বহিঃৰাজ্যত ৰহস্যজনকভাৱে নিৰুদ্দেশ টেঙাখাতৰ বোৱাৰী - Woman Missing - WOMAN MISSING
🎬 Watch Now: Feature Video

Published : May 31, 2024 at 7:12 PM IST
ডিব্ৰুগড়, 31 মে’ : এইবাৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ বোৱাৰী ৷ ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ এগৰাকী বোৱাৰী বহিঃৰাজ্যত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি 15 মে'ত মহাৰাষ্ট্ৰৰ পুনেৰ এটা ভাৰাঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে টেঙাখাতৰ কপৌহুৱা অঞ্চলৰ 22 বছৰীয়া বোৱাৰীগৰাকী ৷ স্বামীৰ লগত কৰ্মসূত্ৰে বিগত 10 মাহ ধৰি মহাৰাষ্ট্ৰৰ পুনেৰ এটা ভাৰাঘৰত তিনিবছৰীয়া সন্তানৰ সৈতে বসবাস কৰি আছিল মহিলাগৰাকীয়ে ৷
স্বামীয়ে জনোৱা অনুসৰি 15 মে’ৰ দুপৰীয়া ভাৰাঘৰটোৰ পৰাই নিৰুদ্দেশ হৈ আছে বোৱাৰীগৰাকী ৷ মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ 16 দিন অতিক্ৰম কৰাৰ পাচতো কোনো ধৰণৰ শুংসূত্ৰ ওলোৱা নাই ৷ ফলত পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে মহাৰাষ্ট্ৰৰ স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে টেঙাখাত আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছে ৷ ঘটনা সন্দৰ্ভত অঞ্চলৰ ৰাইজ একত্ৰিত হৈ টেঙাখাত আৰক্ষী থানাৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীক বিষয়টোত হস্তক্ষেপ কৰি বোৱাৰীগৰাকীক উদ্ধাৰ কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছে ৷
লগতে পঢ়ক : মোৰ যদি নোহোৱা, কাৰোৰে হ’বলৈ নিদিও... প্ৰেম প্ৰত্যাখ্যানৰ অভিযোগত যুৱতীক প্ৰাণে মৰাৰ চেষ্টা - Stabbing In Guwahati