ETV Bharat / state

Another police attack on student leader: নগাঁৱৰ পিছতে এইবাৰ কাকপথাৰত ছাত্ৰ নেতাক আক্ৰমণ আৰক্ষীৰ

author img

By

Published : Jan 24, 2022, 1:21 PM IST

নগাঁৱৰ ঘটনাৰ পিছত এইবাৰ কাকপথাৰত ছাত্ৰ নেতাক শাৰীৰিক আক্ৰমণ অসম আৰক্ষীৰ বিষয়াৰ ৷ এনকাউন্টাৰৰ পৰিকল্পনা কৰাৰো অভিযোগ পৰিয়ালৰ (Attempt to encounter allegation against police officer) ৷

নগাঁৱৰ পিছতে এইবাৰ কাকপথাৰত ছাত্ৰ নেতাক আক্ৰমণ আৰক্ষীৰ
Attack on student leader: নগাঁৱৰ পিছতে এইবাৰ কাকপথাৰত ছাত্ৰ নেতাক আক্ৰমণ আৰক্ষীৰ

শদিয়া, 24 জানুৱাৰী : আৰক্ষীয়ে ছাত্ৰ নেতাক আক্ৰমণ কৰা ঘটনাৰ (Police shooting student leader) বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই একে সময়তে তিনিচুকীয়া জিলাৰ কাকপথাৰত আৰক্ষীয়ে বিনা কাৰণত এজন ছাত্ৰ নেতাক আক্ৰমণ কৰাৰ আন এক অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা মনোজ তালুকদাৰক গাড়ীৰে গৈ থকাৰ অৱস্থাত কোনো কথাৰ অৱতাৰণা নকৰাকৈ তিনিচুকীয়া ডিএচপি হেমন্ত বড়োই তীব্ৰ প্ৰহাৰ কৰে ৷

Attack on student leader: নগাঁৱৰ পিছতে এইবাৰ কাকপথাৰত ছাত্ৰ নেতাক আক্ৰমণ আৰক্ষীৰ

ইয়াৰ সমান্তৰালভাবে "পলা পলা, ফুট, দৌৰ মাৰ" ইত্যাদি কথাৰে ছাত্ৰ নেতাজনক ভাবুকিও প্ৰদান কৰে বিষয়া গৰাকীয়ে ৷ ইয়াৰ পিছতে পলাবলৈ দি পিছৰ পৰা গুলী কৰাৰ পৰিকল্পনা কৰা বুলি সন্দেহ হয় ছাত্ৰ নেতা গৰাকীৰ (Attempt to encounter allegation against police officer) ৷ ছাত্ৰ নেতাজনক আৰক্ষী বিষয়াজনে এনকাউন্টাৰ কৰাৰ পৰিকল্পনা কৰা বুলিও পৰৱৰ্তী সময়ত সন্দেহ প্ৰকাশ কৰে মনোজ তালুকদাৰৰ লগতে পৰিয়ালৰ লোকে ৷ এই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্য বিৰাজ কৰাৰ লগতে ইয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷

ঘটনাটো সংঘটিত কৰা আৰক্ষী বিষয়া গৰাকীয়ে অতি সোনকালে ক্ষমা খোজাৰ দাবী জনাইছে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা আন-আন দল সংগঠনে (Regional organizations condemns attack on student leader) ৷ এইদৰে বিনা কাৰণত এগৰাকী ছাত্ৰ নেতাক মাৰপিট কৰাক লৈ এতিয়া ক্ষুন্ন হৈ পৰিছে কাকপথাৰ তথা তিনিচুকীয়া জিলাবাসী ৷

লগতে পঢ়ক : Nagaon police encounter: কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.