ETV Bharat / state

ৰঙিয়াত একে নিশাই তিনি বন্ধুৰ ৰহস্যজনক মৃত্য

author img

By

Published : Jan 24, 2022, 5:13 PM IST

বাইহাটা চাৰিআলিৰ জলসিঞ্চন বিভাগৰ ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৰঙিয়াৰ চাৰিজনকৈ যুৱক । নিশা কৰ্মস্থলীৰ কেম্পৰ ভিতৰতে ইয়াৰে তিনিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় (Three youth found dead in Rangia) । গুৰুতৰভাৱে অসুস্থ অৱস্থাত এজন যুৱকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ।

rangia-youth-found-dead-under-suspicious-condition
ৰঙিয়াত একে নিশাই তিনি বন্ধুৰ ৰহস্যজনক মৃত্য

বাইহাটা, ২৪ জানুৱাৰী : এক চাঞ্চল্যকৰ ঘটনাৰ সাক্ষী হ’ল ৰঙিয়া নগৰ ৷ এটা নিশাতেই ৰঙিয়াৰ তিনিজনকৈ যুৱকৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে বহন কৰিছে তাৎপৰ্য (Rangia youth found dead under suspicious condition) । জানিব পৰা মতে, বাইহাটা চাৰিআলিৰ জলসিঞ্চন বিভাগৰ ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৰঙিয়াৰ চাৰিজনকৈ যুৱক । নিশা কৰ্মস্থলীৰ কেম্পৰ ভিতৰতে ইয়াৰে তিনিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ।

ইয়াৰ লগতে, গুৰুতৰভাৱে অসুস্থ অৱস্থাত এজন যুৱকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত । এই ঘটনাকলৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত । ৰঙিয়া আৰক্ষীৰ সহযোগত বাইহাটা আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰিছে যুৱককেইজনক (Three youth found dead in Rangia) । মৃত যুৱককেইজনক ৰঙিয়া তেৰেকুছিৰ বাবুল আলী, নিতেনি গাঁৱৰ মজাফৰ হুছেইন আৰু ধূহিৰ ৰাতুল আলী বুলি চিনাক্ত কৰা হৈছে ।

ৰঙিয়াত একে নিশাই তিনি বন্ধুৰ ৰহস্যজনক মৃত্য

গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে চফিকুল আলী নামৰ আন এজন যুৱক । কি পৰিস্থিতিত এটা নিশাতেই একেলগতে এই যুৱক কেইজনৰ মৃত্যু হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰাৰ বাবে সোনকালেই উত্তৰ পোৱাৰ আশা কৰিছে সচেতন ৰাইজে ৷

লগতে পঢ়ক : গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমলৰ আছিল আৰক্ষীৰ বিষয়া হোৱাৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.