ETV Bharat / city

চাকৰি দিম বুলি মামাই নিবনুৱাক দিছে বন্দুকৰ গুলী : ভূপেন বৰা

author img

By

Published : Jan 24, 2022, 12:52 PM IST

মামাৰ পৰা অসমৰ অসমীয়া নিবনুৱাই চাকৰি আশা কৰিছিল, কিন্তু চাকৰিৰ নামত এতিয়া পাইছে বন্দুকৰ গুলী ৷ এই মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ নগাঁৱৰ গুলীবিদ্ধ ছাত্ৰ নেতাৰ ঘৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চোকা সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Bhupen Borah condemns Nagaon police encounter incident) ৷

bhupen-borah-condemns-cm-himanta-for-nagaon-shooting-case
চাকৰি দিম বুলি মামাই নিবনুৱাক দিছে বন্দুকৰ গুলী : ভূপেন বৰা

নগাঁও, 24 জানুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দেওবাৰে সন্ধিয়া ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ ঘৰত উপস্থিত হৈ পৰিয়ালয়ৰ সৈতে মত-বিনিময় কৰি দুখৰ সমভাগী হয় । ইয়াৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, অসমত এতিয়া পুলিচীৰাজ চলিছে (Bhupen Borah condemns Nagaon police encounter incident)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুলিচক মৃত্যুযজ্ঞ পাতিবলৈ অনুমতি দিছে (APCC condemns CM himanta for Nagaon shooting case) । প্ৰতিদিনে ড্ৰাগছ সৰৱৰাহী কৰায়ত্ত কৰাৰ নামত নীৰিহ লোকক হাৰাশাস্তি কৰাই ভূৱা এনকাউন্টাৰ কৰি গৈছে।

তেওঁ কয়, মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশত প্ৰতিদিনে যিকোনো উপায়ে এটাকৈ এনকাউন্টাৰ সংঘটিত কৰাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে অসম পুলিচ । মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী অধীক্ষক আৰু থানাৰ অ' চিক মাতি নি যি ক্ষমতা দিছে, তাৰ বাবে হয়তো একাংশ মাতাল পুলিচে অসমীয়া লোকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰিবলৈ সুবিধা পাইছে। যাৰ ফলত নগাঁৱৰ এই গৰাকী দুখীয়া শিক্ষিত যুৱকক বিনা কাৰণত গুলিয়াই এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবলৈ নগাঁও আৰক্ষীয়ে চেষ্টা চলাইছে ।

চাকৰি দিম বুলি মামাই নিবনুৱাক দিছে বন্দুকৰ গুলী : ভূপেন বৰা

তেওঁ কয়, আৰক্ষীয়ে এতিয়া প্ৰকৃত ঘটনাৰ গাপ দিবলৈ মিছাৰ আশ্ৰয় লৈ কীৰ্তি কমলক দোষী সজাব বিচাৰিছে । কিন্তু নগাঁৱৰ ৰাইজে যুৱকজনৰ হৈ বিভিন্ন ধৰণে প্ৰতিবাদ কৰি এটা কথা প্ৰমাণ কৰি দিছে যে যুৱকজন নিৰ্দোষী ।

যদিহে নগাঁৱৰ ৰাইজৰ প্ৰতি পুলিচৰ বিশ্বাস আছে, তেন্তে পুলিচ তথা অসম চৰকাৰে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি যুৱকজনক গুলিওৱা (Student Leader Shot by Police in Nagaon) প্ৰদীপ বণিয়া নামৰ আৰক্ষী জনৰ বিৰুদ্ধে কঠোৰ শাস্তি দিয়ক । ইয়াত তদন্ত কৰাৰ প্ৰয়োজন ক'ত। কিয় তদন্ত কৰিবলৈ সাত দিনৰ সময় লাগে বুলি প্ৰশ্ন কৰি ভূপেন বৰাই কয়, তদন্তৰ নামত প্ৰকৃত ঘটনাটোক বিকৃত নকৰি নগাঁৱৰ ৰাইজক অতিষ্ঠ কৰি পৰিস্থিতি বেয়া কৰিব নালাগে ।

দৈনিক টিউচন কৰি পৰিয়াল চলোৱা ভুক্তভোগী পৰিয়ালটোক যদিহে অসম চৰকাৰ বা আৰক্ষীয়ে ন্যায় নিদিয়ে, তেন্তে অসম প্ৰদেশ কংগ্ৰেছে আইনী সাহাৰ্য প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যাক্ত কৰে। তেওঁ ৰাজ্যৰ আইন-শৃংখলা চম্বালিবলৈ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি কয়, মামাৰ পৰা অসমৰ অসমীয়া নিবনুৱাই চাকৰি আশা কৰিছিল, কিন্তু চাকৰিৰ নামত এতিয়া পাইছে বন্দুকৰ গুলী ।
লগতে পঢ়ক : স্থানীয় ব্যক্তি হ’ব মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.