ETV Bharat / state

গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমলৰ আছিল আৰক্ষীৰ বিষয়া হোৱাৰ সপোন

author img

By

Published : Jan 24, 2022, 3:52 PM IST

Updated : Jan 24, 2022, 4:00 PM IST

আৰক্ষীৰ গুলীয়ে ঘুণীয়া কৰিলে লুইতপৰীয়া ডেকাজনক ৷ আৰক্ষীৰ গুলীয়ে ভাঙিলে এটা সপোন ৷ পৰিয়ালৰ মতে তেওঁ আবেদন কৰিছিল আৰক্ষীৰ চাকৰি বিচাৰি কিন্ত, এতিয়া পাইছে আৰক্ষীৰ বন্দুকৰ গুলী (Student Leader Shot by Police in Nagaon) ৷ আহক জানো গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ জীৱনৰ কিছু নজনা কাহিনী (Student leader Kirti Kamal Borah story ) ৷

student-leader-kirti-kamal-borah-story
গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমলৰ আছিল আৰক্ষীৰ বিষয়া হোৱাৰ সপোন

নগাঁও, 24 জানুৱাৰী : শেহতীয়াকৈ পোহৰলৈ আহিছে গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এখন ফটো (Student leader Kirti Kamal Borah) ৷ ফটোখন ২০১৯ চনৰ এখন ফটো । সেই সময়ত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল এইজন কীৰ্তিকমল বৰা । সেই সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি গঢ়ি উঠিছিল আন্দোলন । সমগ্ৰ ৰাজ্যৰ ছাত্ৰ সমাজৰ দৰেই কীৰ্তিকমল বৰাইয়ো অংশগ্ৰহণ কৰিছিল আন্দোলনত। হাতত এখন প্লে কাৰ্ড, য’ত লিখা আছিল " লুইতপৰীয়া ডেকা মই, মৰিবলৈ নাই ভয় ।''

গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমলৰ আছিল আৰক্ষীৰ বিষয়া হোৱাৰ সপোন

মৰিবলৈও ভয় নকৰা কীৰ্তিকমল বৰা নামৰ এই ডেকা ল'ৰাজনেই এতিয়া ঘুণীয়া হ'ল নগাঁও আৰক্ষীৰ বন্দুকৰ গুলীত । শনিবাৰে, সন্ধিয়া মাকৰ ঔষধ আনিবলৈ ঘৰৰ পৰা ওলাই যোৱা কীৰ্তিকমল ঔষধ লৈ ঘৰ পোৱাৰ বিপৰীতে পালেগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় । ঔষধ লৈ ঘৰ উভতাৰ সময়তেই ঘটিল অঘটনটো। ঘৰৰ সমীপতে আৰক্ষীৰে বাক বিতণ্ডাত লিপ্ত হোৱা কীৰ্তিকমলৰ সোঁ ভৰি হঠাৎ ভেদিলে আৰক্ষীৰ গুলীয়ে (Student Leader Shot by Police in Nagaon) ৷

লুইতপৰীয়া এইজন কীৰ্তিকমল বৰাই সপোন দেখিছিল আৰক্ষী বিষয়া হোৱাৰ । মেধাবী কীৰ্তিকমলক লৈ পৰিয়ালৰো আছিল সপোন। কিন্তু আজি সকলো সপোন যেন ভাঙি চুৰমাৰ কৰিলে আৰক্ষীৰ এটা গুলীয়ে ।

আৰক্ষীৰ গুলীত আহত কীৰ্তিকমল বৰাৰ বিৰুদ্ধে ড্ৰাগছ সেৱনৰ অভিযোগ উত্থাপন কৰিছিল আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ এই অভিযোগ কোনো কাৰণতেই মানি ল'ব পৰা নাই কীৰ্তিকমল বৰাৰ পৰিয়াল তথা নগাঁওবাসীয়ে । ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিবাদৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তদন্ত । এতিয়া উৰহী গছৰ ওৰ ওলোৱালৈ আমি ৰ’ব লাগিব তদন্ত প্ৰক্ৰিয়াৰ সমাপ্তিলৈকে ৷ হয়তো সময়েহে উত্তৰ দিব কোন সঁচা আৰু কোন মিছা ৷

লগতে পঢ়ক : Nagaon police encounter: কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী আছুৰ

Last Updated :Jan 24, 2022, 4:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.