ETV Bharat / state

Encounter in Assam: অসমত এনকাউণ্টাৰৰাজ বন্ধ কৰাৰ দাবী ৰাইজৰ দলৰ

author img

By

Published : Jan 24, 2022, 4:45 PM IST

অসমত ভুৱা এনকাউণ্টাৰ চলি থকাৰ অভিযোগ তুলিলে ৰাইজৰ দলে (Encounter in Assam) ৷ এনকাউণ্টাৰৰাজ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে ৰাজনৈতিক দলটোৰ সভাপতি ভাস্কো দি শইকীয়াই ৷ আৰক্ষীৰ গুলীত আহত হোৱা নগাঁৱৰ কীৰ্তিকমল বৰাৰ বাসগৃহত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলটোৰ নেতৃত্বই ৷

Encounter in Assam
অসমত এনকাউণ্টাৰৰাজ বন্ধৰ দাবী ৰাইজৰ দলৰ

নগাঁও, 24 জানুৱাৰী: শনিবাৰে সন্ধিয়া মাতৃৰ ঔষধ আনিবলৈ গৈ আৰক্ষীৰ গুলীত আহত হোৱা নগাঁও চহৰৰ কচলুখোৱাৰ কীৰ্তিকমল বৰা(Encounter in Nagaon)ৰ বাসগৃহত সোমবাৰে পুৱাই উপস্থিত হয় ৰাইজৰ দলৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ এটা দল । ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো দি শইকীয়াৰ নেতৃত্বত কীৰ্তিকমল বৰাৰ বাসগৃহত উপস্থিত হৈ দলটোৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰে কীৰ্তিকমল বৰাৰ পৰিয়ালৰ লোকক । পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও মন্তব্য কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো দি শইকীয়াই (Raijor Dal on Nagaon encounter)।

অসমত এনকাউণ্টাৰৰাজ বন্ধৰ দাবী ৰাইজৰ দলৰ

আৰক্ষীৰ গুলীত আহত কীৰ্তিকমল বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায় ৰাইজৰ দলে । কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাক লৈ চৰকাৰে আয়ুক্ত পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে যদিও হ’বলগীয়া তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ দলে । আমোলাৰ দ্বাৰা নিৰপেক্ষ তদন্ত নহয় বুলি দাবী কৰি কীৰ্তিকমল বৰাক গুলীওৱাৰ ঘটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে ৰাইজৰ দলৰ নেতা ভাস্কো দি শইকীয়াই (Raijar Dal demands probe of Nagaon encounter) ।

অসমত ভুৱা এনকাউণ্টাৰ চলি থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি অসমত এনকাউণ্টাৰৰাজ বন্ধ কৰাৰ দাবীও উত্থাপন কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে । এনকাউণ্টাৰৰ নামত বহু অসমীয়া যুৱকৰ জীৱন ধ্বংস কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাইজৰ দলে ।

লগতে পঢ়ক: চাকৰি দিম বুলি মামাই নিবনুৱাক দিছে বন্দুকৰ গুলী : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.