ETV Bharat / state

TKAC Election 2022: ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য

author img

By

Published : Jan 24, 2022, 5:42 PM IST

ঘোষণা কৰা হ’ল ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (Thengal Kachari Election result) ৷ পৰিষদখনৰ অন্তৰ্গত ৰাজ্যৰ মুঠ 22 টা সমষ্টিৰ 21 টা সমষ্টিত 20 জানুৱাৰীত অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷ ইয়াৰ বিপৰীতে এটা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় প্ৰাৰ্থী ৷

TKAC Election 2022
ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনত বিজেপিৰ জয় ঝংকাৰ

নিউজ ডেস্ক: সোমবাৰে ফলাফল ঘোষণা হ’ল ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (Thengal Kachari Election result) ৷ 20 জানুৱাৰীত পৰিষদৰ মুঠ 22 টা সমষ্টিৰ 21 সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ লখিমপুৰ আৰু গোলাঘাট জিলাৰ লগতে তিতাবৰ মহকুমাত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে শাসকীয় বিজেপি দলে (BJP won in Thengal Kachari Autonomous Council Election) ৷

লখিমপুৰ: লখিমপুৰ জিলাৰ ৫ টা সমষ্টিৰ ৪ টাত বিজেপি আৰু এটা সমষ্টি অগপই দখল কৰে । জিলাখনত ধূলিসাৎ হ’ল বিৰোধী দল কংগ্ৰেছ । লখিমপুৰত থকা পৰিষদখনৰ ১৬ নং বঙালমৰা সমষ্টিত বিজেপিৰ লেখন বৰাই নিৰ্দলীয় প্ৰাথীজনক ২৯৭ টা ভোটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে ৷ ১৭ নং পাভ সমষ্টিত বিজেপিৰ কেশৱ নেওগে নিকটতম প্ৰতিদ্বন্দ্বী প্ৰার্থীক ৮২ টা ভোটত পৰাস্ত কৰি বিজয় মাল্য ধাৰণ কৰে ।

১৮ নং লখিমপুৰ সমষ্টিত ১২৯ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে বিজেপিৰ জ্যোতি বৰা শইকীয়াই । ১৯ নং সমষ্টিত বিজেপিৰ কেশৰাম বৰাই নিকটতম প্ৰতিদ্বন্দ্বী প্ৰার্থীক ৪৩৭ টা ভোটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে । ২০ নং জকাইপেলোৱা সমষ্টিত বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাথী ধনেশ্বৰ হাজৰিকাই ৩১৯ টা ভোটত বিৰোধী দলৰ প্ৰাৰ্থীক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে ।

ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনত বিজেপিৰ জয় ঝংকাৰ

গোলাঘাট: গোলাঘাটত ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত চাৰিটা সমষ্টিতৰ দুটা সমষ্টিত বিজেপি মিত্ৰজোঁট, এটা কংগ্ৰেছ আৰু আনটো অগপ মিটজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ ১৫ নং চাউদাংপথাৰ দৈয়াং সমষ্টিত বিজেপিৰ পদ্মেশ্বৰ শইকীয়াই ৪৯২ টা ভোটত জয়লাভ কৰে । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ উৎপল ঠেঙালে ১১৩৬ টা ভোট লাভ কৰে ।

১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত বিজেপিৰ হৰপ্ৰভা ঠেঙালে ৪১৩ টা ভোটত জয়লাভ কৰে । প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে সৰ্বমুঠ ২৬৯৩ টা ভোট ৷ কংগ্ৰেছৰ বিপিন বৰাই লাভ কৰে ২,২৭৭ টা ভোট । ১৩ নং কাছমাৰী সমষ্টিত অসম গণ পৰিষদৰ শিখামনি ঠেঙাল বৰুৱাই ৩০১ টা ভোটত জয়লাভ কৰে । তেওঁ ১১৭৮টা ভোট লাভ কৰে । কংগ্ৰেছৰ জাহ্নৱী শইকীয়াই ৮৭৭ টা ভোট লাভ কৰে । নিৰ্দলীয় প্ৰাৰ্থী পৰীস্মিতা ঠেঙালে লাভ কৰে ৬৭৬ টা ভোট । ১৪ নং চাউদাংপথাৰ সমষ্টিত কংগ্ৰেছৰ ছায়া ঠেঙালে ৯৭৬ টা ভোটত জয়লাভ কৰে । তেওঁ ২১৩৯টা ভোট লাভ কৰে । বিজেপিৰ স্মৃতিৰেখা ঠেঙালে লাভ কৰে ১১৬৩ টা ভোট । ইয়াৰ বিপৰীতে চি পি আই দলৰ ভাস্কৰ ঠেঙালে লাভ কৰে ১০৭ টা ভোট ।

তিতাবৰ: তিতাবৰত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ তিতাবৰ মহকুমাৰ ১০ টা পৰিষদীয় সমষ্টিৰ ভোট গণনাৰ অন্তত ৭ টা সমষ্টি মিত্ৰজোঁটৰ হাতলৈ যোৱাৰ বিপৰীতে ২ টা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু এখন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয় । পৰিষদখনৰ ১০ টা সমষ্টিৰ ৬ টা সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হয় আৰু এখন আসনতে ক্ষান্ত থাকিবলগীয়া হয় অগপ । বিজেপি দলৰ প্ৰাৰ্থী বিপুল কছাৰী ১ নম্বৰ নগাবাট সমষ্টি, প্ৰতাপ কছাৰী ৩ নম্বৰ মাধৱপুৰ সমষ্টি, কুমুদ কছাৰী ৮ নম্বৰ বৰুৱাজান সমষ্টি, শ্যামল কৃষ্ণ বৰা ৯ নম্বৰ জালুকনিবাৰী সমষ্টি, বন্তি শইকীয়া ৬ নম্বৰ তিতাবৰ সমষ্টি আৰু পুলক কছাৰী ৭ নম্বৰ চামগুৰি সমষ্টিৰ পৰা জয়ী হয় ।

আনহাতে কংগ্ৰেছ দলৰ অচিন্ত্য শইকীয়া ৫ নম্বৰ দিহিঙিয়া সমষ্টি আৰু লক্ষেশ্বৰ শইকীয়া ১০ নম্বৰ তামুলবাৰী সমষ্টিৰ পৰা জয়ী হয় । ইয়াৰ বিপৰীতে অগপৰ পূৰ্ণ বড়াই দলটোৰ অস্তিত্ব ৰক্ষা কৰি ৪ নম্বৰ ফুলবাৰী সমষ্টিত জয়ী হ'বলৈ সক্ষম হয় । ২ নম্বৰ বৰহোলা সমষ্টিত জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়া ।

লগতে পঢ়ক: ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.