা বৈঠকত মিলিত হ’ব দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী (Assam Arunachal CM to discuss border dispute) । কি আলোচিত হ’ব এই বৈঠকত জানো আহক সবিশেষ ৷

Assam Arunachal border conflict
Assam Arunachal border conflict

তেজপুৰ, ২৪ জানুৱাৰী : প্ৰথমবাৰৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমা সমস্যাৰ বাবে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব (Assam Arunachal CM to discuss border dispute) । এক উচ্চস্তৰীয় সূত্ৰত জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Bishwa Sarma) আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ (Arunachal CM Pema Khandu)সৈতে সোমবাৰে নিশা গুৱাহাটীত দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ ওপৰত আলোচনাৰ বাবে মিলিত হ’ব ।

মন কৰিব লগীয়া যে, ৰাজ্য দুখনৰ মাজত ৮০৪.১০ কিলোমিটাৰ দীঘল আন্তঃৰাজ্যিক সীমা আছে । উল্লেখ্য যে, পূৰ্বে ৰাজ্যিক সীমা মীমাংসাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ কৰা পৰিলক্ষিত হয় ৷ এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীত অনুষ্ঠিত বৈঠকৰ পিছত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত ৰাজ্যৰ ভিতৰতে দুয়োজন মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব ।

অৱশ্যে, অসম আৰু অৰুণাচল প্ৰদেশৰ বিশ্বনাথ জিলাৰ বিহালি আৰু তাৰ পিছত লখিমপুৰ জিলাৰ তাঁৰাছু অঞ্চলত এই ভূমি বিবাদৰ (Assam Arunachal land dispute) বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ সময়ত ব’ৰ্ডাৰ আউটপোষ্ট স্থাপন কৰা হৈছিল । আনহাতে, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত এই সীমা-সমস্যাৰ সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ত এক গোচৰ Suit No. 1/1989 বিচাৰাধীন হৈ আছে ।

উল্লেখযোগ্য যে, বিশ্বনাথ জিলাৰ বিহালি সংৰক্ষিত বনাঞ্চলৰ কেবা হেক্টৰ ভূমি অৰুণাচল প্ৰদেশৰ আগ্ৰাসনত আছে আৰু লখিমপুৰ জিলাৰ তাঁৰাছু অঞ্চলৰ ভূমিকলৈ এক জটিল সমস্যা অব্যাহত আছে । এতিয়া সোমবাৰে অনুষ্ঠিত হ’ব লগীয়া বৈঠকখনত এই সকলো সমস্যাৰ সমাধানৰ সূত্ৰ দুয়োজন মুখ্যমন্ত্ৰীয়ে কেনেদৰে প্ৰদান কৰিব সেয়াহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

Last Updated :Jan 24, 2022, 5:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.